কেদাৰনাথত ৫ মাহতে ৫০.৩ টন আৱৰ্জনা!
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ ২০২৬ৰ তীৰ্থযাত্ৰা কালত কেদাৰনাথ ধামত মুঠ ৫০.৩ টন আৱৰ্জনা সংগ্ৰহ কৰা হৈছে। তীৰ্থযাত্ৰাৰ সময়ত বৃহৎ সংখ্যক ভক্তৰ আগমনৰ ফলত খাদ্যৰ পেকেট, পানীৰ বটল আৰু অন্যান্য ব্যৱহৃত সামগ্ৰীৰ আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি পাইছে। এইবাৰৰ মাত্ৰ ৫ মাহত সংগ্ৰহ হোৱা আৱৰ্জনাৰ পৰিমাণে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে। তথ্য অনুসৰি, ২০২৬ৰ ৫ মাহত সংগ্ৰহ হোৱা ৫০.৩ টন আৱৰ্জনা ২০২৫ৰ সম্পূৰ্ণ তীৰ্থযাত্ৰা কালত সংগ্ৰহ হোৱা আৱৰ্জনাতকৈ ২.৫ গুণতকৈও অধিক। ৫০.৩ টন আৱৰ্জনাৰ ভিতৰত প্ৰায় ২০ টন প্লাষ্টিক আৱৰ্জনা বুলি প্ৰকাশ পাইছে। পানীৰ বটল, খাদ্যৰ পেকেট আৰু অন্যান্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰে পাহাৰীয়া অঞ্চলটোত আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰত্যাহ্বান বৃদ্ধি কৰিছে। প্ৰতি বছৰে কেদাৰনাথলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক তীৰ্থযাত্ৰী আহে।
তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী, খাদ্য আৰু পানীয়ৰ পেকেট, প্লাষ্টিকৰ বটল আদিৰ পৰাও সৃষ্টি হৈছে বৃহৎ পৰিমাণৰ আৱৰ্জনা। কেদাৰনাথ ধাম হিমালয়ৰ এক অতি সংবেদনশীল পৰিৱেশত অৱস্থিত। বিশেষকৈ প্লাষ্টিক আৱৰ্জনা সঠিকভাৱে সংগ্ৰহ আৰু নিষ্পত্তি নকৰিলে পাহাৰীয়া পৰিৱেশ, জলসম্পদ আৰু স্থানীয় জীৱবৈচিত্ৰ্যৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পৰাৰ আশংকা থাকে।
তীৰ্থযাত্ৰাৰ সময়ত বিপুল সংখ্যক লোকৰ আগমন হোৱাৰ বাবে কেদাৰনাথত আৱৰ্জনা সংগ্ৰহ, পৃথকীকৰণ আৰু নিষ্পত্তিৰ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা দেখা দিছে। প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে তীৰ্থযাত্ৰীসকলৰ মাজতো সজাগতা বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ। কেদাৰনাথ কেৱল এখন পবিত্ৰ তীৰ্থস্থানেই নহয়, ই হিমালয়ৰ এক গুৰুত্বপূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ অংশ। সেয়ে তীৰ্থযাত্ৰাৰ সময়ত আৱৰ্জনা নেপেলোৱা, প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা আৰু পৰিৱেশ পৰিষ্কাৰ ৰখা প্ৰতিজন তীৰ্থযাত্ৰীৰ দায়িত্ব। ভক্তিৰে তীৰ্থস্থানলৈ যাওঁতে প্ৰকৃতিৰ প্ৰতিও থাকক সমানেই দায়িত্ববোধ। কেদাৰনাথ পৰিষ্কাৰ থাকক,হিমালয়ৰ সৌন্দৰ্য অক্ষুণ্ণ থাকক।






