কণ্টেইনমেণ্ট জ’নৰ গ্ৰাসত মহানগৰ
নিতৌ ৫ হাজাৰ আক্ৰান্ত, প্ৰায় ৫০জনৰ মৃত্যু
আমাৰ অসম, ৮ মে’: ক’ভিডে গুৱাহাটীৰ পৰিৱেশ অতি বিপজ্জনক কৰি তুলিছে৷ গুৱাহাটীৰ প্ৰতিটো স্থানতে হোম আইছ’লেশ্বনত থকা ক’ভিড ৰোগীৰে ভৰি পৰিছে৷ গুৱাহাটীত ক’ভিডৰ একোটা হটস্পট জ’নত ৮০০ৰ পৰা ১,২০০ পৰ্যন্ত পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ যাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ বিভিন্ন অঞ্চল সম্প্ৰতি কণ্টেইনমেণ্ট জ’নৰ গ্ৰাসত৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ তিনিটা ৱাৰ্ডত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ বৃহস্পতিবাৰৰে পৰা মহানগৰীৰ ২৮, ১৬ আৰু ৮নং ৱাৰ্ডৰ অন্তৰ্গত বৰসজাই, বশিষ্ঠ গ্ৰাণ্ট, মৈদান অঞ্চল, বৰমটৰীয়া, হাতীগাঁও অঞ্চলক সামৰি কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ তদুপৰি ফটাশিল অঞ্চল, ভাস্কৰ নগৰ, বৰ্ষাপাৰা অঞ্চল, ধীৰেনপাৰাৰ এটা অংশৰ লগতে ভূতনাথ, কুমাৰপাৰা, মাছখোৱা আৰু আঠগাঁও অঞ্চলক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ ২৮ নং ৱাৰ্ডৰ অন্তৰ্গত জয়ানগৰ, ছাৰ্ভে সমন্বয় পথ, টঙাৰ সত্ৰ, হাতীগাঁও, বেলতলা সংযোগী পথত বাঁহ বান্ধি যাতায়াতবন্ধ কৰি দিছে প্ৰশাসনে৷ ইপিনে বেলতলাৰ এ জি অফিচ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ কাৰ্যালয়টোৰ ৫জন কৰ্মচাৰীৰ বৰ্তমানলৈ ক’ভিডত মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় শতাধিক কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হৈছে৷ প্ৰশাসনৰ তথ্য মতে বিগত ১০ দিনত গুৱাহাটীত ১৪ হাজাৰ লোক আক্ৰান্ত হৈছে৷ তদুপৰি প্ৰায় ১০০ লোকৰ কাল কৰ’নাই প্ৰাণ কাঢ়ি নিছে মহানগৰীত৷ তথ্য অনুসৰি এসপ্তাহতে ২৮নং ৱাৰ্ডত ৭৪৩ জন, ১৬নং ৱাৰ্ডত ৫০৯জন, ৮নং ৱাৰ্ডত ৪১৫ জন, ৩১নং ৱাৰ্ডত ৩৬২জন, ১৪নং ৱাৰ্ডত ৩৫০জন, ২৯নং ৱাৰ্ডত ৩২৪জন, ২৪নং ৱাৰ্ডত ৩০১জন আৰু ৩নং ৱাৰ্ডত ২৪৭জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ ইয়াৰে অধিকাংশ পজিটিভ লোকেই হোম কোৱাৰেণ্টীনত থকা বুলি প্ৰশাসনে প্ৰকাশ কৰিছে৷ এনে লোকৰ পৰা যাতে সংক্ৰমণ বৃদ্ধি নাপাই তাক নিশ্চিত কৰাৰ বাবে স্বাস্থ্য বিভাগৰ পৰামৰ্শ মতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন বলৱৎ কৰিছে৷ অৱশ্যে কণ্টেইনমেণ্ট জ’ন বলৱৎ কৰি মূল মূল সংযোগী পথত বেৰিকেড নিৰ্মাণ কৰিলেও আন আন উপ-পথসমূহে কণ্টেইনমেণ্ট জ’নৰ বাসিন্দাই মুকলিকৈ চলা-ফুৰা কৰা দেখা গৈছে৷ অৰ্থাৎ নামত কণ্টেইনমেণ্ট জ’ন হ’লেও বাস্তৱত ধোবাং-বাং হোৱাৰ বাবেই কণ্টেইনমেণ্টৰ বাসিন্দাই বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছে৷ ফলত কণ্টেইনমেণ্ট দিলেও এনে অঞ্চলৰ বাসিন্দাৰ পৰা সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকাই অধিক৷ আনকি কণ্টেনমেণ্টৰ অধীনৰ এলেকাৰ দোকান-বজাৰসমূহো নিদেৰ্শনা উলংঘনৰে বহু সময় ধৰি খুলি ৰখা পৰিলক্ষিত হয়৷ শুকুৰবাৰে গুৱাহাটী আৰক্ষী আয়ুক্তই কণ্টেইনমেণ্ট জ’নৰ অঞ্চলৰসমূহ পৰিদৰ্শন কৰি স্থানীয় লোকসকলক ক’ভিড নিয়ম মানি চলিবলৈ আহ৩ান জনায়৷ অন্যথা নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষী আয়ুক্তজনে সকীয়াই দিছে৷
শুকুৰবাৰে ৰাজ্যত ৫,৬২৬জন আক্ৰান্ত, ৪৭জনৰ মৃত্যু
ৰাজ্যত এতিয়া ক’ভিডে জটিল ৰূপ ধাৰণ কৰিছে৷ গাঁৱে-ভূঞে সকলোতে ক’ভিডৰ গণ সংক্ৰমণ আৰম্ভ হৈছে৷ ৰাজ্যৰ পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছেগৈ যে দৈনিক গড়ে ৫ হাজাৰকৈ লোক ক’ভিডৰ চিকাৰ হৈছে৷ কেৱল ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাই নহয়, সমান্তৰভাৱে দৈনিক গড়ে প্ৰায় ৫০ জনকৈ ক’ভিড ৰোগী মৃত্যু মুখত পৰিছে৷ স্বাস্থ্য বিভাগৰ তথ্য মতে বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৫,৬২৬জন লোক৷ আনহাতে ৰাজ্যত পজিটিভৰ হাৰ ৮.২৪ শতাংশ৷ শুকুৰবাৰে ক’ভিডত মৃত্যু হয় ৪৭জন ৰোগী৷ কাল কৰ’নাই পুনৰ ৩জন সাংবাদিক-সংবাদকৰ্মীৰ প্ৰাণ কাঢ়ি নিলে৷ শিলচৰ মহিলা কলেজৰ সহকাৰী অধ্যাপক ড॰ জয়তী ভট্টাচাৰ্যৰ ক’ভিডত মৃত্যু হয়৷ ক’ভিড মৃত্যু হাৰ বৃদ্ধি পোৱাত শ্মশানত মৃতদেহৰ লানি লাগিছে৷ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত নতুনকৈ শ্মশান সজাৰ বাবেও চিন্তাচৰ্চা কৰিছে চৰকাৰে৷ ইপিনে ৰাজ্যত ক’ভিড পজিটিভ ৰোগী বৃদ্ধি পোৱাত হাস্পতালত বিছনাৰ অভাৱে দেখা দিছে৷ ফলত সংকটজনক ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত আই চি ইউৰ অভাৱত ৰোগীয়ে তিলতিলকৈ মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে৷ অতি উদ্বেগজনকভাৱে শুকুৰবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাতে ১,৫৫১ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ মৰাণৰ চক্ৰ বিষয়া লুকুমণি বৰা ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷
গুৱাহাটীৰ শ্মশান-কবৰস্থানত মৃতদেহৰ দীঘলীয়া শাৰী
সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো কৰ’না ভাইৰাছে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে৷ কাল ৰূপ ধাৰণ কৰা কৰ’নাৰ দ্ৰুত সংক্ৰমনত ত্ৰস্থমান মহানগৰবাসী৷ তীব্ৰহাৰত বৃদ্ধি পোৱা কৰ’নাৰ সংক্ৰমনত গড়ে প্ৰতিদিনে গুৱাহাটী মহানগৰীত ১৫জন লোকৰ মৃত্যু হয়৷ অতিমাৰী কৰ’নাই ভয়াবহ ৰূপ ধাৰণ কৰা মুম্বাই আৰু দিল্লীৰ পিছত এইবাৰ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো মৃত্যুৰ কিৰিলি আৰম্ভ হৈছে৷ গুৱাহাটী মহানগৰীত দৈনন্দিত বাঢ়িছে মৃত্যুৰ হাৰৰ সংখ্যা৷ যোৱা ১৮ এপ্ৰিলৰ পৰা ৭ মেলৈ বিগত ২০ দিনত গুৱাহাটী মহানগৰীত ৩০৯জন লোক কভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে৷ বিশেষকৈ গুৱাহাটীত ভয়াৱহ ৰূপত সংক্ৰমিত হৈছে কৰ’না ভাইৰাছ৷ বিগত ২০ দিনত কামৰূপ [ম] জিলাত সৰ্বাধিক প্ৰায় ১৬ হাজাৰতকৈ অধিক লোক কৰোনাত আক্ৰান্ত হৈছে আৰু ৩০৯ জনৰ মৃত্যু হৈছে৷ কামৰূপ মহানগৰ জিলাত ক’ভিড–১৯ত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধিক লৈ উদ্বিগ্ণ হৈ পৰিছে জিলা প্ৰশাসন৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এক উচ্ছস্তৰীয়া সূত্ৰই জনোৱা অনুসৰি আজিৰ দিনটোত গুৱাহাটী মহানগৰীৰ চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত বাতৰি যুগুতোৱা লৈকে ৩৫জন লোকৰ মৃত্যু হৈছে৷ একেদৰে গুৱাহাটী মহানগৰীত ১ মেত ২৫ জন, ২ মেত ১৯ জন, ৩ মেত ২৯ জন, ৪ মেত ৩১জন, ৫ মেত ২৮ জন, ৬ মেত ৩৪ জন, ৩০ এপ্ৰিলত ২২ জন, ২৯ এপ্ৰিলত ১৯ জন, ২৮ এপ্ৰিলত ১৪ জন, ২৭ এপ্ৰিলত ১৪ জন, ২৬ এপ্ৰিলত ১৩ জন, ২৫ এপ্ৰিলত ৮ জনসহ মুঠ ২০টা দিনত ৩০৯জন লোকৰ মৃত্যু হয়৷ প্ৰতিদিনে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত সৰ্বসাধাৰণ নাগৰিক আতংকিত হৈ পৰিছে৷ তদুপৰি গুৱাহাটী মহানগৰীৰ চৰকাৰী, বেচৰকাৰী হাস্পতালত কৰ’না ৰোগীৰ বাবে বেড নোহোৱা হৈছে৷ একাংশ নাৰ্ছিং হোমে হোটেল ভাড়া কৰি কৰ’না ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনে কভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক গুৱাহাটীৰ ভূতনাথত সৎকাৰৰ ব্যৱস্থা কৰিছিল৷ বিগত কিছুদিন ধৰি গুৱাহাটী মহানগৰীত উদ্বেগজনক ভাবে কভিড-১৯ত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা তুলনামূলক ভাবে বৃদ্ধি পোৱাত কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ ভূতনাথত, নৱগ্ৰহ, উলুবাৰী শ্মশানত হিন্দু ধৰ্মালম্বী লোকক সৎকাৰৰ ব্যৱস্থা কৰাৰ লগতে ইছলাম ধৰ্মালম্বী মৃত লোকক আঠগাঁও কবৰস্থান আৰু ইছলামপুৰ কবৰস্থানত সমাধি কৰাৰ ব্যৱস্থা কৰে৷ তদুপৰি উলুবাৰী শ্মশানত জিলা প্ৰশাসনে চাৰিজন শ্মশান কৰ্মী নিয়োগ কৰিছে৷ আনহাতে, শ্মশানত মৃতদেহৰ দীঘলীয়া শাৰী প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰৰ বালি চৰত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক সৎকাৰ কৰাৰ চিন্তা চৰ্চা কৰি আছে জিলা প্ৰশাসনে৷
লগতে পঢ়কঃ মুখ্যমন্ত্ৰীকেন্দ্ৰিক যুঁজত পণবন্দী অসমবাসী