Logo
image

এখন এখনকৈ বন্ধ হৈছে চাহ বাগিচা

ক’ভিড সংক্ৰমণৰ বাবে ডিব্ৰুগড়ৰ জালনি বাগানত তলা

আমাৰ অসম, ৮ মে’: ৰাজ্যৰ চাহ বাগিচাই বাগিচাই ক’ভিডৰ গণ সংক্ৰমণ আৰম্ভ হৈছে৷ বিশেষকৈ উজনি, নামনি আৰু মধ্য অসমৰ তিনিচুকীয়া, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, ওদালগুৰি, নগাঁও, শিৱসাগৰ আদি কেইবাখনো চাহ বাগিচা কৰ’নাৰ সংক্ৰমণৰ উৎস হৈ পৰিছে৷ ডিব্ৰুগড়ৰ জালনী চাহ বাগিচাৰ লগতে বোকাখাটৰ বৰ চাপৰি আৰু বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাক ইতিমধ্যে কণ্টেইমেণ্ট জন বুলি ঘোষণা কৰা হৈছে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি উক্ত তিনিখন চাহ বাগিচাৰ লগতে ডিব্ৰুগড়ৰ মাইজান চাহ বাগিছা, দিৰিয়াল চাহ বাগিচা, খাৰজান চাহ বাগিচা, গোলাঘাটৰ লাখৌজান চাহ বাগিচা, বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ লগতে ব্ৰহ্মজান চাহ বাগিচা, বুৰৈ চাহ বাগিচা, ধূলি চাহ বাগিচা, পুৰুকবৰী চাহ বাগিচা, নয়া যযৰা চাহ বাগিচা, শিৱসাগৰ জিলাৰ টিফুক চাহ বাগিচা, শোণিতপুৰ জিলাৰ ডিব্ৰু দৰং চাহ বাগিচা, ৰূপাজুলী চাহ বাগিচা, শিংৰিজান চাহ বাগিচা, হাতিবাৰী চাহ বাগিচা, তিনিচুকীয়া বাদলভেটা চাহ বাগিচা, নগাওৰ চালনা চাহ বাগিচা, কেলডিন চাহ বাগিচা, আমচৈ চাহ বাগিচা, পুৰনা চালনা চাহ বাগিচা আৰু সগুণবাৰী চাহ বাগিচাত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ হৈছে৷ চাহ বাগিচাসমূহত  ক’ভিডৰ ভয়াৱহ সংক্ৰমণ হোৱাৰ পাছতো চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলৰ জীৱনক লৈ ৰাজ্য চৰকাৰখনে সমূলি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ এই অভিযোগ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই [আটাছা]৷ এক বিবৃতিৰ জৰিয়তে আটচাৰ সভাপতি ধীৰাজ গোৱালা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনন্ত সোনাই এনেদৰে কয়–‘চাহ বাগিচাত গণসংক্ৰমণ আৰম্ভ হোৱাৰ পাছতো ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, অসমৰ মুখ্য সচিব, শ্ৰম আয়ুক্ত, স্বাস্থ্য বিভাগৰ উপদস্থ বিষয়াসকলে চাহ বাগিচাক লৈ এক সুকীয়া ‘এচ অ’ পি’ৰ ব্যৱস্থা আজি পৰ্যন্ত কৰা নাই৷ চাহ মালিকসকল বাগিচাৰ উৎপাদন প্ৰক্ৰিয়া ব্যাহত হ’ব বুলি চাহ বাগিচাত হোৱা ক’ভিড সংক্ৰমণ ঘটনা প্ৰথমে গাপ দিবলৈ চেষ্টা কৰিছে৷ বহু চাহ বাগিচাৰ পৰিচালক, কৰ্মচাৰী ক’ভিড পজিটিভ হ’লেও বাগিচা কতৃৰ্পক্ষই গোপনে ৰাখিছে৷ অসমৰ চাহ বাগিচাৰ বহু মালিক, পৰিচালকৰ সন্তান দিল্লী, মহাৰাষ্ট্ৰ আদি ৰাজ্যত অধ্যয়ৰত নাইবা কৰ্মৰত৷ বৰ্তমান এওঁলোক ঘূৰি আহিছে৷ এয়াৰ প’ৰ্টত ক’ভিড পজিটিভ হোৱাৰ পাছত অভিজাত সন্তানসকল ‘হোমকোৱাৰেণ্টাইন’ত থাকিলেও কাকো জানিবলৈ দিয়া নহয়৷ গোপনীয়তা বজাই ৰখাত সম্পূৰ্ণ সহায় কৰে জিলা প্ৰশাসনৰ লোকে৷ প্ৰতি দিনে বহিঃৰাজ্যত কৰ্মৰত চাহজনগোষ্ঠীৰ যুৱক সকল বাগিচালৈ ঘূৰি আহিছে, এই লোকসকল লৈও কোনো ব্যৱস্থা নাই বাগিচাৰ কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ৷’ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা ‘ৰাজ্যৰ মুখ্য সচিবলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে৷ এই স্মাৰকপত্ৰ চাহ বাগিচাত কৰ্মৰত প্ৰতিজন চাহ শ্ৰমিকৰ কামত যোগদানৰ পূৰ্বে শৰৰীৰ উষ্ণতা পৰীক্ষা কৰা, শৰীৰত অক্সিজেন পৰিমাণ পৰীক্ষণ কৰা, প্ৰতিজন শ্ৰমিকৰ এন ৯৫ মাস্ক প্ৰদান কৰাটো নিশ্চিত কৰা, কৰ্মৰত শ্ৰমিক তথা পৰিয়ালক বাগিচাৰ চিকিৎসালয়ত টিকাকৰণ নিশ্চিত কৰা৷ বাগিচাৰ এম্বুলেন্সৰ ড্ৰাইভাৰক পি পি ই কিট পৰিধান কৰাটো বাধ্যতামূলক কৰা, প্ৰতিখন চাব বাগিচাত অক্সিজেন চিলিণ্ডাৰসহ ১০০খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা, প্ৰতিখন চাহ বাগিচাৰ কলঘৰ, কাৰ্যালয়, দৰমহা, ৰেচন দিয়া স্থান নিয়মিত ছেনিটাইজেচন ব্যৱস্থা কৰা, বাগিচালৈ বহিঃৰাজ্যৰ পৰা উভতি অহা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতী তথা মালিক, পৰিচালকৰ পৰিয়ালৰ লোকক সুকীয়াকৈ ৰখাৰ ক্ষেত্ৰত এক স্পষ্ট নিৰ্দেশনা প্ৰদান কৰা আৰু কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰাৰ দাবী জনোৱা হৈছে৷ জানিব পৰা মতে ক’ভিড সংক্ৰমণৰ সন্দৰ্ভত আজি বোকাখাত প্ৰশাসনে চাহ বাগিচাৰ কতৃৰ্পক্ষৰ লগত এখন জৰুৰী বৈঠকত বহে৷ এই বৈঠকৰ পাছতে বোকাখাতৰ মহকুমা দণ্ডাধীশ বিপুল দাসে ভাৰতীয় কাৰ্যবিধী আইন ১৪৪ ধাৰাৰ অধীনত বোকাখাত মহকুমাৰ অন্তৰ্গত বিভিন্ন এলেকাত হ’বলগীয়া সাপ্তাহিক বজাৰসমূহ শুকুৰবাৰৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ ইয়াৰ লগতে মহকুমাটোৰ অন্তৰ্গত সকলো হোটেল, ৰিজ’ট, বজাৰ এলেকা আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত সকলো ধৰণৰ দোকান, চাহ দোকান, ৰেষ্টুৰেণ্ট, ধাবা আদি মালিক আৰু কৰ্মচাৰীসকলক অহা ১৫ মে’ৰ ভিতৰত স্বাস্থ্যকেন্দ্ৰ আৰু ক’ভিড-১৯ পৰীক্ষাকেন্দ্ৰত বাধ্যতামূলক ভাৱে ক’ভিড-১৯ৰ পৰীক্ষা কৰাবলৈ মহকুমাধিপতিয়ে নিৰ্দেশ জাৰি কৰিছে৷ একেদৰে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিচেই কাষৰ নীলপুৰ চাহ বাগিচাত ৪২জন শ্ৰমিক পজিটিভ হোৱাত বিশ্বনাথ জিলা প্ৰশাসনে বৃহস্পতিবাৰে এই চাহ বাগিচাখন সম্পূৰ্ণৰূপে ছীল কৰাৰ লগতে কণ্টেনমেণ্টজন হিচাপে ঘোষণা  কৰিছে৷

