Logo
image

মুখ্যমন্ত্ৰীকেন্দ্ৰিক যুঁজত পণবন্দী অসমবাসী

◾এসপ্তাহ হ’বৰ হ’ল, চৰকাৰ নহ’ল

◾মুখ্য সচিবৰ বাৰ্তাৰ অপেক্ষাত ৰাজভৱন

সোণোৱাল-হিমন্তক পুৱাতে দিল্লীলৈ তলব

আমাৰ অসম, ৮ মে’: শনিবাৰে পুৱা দহ বজাৰ ভিতৰত পোৱাকৈ সৰ্বানন্দ সোণোৱাল আৰু হিমন্তবিশ্ব শৰ্মাক নতুন দিল্লীলৈ তলব কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই৷ শুকুৰবাৰে নিশা ১০.১০ বজাত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এই বিষয়ে সোণোৱাল আৰু শৰ্মাক অৱগত কৰে আৰু ১২ ঘণ্টাৰ ভিতৰত অৰ্থাৎ শনিবাৰে পুৱা দহ বজাৰ ভিতৰত নতুন দিল্লীত উপস্থিত হ’বৰ বাবে নিৰ্দেশ দিয়ে৷ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ পোৱাৰ লগে লগেই সোণোৱাল আৰু শৰ্মাই যুদ্ধকালীন ক্ষিপ্ৰতাৰে নতুন দিল্লীলৈ যোৱাৰ প্ৰস্তুতি চলায়৷ অসম বিজেপিৰ এই দুই শীৰ্ষ কাণ্ডাৰীৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, দুয়োগৰাকী নেতা পৃথকে পৃথকে চাৰ্টাৰ্ড বিমানযোগে নতুন দিল্লীলৈ যাব৷ নতুন দিল্লীত অসমৰ দুয়োজন শীৰ্ষ বিজেপি নেতা দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ মুখামুখি হ’ব৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰি বিজেপিৰ কেন্দ্ৰীয় নেতা বি এল সন্তোষ, নৰেন্দ্ৰ সিং টোমৰ, অৰুণ সিং আৰু অসমৰ কেন্দ্ৰীয় তত্ত্বাৱধায়ক বৈজয়ন্ত পাণ্ডাকে ধৰি বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ উপস্থিতিত সোণোৱাল আৰু শৰ্মাক একেলগে বহুৱাই অসমৰ মুখ্যমন্ত্ৰীকেন্দ্ৰিক জটিলতা দূৰ কৰা হ’ব বুলি বিজেপিৰ নতুন দিল্লীস্থিত সূত্ৰই সদৰী কৰিছে৷ প্ৰয়োজন হ’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো মুখামুখি কৰোৱা হ’ব সোণোৱাল আৰু শৰ্মাক৷ মুখ্যমন্ত্ৰী যিয়েই নহওক, আনজনে যে মুখ্যমন্ত্ৰীক সৰ্বতোপ্ৰকাৰে সহায় কৰিব লাগিব সেই বিষয়েও বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই স্পষ্টভাৱে নিৰ্দেশ দিব– শনিবাৰৰ আলোচনাতে৷ পৰৱৰ্তী সময়ত সোণোৱাল আৰু শৰ্মাৰ এজনক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব নেকি বা বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ গুৰুদায়িত্ব অৰ্পণ কৰা হ’ব নেকি– সেই বিষয়েও সক্ৰিয়ভাৱে বিচাৰ-বিবেচনা কৰি আছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই৷ এই সকলো কথা শনিবাৰে খৰচি মাৰি আলোচনা কৰাৰ সম্ভাৱনা আছে৷ বিজেপিৰ নতুন দিল্লীস্থিত একেটা সূত্ৰই জনোৱা মতে, ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব কাক দিয়া হ’ব সেই সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধান্ত লৈছে আৰু শনিবাৰে সোণোৱাল আৰু শৰ্মাৰ উপস্থিতিত এই সিদ্ধান্ত সন্দৰ্ভত দুয়োজনকে অৱগত কৰা হ’ব৷ ২ মে’, দেওবাৰেই বিধানসভা নিৰ্বাচনৰ ফলাফল ওলাল যদিও শুকুৰবাৰলৈকে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত বিজেপি নেতৃত্বই সিদ্ধান্ত ল’ব পৰা নাছিল৷ শুকুৰবাৰে নিশা এইসন্দৰ্ভত সিদ্ধান্ত লোৱা হয় আৰু লগে লগেই সোণোৱাল আৰু শৰ্মাক দিল্লীলৈ তলব কৰা হয়৷

