Logo
image

তপতজুৰিৰ ট্ৰেজেডী

মৰণোত্তৰ পৰীক্ষা হ’ল, ৰহস্য উদ্ধাৰ নহ’ল

আমাৰ অসম, ১৫ মেঃ নগাঁও জিলাৰ তপতজুৰীৰ বামুণী পাহাৰত একেলগে ২০টা হাতীৰ অপমৃত্যুৰ মৰ্মান্তিক ঘটনাই অসমৰ সৰ্বস্তৰৰ লোকক বিচলিত কৰি তুলিছে৷ প্ৰাথমিকভাৱে বন বিভাগৰ একাংশই হাতীকেইটা বজ্ৰপাতত মৰা বুলি দাবী কৰিলেও কোনেও মৃত্যুৰ এই কাৰণ বিশ্বাসযোগ্য বুলি মানি লোৱা নাই৷ তেনে সৰহসংখ্যক লোকৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড৷ তাৰ কাৰণ হিচাপে সমীপৰ অৰ্থাৎ বামুণী গ্ৰাণ্টৰ কেইবাশ বিঘা মাটি চৰকাৰে বহিৰাগত বণিয়াক উদ্যোগ স্থাপনৰ বাবে চমজাই দিয়াৰ প্ৰসংগও উত্থাপন কৰিছে৷ কোৱা বাহুল্য মাথোঁ, মিকিৰ বামুণী গ্ৰাণ্টৰ ২৭৬ বিঘা খেতিৰ মাটি ইতিমধ্যে জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়া অসম চৰকাৰে বহিৰাগত বণিয়াক গতাই দিছে৷ সেই বহিৰাগত কোম্পানীক অসমৰ কৃষি আৰু বন বিভাগে ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰিছে, য’ত খেতি মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে৷ সেই প্ৰমাণপত্ৰ হাতত লৈ বহিৰাগত বণিয়াই অঞ্চলটোত উদ্যোগ স্থাপনৰ বাবে কুছকাৱাজ চলাই আছে৷ সংযোগবশতঃ এই অঞ্চলটো আছিল বন্যহস্তীৰ কৰিডৰ৷ সেয়ে এই স্থানত উদ্যোগ স্থাপনৰ বাবে পৰিৱেশ বিভাগৰ পৰা সেউজ সংকেত লাভ কৰাৰ সম্ভাৱনা নাছিল৷ যদি তাত হাতীয়েই নাথাকে তেন্তে পৰিৱেশ মন্ত্ৰণালয়ৰ বাধা নাথাকিব৷ এনে পাৰিপাশ্বিৰ্ক কাৰণ বিশ্লেষণ কৰি সকলোৱে এয়া হত্যাকাণ্ড বুলি ভাবিবলৈ বাধ্য হৈছে৷

এই কৰুণ ঘটনাৰ কাৰণ বিচাৰোতে ইতিমধ্যে বিভিন্ন তত্ত্ব উঠি আহিছে৷ তাৰ প্ৰথমটো তত্ত্বই হৈছে বজ্ৰপাত৷ এনেদৰে বৃহৎ সংখ্যাত বজ্ৰপাতত জীৱ-জন্তুৰ মৃত্যুৰ ঘটনা বিশ্বৰ বিভিন্ন স্থানত হৈছে৷ অষ্ট্ৰেলিয়াত ২০১৮ চনৰ ৮ মাৰ্চত এনেদৰে মুকলি স্থানত বান্ধি থোৱা ৬টা গৰুৰ বজ্ৰপাতত একেলগে মৃত্যু হৈছিল৷ কুইন্সলেণ্ডত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ আনহাতে ২০১৬ চনৰ ২৯ আগষ্টত বজ্ৰপাতৰ আঘাতত নৰৱেত ৩২৩টা হৰিণৰ মৃত্যু হৈছিল৷ অৱশ্যে ঘটনা সংঘটিত হোৱা অঞ্চলটো মুকলি আছিল৷ কিন্তু তপতজুৰীত সংঘটিত হোৱাৰ দৰে একেলগে ২০টা হাতীৰ মৃত্যুৰ ঘটনা স্মৰণকালত বিশ্বত ক’তো হোৱা নাই৷ বজ্ৰপাতত এনেদৰে ইমান বৃহৎ সংখ্যক হাতীৰ মৃত্যুৰ ঘটনা ক’তো উল্লেখ নাই৷ সেয়ে অসমৰ এই ঘটনাক বিশেষজ্ঞ, সাধাৰণ বোধসম্পন্ন সকলোৱে ব্যতিক্ৰমী ঘটনা বুলি কৈছে আৰু বজ্ৰপাতত মৃত্যু হোৱা বুলি প্ৰচাৰ হোৱা তত্ত্ব কাৰো বাবেই বিশ্বাসযোগ্য হোৱা নাই৷ সাধাৰণ লোক, পৰিৱেশকৰ্মীৰ কথা বাদেই, বিশেষজ্ঞই এই কাৰণ মুঠেই বিশ্বাস কৰা নাই৷ নাম প্ৰকাশত অনিচ্ছুক কেইবাজনো বিশেষজ্ঞৰ মতে বজ্ৰপাতত এনেদৰে ইমান হাতীৰ মৃত্যু হ’লে সেই অঞ্চলৰ গছ-বন জ্বলি গ’লহেঁতেন৷ তপতজুৰীৰ যিমান ফটো আৰু ভিডিঅ’ এতিয়ালৈকে সম্প্ৰচাৰ হৈছে, তাত বজ্ৰপাতৰ তেনে চিহ্ন দেখিবলৈ পোৱা নাই বুলি কেইবাজনো বিশেষজ্ঞই প্ৰকাশ কৰিছে৷ ঘাইকৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ নোপোৱাৰ বাবে আৰু সেই অঞ্চলৰ কৃষিভূমি উদ্যোগপতিক চৰকাৰে অৰ্পণ কৰাক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ বাবে বিশেষজ্ঞই এই ক্ষেত্ৰত মুকলিকৈ মতামত প্ৰকাশ কৰি বিপদত পৰিবলৈ বিচৰা নাই৷