ডিব্ৰুগড়ত চাহ বাগিচাতো সংক্ৰমণ ক’ভিডৰ

ডিব্ৰুগড়ত ক’ভিডৰ দ্ৰুত সংক্ৰমণ অব্যাহত আছে৷ প্ৰতিদিনেই শ শ ব্যক্তিৰ শৰীৰত ধৰা পৰিছে ক’ভিড পজিটিভ৷ আজি পুনৰ জিলাখনত নতুনকৈ ৪১৮ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা মতে, জিলাখনত আজিৰ দিনটোত ৪৪২২জন লোকক কৰা ক’ভিড টেষ্টত ৪১৮জনৰ শৰীৰত ক’ভিডৰ অৱস্থিতি চিনাক্ত কৰিছে৷ আনহাতে, জিলাখনত কেইবাখনো চাহ বাগিচাতো সংক্ৰমিত হৈছে মহামাৰী কৰ’না ভাইৰাছ৷ জিলাখনৰ জালনী চাহ বাগিচাৰ পাছত মায়াজান চাহ বাগিচা, মধুটিং চাহ বাগিচা আৰু বৰবৰুৱা চাহ বাগিচাত শ্ৰমিক-কৰ্মচাৰীৰ দেহত সংক্ৰমিত হৈছে কৰ’না৷ লাভ কৰা তথ্য অনুসৰি আজি ৬৭জনক কৰা কণ্ট্ৰেক্ট ট্ৰেচিঙত মধুটিং চাহ বাগিচাৰ দুজন লোক আক্ৰান্ত হৈছে ক’ভিডত৷ সেইদৰে মায়াজান চাহ বাগিচাত ১৪৬ জনক কৰা কণ্ট্ৰেক্ট ট্ৰেচিঙত ১৯জন আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰিছে চিকিৎসকে৷ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে জিলাখনৰ চাহ বাগিচাত ভয়ংকৰ হাৰত ক’ভিড সংক্ৰমণক লৈ আতংকিত হৈ পৰিছে সাধাৰণ জনতা৷ ইফালে বৰ্তমান পৰিস্থিতিত ক’ভিড ১৯ৰ  সংক্ৰমণ প্ৰতিৰোধ কৰাৰ পদক্ষেপ হিচাপে আজি ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলাখনৰ চাহ বাগিচাসমূহৰ কতৃৰ্পক্ষৰ লগতে বিভিন্ন সংগঠনৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়৷ উক্ত বৈঠকত উপায়ুক্তজনে  চাহ বাগিচাসমূহত সকলোকে মাস্ক পৰিধান কৰা ,সামাজিক দূৰত্ব মানি চলাৰ লগতে অন্যান্য ক’ভিড প্ৰট’কলসমূহ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে, যিহেতু  চাহ বাগিচাসমূহত  ক’ভিডৰ টিকাকৰণ প্ৰদান প্ৰক্ৰিয়া চলি আছে সেয়ে বাগিচাৰ সকলো কৰ্মচাৰীকে এই টিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু  ১৮বছৰৰ পৰা ৪৪বছৰৰ লোকসকলক  এই টিকা গ্ৰহণৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ কয়৷ উপায়ুক্তজনে লগতে উল্লেখ কৰে যে, যদি কোনো কৰ্মচাৰীৰ ক’ভিড সম্পৰ্কীয় যিকোনো লক্ষণ অনুভৱ হ’লে বিনাদ্বিধাই  ক’ভিড পৰীক্ষা কৰিবলৈ কয় আৰু এইক্ষেত্ৰত বাগিচা কতৃৰ্পক্ষক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়৷ আজিৰ এই সভাত জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক উপস্থিত থাকে৷

