কংগ্ৰেছে কাটি ল’লে পাকিস্তানক লৈ ব্যস্ত হোৱাৰ বাট
অসমৰ ৰাজনৈতিক কথা-কাণ্ডবিলাক আগন্তুক ডেৰ-দুটা মাহৰ ভিতৰত আৰু অধিক স্পৰ্শকাতৰ হোৱাৰ এক ইংগিত পোৱা গৈছে৷ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু বাতাৱৰণে তাৰেই ইংগিত বহন কৰিছে৷ সাধাৰণতে ভোটৰ সময় ওচৰ চাপি অহাৰ লগে লগে ভাৰতীয় ৰাজনীতিত স্বাভাৱিকতে বতাহ গৰম হৈ উঠে৷ সেয়া একপ্ৰকাৰ পৰম্পৰাস্বৰূপ, সেয়া লাগিলে দেশৰ সাধাৰণ নিৰ্বাচনেই হওক বা কোনো এখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনেই হওক৷
কিন্তু অসমৰ এইবাৰৰ ছবিখন যেন আনতকৈ পৃথক! অন্ততঃ শেহতীয়া ঘটনাক্ৰমে তেনেকুৱা এটাই ৰূপ দেখুৱাইছে৷ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয়নে নহয় তাকে লৈ বিগত প্ৰায় এটা বছৰে চৰ্চা চলি আছিল আৰু অৱশেষত জ্জ্ব ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে কিছুমান তথ্যপাতি দাখিল কৰি তেওঁক ভাৰতবিৰোধী আৰু পাকিস্তানপ্ৰেমীৰূপে প্ৰতিপন্ন কৰাৰ চেষ্টা চলালে৷ সমানে সমানে গৌৰৱ গগৈয়েও প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা চলালে৷ সাধাৰণ ৰাইজে দুয়োৰে কথাখিনি তুলাচনীত তুলি জোখমাখ কৰিলে৷ সিদ্ধান্ত কিন্তু একো নোলাল৷ গোটেই বিষয়টো একপ্ৰকাৰ ধঁুৱলী-কুঁৱলীয়েই হৈ থাকিল৷ কাৰ ওজন বেছি তাকে লৈ দুয়োফালৰ সমৰ্থক বা অনুগামীসকলৰ মাজত চৰ্চা আকৌ চলিল৷ নিশ্চিতভাৱে এই চৰ্চা তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে ৰাজ্যৰ বিধানসভা নিৰ্বাচনটো পাৰ হৈ নাযায়৷ গৌৰৱ গগৈ দোষী নে নিৰ্দোষী সেয়া নি(য় পাছত হ’ব, সদ্যহতে নিৰ্বাচন পাৰ নোহোৱাপৰ্যন্ত যে ইয়েই অসমৰ ভোটৰ ৰাজনীতিৰ প্ৰধান বিষয় হ’ব, সেয়া কিন্তু নিশ্চিত৷ বিষয়টো নিৰ্বাচনপৰ্যন্ত যে কেৱল পাকিস্তানকেন্দ্ৰিক হৈয়ে নাথাকিব তাৰো ইংগিত পোৱা গৈছে৷ ই পৰ্যবসিত হ’ব পাৰে ধৰ্মলৈও৷ হয়তো অসমৰ নিৰ্বাচনী ইতিহাসত ২০২৬ৰ নিৰ্বাচনটোতেই এক বহুচৰ্চিত বিষয় হ’ব ধৰ্ম৷ ইতিমধ্যে গৌৰৱ গগৈৰ নাবালক সন্তান দুটিৰ ধৰ্মক লৈ মুখ্যমন্ত্ৰী বা বিজেপিয়ে প্ৰশ্ন তোলাৰ পাছত গৌৰৱ গগৈয়েও মুখ্যমন্ত্ৰীৰ সন্তানক লৈ বিভিন্ন কথা ক’ব পাৰে আৰু তাৰ বাবে তেওঁক বাধ্য নকৰাবলৈ একপ্ৰকাৰ সকীয়নিও দিছে মুখ্যমন্ত্ৰীক৷ এনেবিলাক ঘটনাপ্ৰৱাহে ইংগিত ভালকৈয়ে দিছে আহি থকা এটা বা ডেৰটা মাহত আৰু কি কি ঘটিব পাৰে৷