প্ৰকৃতিপ্ৰেমী, স্থানীয় এচাম সচেতন লোকৰ মতে দেশী সুৰাৰ সৈতে বিষ মিহলাই খুৱাই হাতীজাকক হত্যা কৰা হৈছে৷ কৃষ্ণ গগৈ নামৰ এজন অধিবক্তা তথা সচেতন ব্যক্তিৰ দাবী, আজুৰি নামৰ কোম্পানীক সৌৰশক্তি উদ্যোগ স্থাপনৰ বাবে বামুণী পথাৰখনক বন বিভাগে হাতীৰ বিচৰণভূমি নহয় বুলি এন অ’ চি দিছিল৷ অথচ এই স্থান হাতীৰ বিচৰণভূমি আছিল৷ পৰিৱেশ মন্ত্ৰণালয়ৰ প্ৰমাণপত্ৰৰ বাবেই হাতীজাকক কোনোবাই হত্যা কৰিলে নেকি?

হাতীজাকক হত্যাৰ সন্দেহ ক্ৰমশঃ ঘনীভূত হৈ অহাৰ সময়তে এই ঘটনাৰ নিৰপেক্ষ তদন্ত, মৰণোত্তৰ পৰীক্ষা, ফৰেনচিক পৰীক্ষা ৰাজ্যৰ বাহিৰৰ বিশেষজ্ঞৰ দ্বাৰা কৰোৱাৰ দাবী উত্থাপিত হৈছে৷ আনকি প্ৰকৃতিপ্ৰেমীয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ে নিজাববীয়া গোচৰ লৈ হাতীকেইটাৰ মৰণোত্তৰ পৰীক্ষা, ফৰেনচিক পৰীক্ষা ৰাজ্যৰ বাহিৰৰ বিশেষজ্ঞৰ দ্বাৰা কৰোৱাৰ নিৰ্দেশ দিব লাগে বুলিও মতামত আগবঢ়াইছে৷ উল্লেখ্য, কেৰালাত এজনী গৰ্ভৱতী হাতীক বিস্ফোৰক ভৰাই দিয়া মাটিকঠাল খুৱাই হত্যা কৰাৰ ঘটনাত আদালতে হস্তক্ষেপ কৰিছিল আৰু দেশজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল৷  গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ পৰাও তেনে পদক্ষেপ আশা কৰিছে প্ৰকৃতিপ্ৰেমীয়ে৷

অৱসৰপ্ৰাপ্ত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত তদন্ত কৰক

  নগাঁও জিলাৰ তপতজুৰীৰ বামুণী পাহাৰত ২০টা হাতীৰ অকাল মৃত্যুৰ কাৰ্যক নিকৃষ্ট হত্যাকাণ্ড বুলি অভিহিত কৰিছে অসম সন্মিলিত মহাসংঘই৷ মহাসংঘৰ সভাপতি পেৰং চিৰি, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহাসচিব পূৰ্ণানন্দ ৰাভাই কয় যে বনবিভাগে হাতীকেইটাৰ মৃত্যুৰ কাৰণ বজ্ৰপাত বুলি ক’লেও সেই কথা বিশ্বাসযোগ্য নহয়৷ অসমৰ ইতিহাসত বজ্ৰপাতত হাতীৰ মৃত্যু হোৱাৰ কোনো তথ্য নাই৷ অতিশীঘ্ৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত ঘোষণা কৰক চৰকাৰে৷ আনহাতে পৰিৱেশমূলক চলচ্ছিত্ৰ নিৰ্মাতা শান্তনু সেনে বনমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰি হাতীৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত উচ্ছস্তৰৰ নিৰপেক্ষ তদন্ত ঘোষণা কৰিবলৈ আহ্বান জনাইছে৷

জি এল পাব্লিকেশ্বন্‌ছত মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা