Logo
image

লখিমপুৰত নাৰকীয় ধৰ্ষণ! ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়া

আমাৰ অসম, ৭ মে’: লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত চাউলধোৱাৰ থেকেৰাগুৰিত ৯ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, ৪ মে’ মঙলবাৰে বিয়লি প্ৰায় ৩বজাত কিশোৰীগৰাকীৰ মাতৃয়ে বজাৰ কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল৷ কিশোৰীগৰাকীৰ মাতৃ ঘৰৰ পৰা ওলাই যোৱাৰ কিছুসময় পাছতে কেইবাটাও লম্পটে ঘৰলৈ সোমাই আহি কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰে৷ হত্যা কৰাৰ পাছত ঘটনাটো অন্যৰূপ দিবলৈ কিশোৰীগৰাকীক ঘৰৰ তাঁতশালত এখন গামোচাৰে বান্ধি ওলোমাই থৈ আটাইকেইটা লম্পটে পলায়ন কৰে৷ ঘটনাটো স্থানীয় ৰাইজ আৰু কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে প্ৰথমে একো উৱাদিহ ধৰিব নোৱাৰি বিবুধিত হৈ পৰিছিল৷ পাছত কিশোৰীগৰাকীৰ চৌদিশে আঘাতৰ চিন দেখি এইয়া যে হত্যা আৰু বলাৎকাৰৰ ঘটনা বুলি থিৰাং কৰি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে মুঠ ১৫ জন সন্দেহজনক লোকক আটক কৰিছে আৰু আটাইকেইটা সন্দেহজনক অপৰাধীয়ে থেকেৰাগুৰিস্থিত এন এইচ পি চিৰ হৈ টাৱাৰ নিৰ্মাণ কৰা পাৱাৰ গ্ৰীডৰ লোক হোৱাৰ লগত আটাইকেইটা মুছলমান সম্প্ৰদায়ৰ লোক৷ ইপিনে কিশোৰীগৰাকীৰ বলাৎকাৰীক ফাঁচি দিয়াৰ দাবীত আৰু মহিলাৰ সুৰক্ষাৰ দাবীত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতি আৰু গোগামুখ শংকৰদেৱ শিশু নিকেতনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ আনপিনে কিশোৰীগৰাকী গোগামুখ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে৷ ঘটনাটোৱে সমগ্ৰ চাউলধোৱা আৰু গোগামুখত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰাৰ লগতে এক অনাকাংক্ষিত পৰিৱেশ সৃষ্টিৰ সম্ভাৱনা বিৰাজ কৰি তুলিছে৷

যুৱতী বলাৎকাৰীক জে’ল হাজোতলৈ প্ৰেৰণ

জীয়াই থকাৰ তাড়নাত আনৰ ঘৰত বন কৰাকৈ থকা মাথোঁ ১৪ বছৰীয়া নাবালিকা আৰু গোগামুখৰ শংকৰদেৱ শিশু নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ শিশুছাত্ৰী এজনীক বলাৎকাৰ আৰু হত্যা কৰা নাৰকীয় কাণ্ডক কেন্দ্ৰ কৰি সৰ্বত্ৰে ধিক্কাৰৰ গুঞ্জন আলোড়িত হৈ থকাৰ মাজতেই আজি আন এটা লম্পট বলাৎকাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ খবৰ পোৱা গৈছে৷ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৪৭/৩৭৬/৩৫৪[এ]/৫১১ আৰু ৫০৬ ধাৰাত পঞ্জীয়ন হোৱা ১৮১/২০২১ নম্বৰৰ গোচৰৰ ভিত্তিত অভিযুক্ত বলাৎকাৰীটোৰ বিৰুদ্ধে এই পদক্ষেপ লোৱা হয়৷ এই সন্দৰ্ভত প্ৰাপ্ত অভিযোগ আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাই জনোৱা অনুসৰি বাইহাটা চাৰিআলিৰ থানাৰ অন্তৰ্গত এলেকাৰ এগৰাকী যুৱতী দুদিনমান পূৰ্বে এটা লম্পটৰ বলাৎকাৰৰ বলি হ’বলগাত পৰে৷ চাংসাৰি থানাৰ অন্তৰ্গত মদনপুৰ কাটনীপাৰাৰ এই লম্পটটো হৈছে মনোজ কুমাৰ[২৮]৷ যোৱানিশা  মনোজে বাইকেৰে আহি বাইহাটা চাৰিআলিৰ নাতিদূৰৈত চৰম উদ্ভাণ্ডলি কৰি থকাৰ সময়ত আটক কৰা হয়৷ আজি আদালতত হাজিৰ কৰাত মনোজক জেল হাজোতলৈ প্ৰেৰণ কৰে৷ 

 চুৰি বাইক উদ্ধাৰ, অভিযুক্ত জেল হাজোতলৈ প্ৰেৰণ  

আনহাতে, আজি থানাখনৰ আৰক্ষীয়ে বাইক চুৰিত অভিযুক্ত চোৰ এটাকো হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে৷ আৰক্ষীৰ সূত্ৰে জনা মতে, থানাখনত ১৭৩/২০২১ নম্বৰত পঞ্জীয়নভুক্ত গোচৰৰ আধাৰত যোৱানিশা অভিযান চলাই আৰক্ষীয়ে এখন চুৰি গ্লেমাৰ বাইকসহ থানাখনৰ অন্তৰ্গত আলিপূবৰ মহিদুল ইছলামক[২৮] আটক কৰিবলৈ সক্ষম হয় আৰু আজি আদালতত হাজিৰ কৰে৷

লগতে পঢ়কঃ ক’ভিড বিধিৰ নামত প্ৰহসনঃ বিপজ্জনক পৰিস্থিতি