Logo
image

কি হৈ আছে কণ্টেইনমেণ্ট জ’ন, হোম কোৱাৰেণ্টাইনত

ক’ভিড বিধিৰ নামত প্ৰহসনঃ বিপজ্জনক পৰিস্থিতি

আমাৰ অসম, ৭ মে’: ৰাজ্যৰ চাৰিও দিশে ক’ভিডৰ সামাজিক সংক্ৰমণে ছানি ধৰিছে৷ এদিনতে  প্ৰায় ৫,০০০ লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ যি সময়ত ক’ভিড প্ৰতিৰোধৰ বাবে নাগৰিকে মাস্ক পৰিধান কৰি সাৱধানতা অৱলম্বন কৰিব লাগিছিল, সেই সময়ত দায়িত্বশীল মন্ত্ৰীয়ে একমাত্ৰ নিৰ্বাচনী প্ৰচাৰৰ স্বাৰ্থত ক’ভিড নাই বুলিহে প্ৰচাৰ চলালে৷ নিৰ্বাচন অন্ত পৰাৰ পাছত চৰকাৰে ক’ভিডক লৈ সক্ৰিয় হৈ পৰাৰ লগতে সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনাও বলৱৎ কৰিছে৷ কিন্তু ক’ভিড নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগে প্ৰস্তুত কৰা নীতি-নিৰ্দেশনাসমূহ বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী নোহোৱাৰ বাবেই ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ অভিযোগ উঠিছে৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা বিমান আৰু ৰে’লেৰে অহা যাত্ৰীসকলৰ ৰেপিড এণ্টিজেন টেষ্টত নিগেটিভ পালেও ৭ দিনৰ বাধ্যতামূলক কোৱাৰেণ্টীনৰ ব্যৱস্থা কৰা হৈছিল৷ কিন্তু বিমান বন্দৰ বা ৰে’ল ষ্টেচনৰ পৰা অহা যাত্ৰীজনৰ হাতত এটা ‘ষ্টাম্প’ মাৰি দিয়েই যেন দায়িত্ব সামৰিছে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে৷ ফলত এনে যাত্ৰী ঘৰলৈ আহিয়েই পিছ মুহূৰ্ততে কোনো বাধা নোহোৱাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷ আনকি হোম আইছ’লেশ্বনত থাকিবলগীয়া যাত্ৰীজনক প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ ফালৰ পৰাও কোনো খা-খবৰ লোৱা নহয়৷ তদুপৰি হোম আইছ’লেশ্বনৰ নিৰ্দেশনা পালন কৰা বিষয়টো পৰীক্ষা নকৰে স্বাস্থ্য বিভাগে৷ যাত্ৰীজনৰ ৰেপিড এণ্টিজেনত নিগেটিভ অহাৰ পাছত আৰ টি-পি চি আৰ টেষ্ট কৰা হয় যদিও একাংশ যাত্ৰীয়ে উক্ত টেষ্টৰ ৰিপৰ্ট কি আহিলে কোনো তথ্যই স্বাস্থ্য বিভাগে জানিবলৈ নিদিয়ে বুলিও অভিযোগ কৰিছে৷ স্বাস্থ্য বিভাগৰ সোপা-ঢিলা নীতিৰ বাবেই হোম আইছ’লেশ্বনৰ নিৰ্দেশনা উলংঘনেৰে একাংশই ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি কৰাত মুখ্য ভুমিকা গ্ৰহণ কৰা বুলিও অভিযোগ উঠিছে৷ আনকি খোদ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও হাতত ষ্টাম্প মৰা লোকে মুকলিভাৱে ঘূৰি ফুৰাৰ কথা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে৷ বুধবাৰে মন্ত্ৰী শৰ্মাই সাংবাদিকৰ আগত কয়– বহিঃৰাজ্যৰ পৰা অহা বহুতক ষ্টাম্প মাৰি দিলেও পাছত ঘূৰি ফুৰে৷ বিমান বন্দৰত পজিটিভ হাৰ হ্ৰাস পাইছে যদিও যাত্ৰীসকলক ২৪ ঘণ্টাৰ বাবে বাধ্যতামূলকভাৱে হোটেল কোৱাৰেণ্টীনত ৰাখিব পাৰি নেকি তাৰ চিন্তা কৰিছো৷ তদুপৰি বিমান বন্দৰতে ৬ ঘণ্টাৰ ভিতৰতে আৰ টি-পি চি আৰ ৰিপৰ্ট দিব পাৰি নেকি, তাৰো চিন্তা কৰিছো৷ বৰ্তমান কিছু সীমাবদ্ধতা থকাৰ বাবে বহু পৰিকল্পনা বাস্তৱ কৰিব পৰা হোৱা নাই৷ ৪৮-৭২ ঘণ্টাৰ পাছতেই চৰকাৰে মন খুলি কাম কৰিব পাৰিব৷’ কেৱল ৰে’ল বা বিমান যাত্ৰীয়েই নহয়, ক’ভিড পজিটিভ হোম কোৱাৰেণ্টীনত থকা ৰোগীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা পৰিয়ালৰ সদস্যইও স্বাস্থ্য বিভাগৰ সোপাঢিলা নীতিৰ বাবে ৰাজহুৱাকৈ ঘূৰি ফুৰিছে৷ চিকিৎসা বিশেষজ্ঞসকলে পৰিয়ালৰ এজন পজিটিভ হ’লে সংস্পৰ্শলৈ অহা সকলো সদস্যই ক’ভিডত আক্ৰান্ত হয় বুলি সদৰি কৰি বাৰম্বাৰ সতৰ্ক কৰি দিছে৷ নতুন ষ্ট্ৰেইনৰ ভাইৰাছ বতাহত বিয়পে বাবেই দ্ৰুতগতিত সংক্ৰমণ ঘটে বুলিও সতৰ্কতা ব্যক্ত কৰিছে৷ তেনেস্থলত পজিটিভ ধৰা পৰা লোকজনৰ ঘৰত কণ্টেইনমেণ্টৰ ফলত আঁৰি দিব লাগে যদিও স্বাস্থ্য বিভাগে গুৰুত্ব নিদিয়াত এনে ৰোগীৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ লোকসকলে মুকলিকৈ চলা-ফুৰা দেখা গৈছে৷ স্বাভাৱিকতেই ইয়াৰ ফলত সামাজিক সংক্ৰমণে চূড়ান্ত ৰূপ লৈছে৷ তেনে পৰিস্থিতিত নৈশ সান্ধ্য আইন বা দিনৰ দুই বজাত দোকান-বজাৰ বন্ধ ৰাখিলেও ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণলৈ নহাটো স্বাভাৱিক৷ উদ্বেগজনকভাৱে হাস্পতালত বিচনাৰ অভাৱৰ দুহাই দি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অক্সিজেনৰ মাত্ৰা ৯৩ৰ ওপৰত থকা ৰোগীক ভৰ্তি কৰাত অস্বীকাৰ কৰাৰ বাবেই এনে ৰোগীৰ পৰা বিভিন্নজন সংক্ৰমিত হোৱা দেখা গৈছে৷ কিয়নো পজিটিভ ধৰা পৰাৰ পাছত হাস্পতাললৈ আহে যদিও চিকিৎসালয়ে ভৰ্তি নকৰাত অনিচ্ছা স্বত্বেও ৰোগীয়ে অ’লা-উবেৰ ভাৰা কৰি বা চিটিবাছ-মেজিকত উঠি ঘৰলৈ যাবলৈ বাধ্য হয়৷ এনে বিপদজনক যাত্ৰাৰ বাবে কিমানজন আক্ৰান্ত হ’ব পাৰে সেয়া নকলেও বুজিব পাৰি৷ তদুপৰি প্ৰাইভেট লেব’ৰেটৰী আৰু নাৰ্ছিং হোমেও পজিটিভ ৰোগীক নিজ ইচ্ছামতে ঘৰলৈ যাবলৈ দিয়াত সংক্ৰমণৰ আন এক কাৰক হৈ পৰিছে৷ ইপিনে গুৱাহাটীৰ লগতে বিভিন্ন স্থানত অঞ্চলভিত্তিত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে যদিও কণ্টেইনমেণ্ট জ’নৰ একাংশ বাসিন্দাই বাহিৰলৈ ওলাই অহা দেখা গৈছে৷