শনিবাৰে তেওঁলোকক জনাই দিয়া হ’ব– মুখ্যমন্ত্ৰী কোন হ’ব৷ তেওঁলোক উভতি অহাৰ পাছত দেওবাৰ বা সোমবাৰে শপতগ্ৰহণ হ’ব৷ ৰাজভৱনে ইতিমধ্যে মুখ্য সচিবৰ পত্ৰৰ বাবে অপেক্ষা কৰি আছে৷ ইফালে, মুখ্যমন্ত্ৰীকেন্দ্ৰিক অধ্যায়ে যাতে অসমৰ বিজেপি শিবিৰত বিভাজনৰ সৃষ্টি নকৰে, সেই সন্দৰ্ভত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰদেশ বিজেপিৰ নেতৃত্বৰ লগতে দলীয় বিধায়কসকলক যাৱতীয় নিৰ্দেশনা দিছে৷ বিগত পাঁচোটা দিনত যিসকল বিধায়কে মুখ্যমন্ত্ৰী কোন হ’লে ভাল পায় সেই বিষয়ে ৰাজহুৱাভাৱে মন্তব্য কৰিছে, সেইসকলক ভৱিষ্যতে মুখ নুখুলিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে৷ এই নিৰ্দেশৰ মাজতে মুখ্যমন্ত্ৰী সন্দৰ্ভত কৌশলী মন্তব্য কৰিছে ন-বিজেপি তথা ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে৷ শুকুৰবাৰে সাংবাদিকক ৰাজবংশীয়ে এইদৰে কয়– ‘এজন যোগ্য ব্যক্তি মুখ্যমন্ত্ৰী হোৱাটো বিচাৰোঁ৷ কোন যোগ্য সকলোৱে জানে– আমিও, আপোনালোকেও৷ এনে সময়ত সন্মুখৰ পৰা নেতৃত্ব দিছে হিমন্তবিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়েও হিমন্তবিশ্বৰ প্ৰশংসা কৰিছে৷ বাকীখিনি হাইকমাণ্ডৰ ওপৰত৷ এনে পৰিস্থিতিত বিলম্ব হৈ থকাত কাম-কাজ কৰাত অসুবিধা হৈছে৷ হাইকমাণ্ডে যি সিদ্ধান্ত ল’ব সেয়া আমি সকলোৱে মানি চলিম৷’