বজাৰ বন্ধৰ নিৰ্দেশ প্ৰশাসনৰঃ যোৱা কিছুদিন ধৰি ডিব্ৰুগড় জিলাত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আৰু ইয়াৰ সংক্ৰমণ প্ৰতিৰোধ তথা জনকল্যাণৰ হিতৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত তথা অধ্যক্ষ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত এক আদেশযোগে জিলাখনৰ সকলো উন্নয়ন খণ্ড আৰু ৰাজহ চক্ৰৰ অধীনৰ লীজত চলি থকা সকলো সাপ্তাহিক বজাৰসমূহ বন্ধ ৰখাৰ নিদ্দেৰ্শ জাৰি কৰিছে৷ এই আদেশ তৎকালীনভাৱে বলৱৎ হৈছে আৰু নিৰ্দেশ ভংগকাৰীৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

বৰচাপৰি চাহ বাগিচাৰ প্ৰৱেশ পথ বন্ধ কৰি দিলে কতৃৰ্পক্ষই

ৰাজ্যখনৰ লগতে বোকাখাত মহকুমাতো ক’ভিডৰ ভয়াৱহভাৱে সংক্ৰমণ ঘটিছে৷ বৰচাপৰি বাগিচাৰ ৩৭জন  আক্ৰান্ত হোৱাত বাগিচাখনৰ মুখ্য গেট আজি বন্ধ কৰি বাগিচাখনলৈ অহা-যোৱা নিষিদ্ধ কৰিছে৷ বাগিচাখনকে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি অধিক আক্ৰান্ত পৰিয়ালবোৰক বাগিচা কতৃৰ্পক্ষই ৰেচন পাতিৰ লগতে খোৱাপানীৰো যোগান ধৰিছে৷ বাগিচাৰ মুখ্য পৰিচালক বিকাশ যোশীয়ে বাগিচাখনত ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগ কামনা কৰিছে৷ ইফালে নুমলীগড় চাহ বাগিচাত আজি পুনৰ আন তিনিজনৰ দেহত কৰ’না বীজাণু ধৰা পৰিছে৷ বাগিচাখনৰ সাতজন কৰ’নাৰ পৰা মুক্ত হোৱাৰ পাছত বৰ্তমানে ১৮জন সক্ৰিয় কভি’ড ৰোগী আছে৷  মহকুমাটোৰ বান আক্ৰান্ত অঞ্চল কিছু নিয়ন্ত্ৰণত আছিল যদিও কালি পাঁচজনৰ দেহত ক’ভিড ৰোগ ধৰা পৰাত অঞ্চলবাসী চিন্তিত হৈ পৰিছে৷ মহুৰামুখৰ ভলুকাগুৰিৰ চাৰিজন যুৱকৰ লগতে মিছিমিআটিত আন এজনৰ দেহত ধৰা পৰিছে কৰ’না বীজাণু৷ মহকুমাটোত আজি ২০জনৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ৷ নুমলীগড় শোধনাগাৰ নগৰাঞ্চলটো আজি দুজন কভি’ড ৰোগী ধৰা পৰিছে৷

লগতে পঢ়কঃ কণ্টেইনমেণ্ট জ’নৰ গ্ৰাসত মহানগৰ