সাধাৰণতে ৰাজ্য এখনৰ নিৰ্বাচনৰ পূৰ্বে বিকাশ, উন্নয়ন, ভৱিষ্যতৰ কৰ্মসূচী আদি বিষয়ক লৈ মানুহৰ মাজত আলোচনা-বিলোচনা কেন্দ্ৰীভূত হৈ থাকে৷ সেইমতেই ভোটৰ ভাগ-বাটোৱাৰা হয়৷ কোনোবা শাসনত বহে আৰু কোনোবা বিৰোধীত৷ কিন্তু এইবাৰ তেনেকুৱা হোৱা নাই আৰু আহি থকা দিনবোৰত হোৱাৰ সম্ভাৱনাও নাই৷ এইবাৰ নিৰ্বাচনৰ বিষয় মূলতঃ দুটাই হ’ব৷ মিঞা আৰু গৌৰৱ গগৈৰ পাকিস্তানৰ লগত সম্পৰ্ক৷ এই দুটাৰ এটাৰো প্ৰতিৰোধ এতিয়ালৈকে শক্তিশালীভাৱে কংগ্ৰেছ দলে কৰিব পৰা নাই৷ আনকি নিজেই ছুপাৰ ফ্লপ শ্ব’ বুলি আখ্যা দিয়া মুখ্যমন্ত্ৰীৰ অভিযোগ বা প্ৰশ্নসমূহৰো পোনপটীয়া আৰু স্পষ্ট উত্তৰ দিয়াৰ পৰা বিৰত আছে গৌৰৱ গগৈ৷ হয়তো তেওঁৰ হাতত উত্তৰ নাই বা তেওঁ সেয়া ক’ব খোজা নাই৷ গৌৰৱ গগৈৰ এনে স্থিতিয়ে আগন্তুক ভোটগ্ৰহণৰ দিনটোলৈকে বিষয়টো ইলাষ্টিকৰ দৰে টানি নিয়াত নিশ্চিতভাৱে বিজেপিক সহায় কৰিব৷ আনহাতে খুব কৌশলীভাৱে এই পাকিস্তান ইছ্যুটোৰ সৈতে সংলগ্ন কৰি পেলোৱা হৈছে ধৰ্ম আৰু নাগৰিকত্বৰ বিষয়টো৷ এই দুটা হৈছে এনেকুৱা দুটা বিষয় যাৰ বাবে মানুহৰ আৱেগ যিকোনো পৰ্যায়লৈ যাব পাৰে৷ গৌৰৱ গগৈ এইক্ষেত্ৰতো বেকফুটত আছে৷ পত্নী-সন্তানৰ নাগৰিকত্ব আৰু সন্তানৰ ধৰ্মক লৈ যিধৰণৰ অভিযোগ উঠিছে, তাক যুক্তি আৰু তথ্যৰে খণ্ডন কৰাত গৌৰৱ গগৈ ব্যৰ্থ হৈছে আৰু সিয়ে তেওঁৰ লগতে তেওঁৰ দলটোকো এই ভোটৰ প্ৰাকমুহূৰ্তত ক্ষতি কৰাৰ আশংকা আছে৷
পাকিস্তানৰে সম্পৰ্কৰ বিষয়টো একেবাৰে ভোটৰ দিনটোলৈকে মুখ্যমন্ত্ৰী বা বিজেপিয়ে টানি নি থাকিব পৰাকৈ বাটটো কিন্তু স্বয়ং গৌৰৱ গগৈয়েই কাটি দিলে৷ গতিকে ভোটৰ এই প্ৰাকমুহূৰ্তত বিষয়টোক লৈ কেৱল গৌৰৱ গগৈয়েই নহয়, সমগ্ৰ কংগ্ৰেছ দলটোৱেই হয়তো ব্যস্ত থাকিবলগীয়া হ’ব পাৰে৷