মুখ্যমন্ত্ৰীকেন্দ্ৰিক যুঁজত পণবন্দী অসমবাসী

এই পৰ্যন্ত বিজেপি দলে চূড়ান্ত কৰিব পৰা নাই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীজনৰ নাম৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠনৰ মেজিক নম্বৰ লাভ কৰাৰ পিছতো এই পৰ্যন্ত মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিব নোৱাৰা কাৰ্যত অসন্তুষ্ট হৈ পৰিছে সৰ্বসাধাৰণ লোক৷ তাতে ৰাজ্যত কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এনে পৰিস্থিতিত ৰাজ্যত এখন চৰকাৰৰ বাৰুকৈয়ে প্ৰয়োজন৷ বৰ্তমান মুখ্যমন্ত্ৰীজনৰ বাহিৰে অন্য কোনো মন্ত্ৰীৰে সাংবিধানিকভাৱে কোনো ক্ষমতা বা এক্তিয়াৰ নাই৷ কেৱল মুখ্যমন্ত্ৰীজন তত্ত্বাৱধায়কৰ দায়িত্বত থাকে পৰৱৰ্তী চৰকাৰ গঠন নোহোৱা পৰ্যন্ত৷ এই সময়ছোৱাত মন্ত্ৰী এজনে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে বা ফাইলত চহী কৰিব নোৱাৰে৷ ৰাজ্য প্ৰশাসনৰ সকলো কাম-কাজৰ দায়িত্বত থাকে মুখ্য সচিব৷ অসমৰ ভোটাৰে বিজেপি চৰকাৰ গঠনৰ ক্ষেত্ৰত স্পষ্ট বহুমত দিয়াৰ পিছতো আজি পৰ্যন্ত ৰাজ্যত গঠন নহ’ল চৰকাৰ৷ চৰকাৰ গঠন নোহোৱাৰ কাৰণ কি? ক’ভিডজনিত পৰিস্থিতিত কোনো ধৰণৰ জৰুৰী আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ’লেও বৰ্তমানৰ মন্ত্ৰীজনে এনে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে৷ আনকি আৰক্ষী প্ৰশাসনকো কোনো ধৰণৰ নিৰ্দেশ দিব নোৱাৰে৷ পশ্চিমবংগত ভোট গণনাৰ পিছত সংঘটিত ৰক্তাক্ত ঘটনাৰ অজুহাতত প্ৰথম দুইদিন বিজেপিৰ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত নহ’ল৷ বৃহস্পতিবাৰে নতুন দিল্লীত অমিত শ্বাহৰ চৰকাৰী বাসগৃহত দলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল যদিও এই বৈঠকত মূলতঃ পশ্চিমবংগৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ ওপৰতহে আলোচনা হয়৷ অসমলৈ দলৰ পৰ্যবেক্ষক হিচাপে কোন আহিব সেই সিদ্ধান্তও এই পৰ্যন্ত বিজেপিৰ শীৰ্ষ নেতৃত্বই চূড়ান্ত কৰিব পৰা নাই৷ দলৰ ভিতৰতো শেহতীয়াভাৱে এনে কাৰ্যক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠনৰ বাবে আসন লাভৰ পিছতো বাজপেয়ী ভৱনত বিৰাজ কৰিছে নিমাওমাও পৰিৱেশ৷ দলৰ নৱনিৰ্বাচিত বিধায়কৰ মনত নাই কোনো ধৰণৰ উৎসাহ-আনন্দ৷ এফালে ক’ভিডজনিত পৰিস্থিতিৰ ভয়াৱহতা আৰু আনফালে চৰকাৰবিহীন অৱস্থা– এই পৰিস্থিতিক লৈ অধিক ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ অধিকাংশ লোক৷ দলৰ সংসদীয় বোৰ্ডৰ বৈঠক কেতিয়া অনুষ্ঠিত হ’ব, দলৰ পৰ্যবেক্ষক অসমলৈ কেতিয়া আহিব, নতুন চৰকাৰখনে কেতিয়া শপত গ্ৰহণ কৰিব– এইসমূহ প্ৰশ্নৰ উত্তৰ এই পৰ্যন্ত ৰাজ্যিক বিজেপিৰ কোনো এজন নেতা-বিধায়কৰ ওচৰতে নাই৷ মুখ্যমন্ত্ৰীকেন্দ্ৰীক এই ৰাজনৈতিক যুঁজত এতিয়া পণবন্দী হ’বলগা হৈছে ৰাজ্যৰ সাধাৰণ লোক৷ কোন মুখ্যমন্ত্ৰী হয় সেয়া পিছৰ কথা, কিন্তু অসমত যে অহা পাঁচটা বছৰত ক্ষমতাৰ কেন্দ্ৰ দুটা হ’ব সেয়া বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই যোৱা পাঁচটা দিনত উদঙাই দিলে৷ ইয়াৰ ফল নিঃসন্দেহে হ’ব অসমবাসীকে ধৰি সকলোৰে বাবে বিষময়৷

লগতে পঢ়কঃ এন আৰ চি আৰু ‘কা’ৰ কি হ’ব?