Logo
image

এয়া আচলতে বিনাশ

বৰ্তমান অসমৰ ৰাজনৈতিক পৰিৱেশ ইমানেই অৱনমিত  যে ই অসমৰ ৰাজনৈতিক ইতিহাসত ক’লা দিন হিচাপে পৰিচিত হৈ থাকিব৷ কেৱল ক্ষমতা লাভৰ বাবে মানুহ ইমান তললৈ যোৱা হয়তো বিশ্ব ৰাজনৈতিক ইতিহাসতে অতি কম ওলাব৷ দিগ্‌-বিদিক হেৰুৱাই ক্ষমতাৰ লোভত বিশেষকৈ অসমৰ শাসকীয় পক্ষই এইদৰে ৰাজনীতিৰ পথাৰখন কলুষিত কৰিছে যে উঠি অহা প্ৰজন্মই ৰাজনীতিক ঘৃণা কৰিবলৈহে শিকিব৷ ক্ষমতাই মানুহৰ শেষ আকাংক্ষা বা শেষ কৰণীয় হ’ব নোৱাৰে৷ যদি ক্ষমতালোভী অতি দুৰ্দান্ত আৰু লালায়িত হয় সেইসকলৰ হাতত দেশ কেতিয়াও সুৰক্ষিত নহয়৷  তেনে শাসকৰ অধীনত প্ৰজাই ভুল শুদ্ধ বিচাৰ কৰিব নোৱাৰা হৈ পৰে আৰু চকু মুদি শাসকপক্ষক সমৰ্থন কৰে৷ অসমতো ঠিক এনে এটা পৰিস্থিতিৰে অৱতাৰণা হৈছে৷ 

এতিয়া অসমৰ আকাশ-বতাহ ৰাজনৈতিক ঘৃণাৰে পৰিপূৰ্ণ হৈ পৰিছে৷ ক্ষমতা দখল বা অটুত কৰাৰ স্বাৰ্থত বিজেপি দলে ইমান নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে যে তাৰ চৰ্চা কেৱল দেশতে হোৱা নাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এইবোৰৰ চৰ্চা হৈছে৷ অসমৰ বিবেকবান আৰু সচেতন লোক ইয়াৰ ফলত লজ্জানত হ’ব লগা হৈছে৷ ৰাজনীতিৰ নতুন দুৱাৰ সৰ্বকালৰ বাবে বন্ধ কৰাৰ যি অভিসন্ধি বিজেপি দলে আৰম্ভ কৰিছে সেয়া ইতিহাসে ক্ষমাৰ চকুৰে কেতিয়াও নাচায়৷ আহিব লগা দিনত ইয়াৰ যি বিৰূপ প্ৰভাৱ পৰিব সেয়া সৰ্বব্যাপী আৰু সৰ্বস্তৰীয় হোৱাৰ সম্ভাৱনাই প্ৰকট৷ ৰাজনীতি যে এচাম লেতেৰা মনৰ মানুহৰ কদৰ্য অনুশীলন সেয়া প্ৰমাণিত হ’ব৷ 

অসমত বিৰোধী তেনেই শক্তিহীন হোৱাৰ পাছতো বিজেপি দলে কাক ইমান শংকা কৰিছে সেয়া বুজা টান৷ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতি যি ভয়ানক অভিযোগ আনিছে সেয়া কিমান শুদ্ধ আৰু গ্ৰহণযোগ্য ইতিমধ্যে ৰাইজে অনুমান কৰিব পাৰিছে৷ কেৱল গৌৰৱ গগৈৰ ব্যক্তিত্ব জনমানসত হেয় কৰি নিৰ্বাচনত জিকাই যে ইয়াৰ মূল উদ্দেশ্য সেয়া অসমৰ ৰাইজ বাদেই অভিযোগকাৰীয়েও ভালদৰেই জানে৷ নহ’লেনো সংসদত চৰকাৰক প্ৰতিটো কথাতে বাঘৰ দৰে গুজৰি উভতি ধৰিব পৰা অসমৰ একমাত্ৰ সাংসদ গৌৰৱ গগৈৰ ওপৰত পাকিস্তানৰ স’তে সম্পৰ্ক ৰক্ষা কৰাৰ অজুহাতত কাহানিবাই কেন্দ্ৰীয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলেহেঁতেন নে৷ বিগত দহ বছৰে গৌৰৱ গগৈৰ পাকিস্তানেৰে সম্পৰ্কক লৈ সাংসদত একো পৰিৱেশৰ সৃষ্টি হোৱা নাই৷ হেম বৰুৱাৰ পাছতে যিজন অসমীয়া সাংসদে চৰকাৰক কঠোৰ প্ৰশ্ন বাণেৰে থকা-সৰকা কৰিব পাৰিছে সেইজন লোকক পাকিস্তানৰ দৰে এখন বৈৰী ৰাষ্ট্ৰৰে সম্পৰ্ক ৰক্ষা অপৰাধত কাহানিবাই পোতাশালত দিলেহেঁতেন৷ কিন্তু তেনে হোৱা নাই৷ অসমীয়াত কথা এষাৰ আছে —– বাজিব লাগে টেমী কটাৰী, বাজিছে হাঁচটি৷ অসমতো ঠিক তেনেকুৱাই হোৱা যেন অনুভৱ হৈছে৷ যাক লৈ কেন্দ্ৰীয় চৰকাৰ নিৰুদ্বিগ্ন, তেওঁক লৈ আমাৰ অসম চৰকাৰ উত্ৰাৱল হৈ পৰিছে যেন চকুৰ টোপনিও হৰিছে৷ হয়তো এনে শংকাও হ’ব পাৰে যে নিকা আৰু সৎ নেতাৰ নেতৃত্বত কংগ্ৰেছ দলে অসমত হেৰুওৱা জনপ্ৰিয়তা উদ্ধাৰ কৰাত সক্ষম হৈ উঠিলে বিজেপিৰ বাবে ক্ষমতা লাভ অতি কঠিন হৈ পৰিব৷ যিহেতুকে পাকিস্তানৰ  সৈতে গৌৰৱ গগৈৰ কোনো সম্পৰ্ক এতিয়ালৈকে প্ৰমাণিত হোৱা নাই সেয়ে সাধাৰণভাৱেই এই কথাত উপনিত হ’ব পাৰি যে গগৈৰ জনপ্ৰিয়তা আৰু ৰাজনৈতিক অগ্ৰগতি ৰোধ কৰিবলৈকে অসম বিজেপিয়ে গৌৰৱ গগৈৰ পাকিস্তানেৰে সম্পৰ্কৰ অভিযোগ ইমান জোৰদাৰ প্ৰচাৰ চলাইছে৷ 

সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰ মুখ্য ৰাজনৈতিক প্ৰক্ৰিয়া যদিও অসমত এই সাম্প্ৰদায়িক ঘৃণা বিজেপি দলে এনেদৰে বিয়াপাই দিছে যে নতুন প্ৰজন্মৰ বাবে ই এক বিহ জাগৰণলৈ পৰিবৰ্তিত হৈছে৷ ইমান মুকলিকৈ হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰা কাম কোনো চৰকাৰেই আজিকোপতি কৰা নাই, বিজেপি চৰকাৰখনে যোৱা পাঁচটা বছৰত যিমানখিনি কৰিছে৷ প্ৰত্যক্ষভাবে মিঞা বা মুছলমান লোকক ঘৃণা কৰিবলৈ আহ্বান জনোৱা হৈছে৷ ইয়াৰ ফলত অসমৰ সামাজিক পৰিৱেশ এনেদৰে বিঘ্নিত হৈছে যে অনৈক্যৰ মাজত ঐক্য এতিয়া সুদূৰপৰাহত৷ ইয়াৰ ফলত মানুহৰ মনত ঘৃণাই বাহ লৈছে৷  ই ৰাজনীতি নহয়, ই আচলতে বিনাশ৷