লগতে পঢ়কঃ চৰকাৰ গঠনৰ পাছতেই লকডাউনৰ যো-জা...

দলগাঁৱত ক’ভিড প্ৰট’কল ধোঁৱাচাঙত

ক’ভিড মহামাৰীয়ে সমগ্ৰ দেশৰ লগতে অসমতো ভয়ংকৰ ৰূপ ধাৰণ কৰাত প্ৰশাসনে ৰাজহুৱা স্থানত মাস্ক ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে কালিৰে পৰা ব্যৱসায় প্ৰতিষ্ঠান দুই বজাৰ ভিতৰত বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল যদিও চৰকাৰৰ এনে নিৰ্দেশৰ প্ৰতি আওকান নাই বহুতৰ৷ চৰকাৰে ক’ভিড প্ৰট’কল মানি চলিবলৈ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ দিনৰ দুই বজাত বন্ধ কৰিবলৈ নিৰ্দেশ দিছে যদিও দলগাঁৱত একাংশ ব্যৱসায়ীয়ে নামানে কোনো নিয়ম-নীতি৷ পৱিত্ৰ ঈদৰ পূৰ্বে বজাৰত কাপোৰৰ দোকানত বাঢ়িছে প্ৰচণ্ড ভিৰ৷ অধিকাংশ ক্ৰেতা-বিক্ৰেতাৰ মুখত নাই মাস্ক৷ নাই কোনো সামাজিক দূৰত্ব৷ দলগাঁও আৰক্ষী প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে ব্যৱসায়ীসকলে এনেদৰে দুই বজাৰ পাছতো দলগাঁও দৈনিক বজাৰৰ লগতে দলগাঁৱৰ পাশ্বৰ্ৱৰ্তী অঞ্চলৰ বিভিন্ন বজাৰত চলাই গৈছে ব্যৱসায়৷ উল্লেখ্য যে, যোৱা বছৰ প্ৰথম পৰ্যায়ত কৰ’না মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ দলগাঁও থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে বৰ্তমান থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ ইপিনে প্ৰট’কলৰ নিৰ্ধাৰিত সময়সীমা ওকলি যোৱাৰ পাছতো দোকান বজাৰ বন্ধ নকৰাত বজাৰত সাংবাদিকৰ দল প্ৰৱেশ কৰাতহে ততাতৈয়াকৈ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিবলৈ বাধ্য হয়৷ ইপিনে বজাৰত যথেষ্ট লোকৰ ভিৰ হোৱাত সাংবাদিকে আৰক্ষীক ফোন কৰাৰ পাছত দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আৰক্ষীৰ দল এটা দলগাঁও দৈনিক বজাৰত প্ৰৱেশ কৰি কিছু দোকান বন্ধ কৰিবলৈ সক্ষম হয়৷

লগতে পঢ়কঃ ২৪ ঘণ্টাত ৫বাৰ, বাৰে বাৰে ভূঁইকঁপৰ জোকাৰণি