Logo
image

দেশৰ ৫ ৰাজ্যত ‘কা’ বলৱৎ, অসমত মাথোঁ সময়ৰ অপেক্ষা

বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ অ-মুছলমান শৰণাৰ্থীলৈ দুৱাৰ খুলি দিলে মোদী চৰকাৰে
আমাৰ অসম, ৩০ মেঃ দেশজুৰি মহামাৰী কৰ’নাৰ সংহাৰ অব্যাহত থকাৰ মাজতে অ-মুছলমান বিদেশীক নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰি ভোটবেংকৰ ৰাজনীতিত নামি পৰিছে নৰেন্দ্ৰ মোদী চৰকাৰ৷ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বৰ্তমানলৈ বিধি প্ৰস্তুত কৰা নাই যদিও কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা অ-মুছলমান শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে আৱেদন বিচাৰি জাননী জাৰি কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শুকুৰবাৰে এটা নিৰ্দেশনা জাৰি কৰি গুজৰাট, ৰাজস্থান, ছত্তীশগড়, হাৰিয়ানা আৰু পঞ্জাবৰ ১৩খন জিলাত চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ পৰা আহি থিতাপি লোৱা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী শৰণাৰ্থীসকলৰ পৰা জিলা উপায়ুক্ত তথা গৃহ বিভাগৰ সচিবৰ জৰিয়তে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন বিচৰা হৈছে৷ গৃহ মন্ত্ৰণালয়ে নাগৰিকত্ব আইন-১৯৫৫ আৰু বিধি-২০০৯ৰ অধীনত এই জাননী জাৰি কৰি তাৎক্ষণিকভাৱে ৰূপায়ণৰ বাবে সংশ্লিষ্ট ১৩খন জিলাৰ উপায়ুক্তসকলক কৰ্তৃত্ব প্ৰদান কৰিছে৷ লক্ষণীয়ভাৱে নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে আশ্ৰয় লোৱা নিৰ্দিষ্ট ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ পদক্ষেপ হাতত লৈছিল৷ কিন্তু ভাৰতত ক’ভিড পৰিস্থিতি তথা দেশজুৰি হোৱা প্ৰতিবাদ আৰু নিৰ্বাচনী ৰাজনৈতিক অংকৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে সংশোধিত আইনখনৰ বিধি প্ৰস্তুত কৰি কাৰ্যকৰীকৰণৰ পৰা বিৰত আছিল৷ ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কৰ’নাৰ ভয়াৱহতাৰ দোহাই দি বিগত ১৩ মে’ত সংসদীয় কমিটীক ‘কা’ৰ বিধি প্ৰস্তুতৰ বাবে অতিৰিক্ত সময় বিচাৰি আৱেদন জনাইছিল যদিও শুকুৰবাৰে ‘কা’ই সামৰি ল’বলগীয়া বিদেশী লোকসকলক নাগৰিকত্বৰ বাবে অতি কৌশলপূৰ্ণভাৱে গৃহ মন্ত্ৰণালয়ে জাননী জাৰি কৰে৷ গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব সুমন্ত সিঙে জাৰি কৰা ৰাজপত্ৰিত জাননীখনত কোৱা হৈছে যে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ধাৰা ১৬ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতাসমূহ ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰে উক্ত আইনখনৰ ধাৰা ৫ আৰু ৬ৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতীয় নাগৰিকৰূপে পঞ্জীয়ন কৰা অথবা ভাৰতীয় নাগৰিকৰূপে অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত সংশ্লিষ্ট পাঁচখন ৰাজ্যৰ নিৰ্দিষ্ট ১৩খন জিলাৰ উপায়ুক্ত তথা সচিবে কাৰ্যব্যৱস্থা ল’ব পাৰিব৷ সেই অনুসৰি গুজৰাটৰ মোৰবি, ৰাজকোট, পাটনা আৰু বডোদৰা জিলাৰ লগতে ছত্তীশগড়ৰ দুৰ্গ আৰু বালুদাবজাৰ জিলা, ৰাজস্থানৰ জলোৰ, উদয়পুৰ, পালি, বাৰ্মাৰ আৰু চিৰোহি জিলা, হাৰিয়ানাৰ ফৰিদাবাদ আৰু পঞ্জাবৰ জলন্ধৰ জিলাৰ উপায়ুক্তই তেওঁলোকৰ এলেকাত বাস কৰা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ অ-মুছলমান শৰণাৰ্থীক বাসিন্দা বা ‘অৰ্ডেনেৰিলি ৰেছিডেণ্ট’ৰ ক্ষেত্ৰত আবেদন গ্ৰহণ কৰি কাৰ্যব্যৱস্থা ল’ব পাৰিব৷ অৱশ্যে হাৰিয়ানাৰ ফৰিদাবাদ আৰু পঞ্জাবৰ জলন্ধৰ জিলাৰ ক্ষেত্ৰত ৰাজ্য দুখনৰ গৃহ বিভাগৰ সচিবে নাগৰিকত্ব আইনৰ বিধি ২০০৯ৰ অধীনত আবেদনকাৰীৰ নাগৰিকত্বৰ ক্ষেত্ৰত বিবেচনা কৰিব লাগিব৷ আনহাতে, শৰণাৰ্থীসকলে অনলাইনযোগে আৱেদন কৰাৰ লগতে জিলা আৰু ৰাজ্যিক পৰ্যায়ত পৃথকে পৃথকে তথ্যৰ সত্যাসত্য পৰীক্ষণ কৰিব৷ উল্লেখ্য, ২০১৮ চনতো গৃহ মন্ত্ৰণালয়ে অনুৰূপ নিৰ্দেশনা জাৰি কৰি কেইবাখনো ৰাজ্যৰ নিৰ্দিষ্ট জিলাত চুবুৰীয়া ৰাষ্ট্ৰ তিনিওখনৰ পৰা অহা অ-মুছলমান শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ বাবে আৱেদন গ্ৰহণ কৰিছিল৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, গৃহ মন্ত্ৰণালয়ৰ শেহতীয়া স্থিতিয়ে পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি মোদী চৰকাৰে ‘কা’ কাৰ্যকৰী কৰাৰ বাবে আৰু এখোজ আগবঢ়োৱা বুলি একাংশই ক’ব বিচাৰিছে৷ অৱশ্যে আন একাংশই আকৌ ‘কা’ৰ বিধি প্ৰস্তুতৰ বাবে অতিৰিক্ত সময় বিচাৰি এতিয়া মোদী চৰকাৰে ২০২২ত গুজৰাট আৰু পঞ্জাব বিধানসভা নিৰ্বাচনৰ ভোটবেংকৰ ৰাজনীতিৰ লক্ষ্যৰে শুকুৰবাৰে উক্ত নিৰ্দেশনা জাৰি কৰা বুলিও ক’ব বিচাৰিছে৷ কিয়নো দুয়োখন ৰাজ্যত পাকিস্তানৰ পৰা অহা বৃহৎসংখ্যক অ-মুছলমান শৰণাৰ্থীয়ে থিতাপি লৈ আছে৷ যাৰ পৰিপ্ৰেক্ষিতত নৰেন্দ্ৰ মোদী চৰকাৰে পিছ দুৱাৰেদি ‘কা’ বলৱৎ কৰাৰ অভিসন্ধি ৰচা বুলিও চৰ্চা চলিছে৷ কেৱল সৰ্বোচ্ছ ন্যায়ালয়ত গোচৰ চলি থকাৰ বাবেই অসম, পশ্চিমবংগ, ত্ৰিপুৰাৰ দৰে অবৈধ বাংলাদেশীৰে ভৰি থকা ৰাজ্যকেইখনত বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ পৰা সাময়িকভাৱে বিৰত আছে বিজেপি চৰকাৰ৷ কিন্তু অসমত এতিয়া ‘কা’ৰ জৰিয়তে বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে মাথোঁ উপযুক্ত সময়ৰ অপেক্ষাত কেন্দ্ৰীয় চৰকাৰ৷ স্বাভাৱিকতেই এতিয়া অসমৰ ৰাইজে ‘কা’বিৰোধী প্ৰতিবাদৰ বাবে পুনৰ ওলাই আহিবনে নাই বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো বিজেপিয়ে বাৰম্বাৰ কৈ আহিছে, তেওঁলোকে ‘কা’ আনিবই৷ ইয়াৰ পাছতো ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত ‘কা’ বিৰোধী আন্দোলনৰ মাজতে জ্ঝখনকৈ আসনত ৰাইজে জয়ী কৰি পঠিয়াইছিল বিজেপি প্ৰাৰ্থীক৷ আৰু তাৰ ৩টা সমষ্টিয়েই আছিল ‘কা’ বিৰোধী আন্দোলনৰ কেন্দ্ৰ উজনি অসমৰ৷ ‘কা’বিৰোধী আন্দোলনত ৫জন নিৰীহ যুৱক শ্বহীদ হৈছিল৷ তৎসত্ত্বেও বিজেপিয়ে ‘কা’ সন্দৰ্ভত স্থিতি বাহাল ৰাখিছিল৷ সকলোৱে এইবাৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি-অগপ উৎখাত হ’ব বুলি ভাবিছিল যদিও হিতাধিকাৰী ৰাজনীতিৰ ফলত শেষ হাঁহি মাৰি বিজেপিয়েই পুনৰ চৰকাৰ গঠন কৰিলে৷ ‘কা’বিৰোধী আৱেগেৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল গঠন হোৱাৰ লগতে কংগ্ৰেছে ডিঙিত ‘ন’ কা’ লিখা গামোচা আঁৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতো অসমৰ ভোটাৰ ৰাইজৰ আৱেগ জগাব নোৱাৰিলে৷ এনে ফলাফলৰ পাছত বিজেপিয়ে জাতি সুৰক্ষাৰ কথা ক’লেও ‘কা’ৰ পৰা যে স্থিতি সলনি নকৰে সেয়া খাটাং৷ আনকি অসমীয়াৰ প্ৰতিবাদ হ’লেও তাত কিবা গুৰুত্ব দিব সেয়া কল্পনাৰো অগোচৰ৷ কিন্তু বিজেপি মিত্ৰজোঁটে অধিক সমষ্টিৰ পৰা জয়ী হ’লেও সমষ্টিৰ ৰাইজে ‘কা’ সমৰ্থন কৰে বুলি ক’লেও ভুল ব্যাখ্যাহে হ’ব৷
কাৰিকৰী অসুবিধা! পিছ দুৱাৰেদি হিন্দু-বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ যো-জা কেন্দ্ৰৰ
নাগৰিকত্ব সংশোধনী আইন [কা] ৰূপায়ণক লৈ কাৰিকৰী তথা প্ৰণালীগত সমস্যাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ৷ সেয়েহে এতিয়া পিছ দুৱাৰেদি হিন্দু-বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ যো-জা চলাই আছে মোদী চৰাকাৰে৷ কাৰণ সংসদৰ উভয় সদনত ‘কা’ অনুমোদন লাভ কৰাৰ প্ৰায় ডেৰ বছৰ পাছতো কেন্দ্ৰীয় গৃহ আৰু আইন মন্ত্ৰালয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিধিবদ্ধ নিয়মাৱলী এতিয়াও প্ৰস্তুত কৰিব পৰা নাই৷ সেয়েহে শুকুৰবাৰে নিশাৰ ভাগত কেন্দ্ৰীয় গৃহ বিভাগে এখন ৰাজপত্ৰিত জাননী জাৰি কৰা পৰিলক্ষিত হৈছে৷ উক্ত ৰাজপত্ৰিত জাননী অনুসৰি ২০১৯ চনৰ নাগৰিকত্ব সংশোধনী আইন নহয়, ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ১৬সংখ্যক অনুচ্ছেদৰ আধীনত ২০০৯ চনত তৎকালীন মনমোহন সিং চৰকাৰে প্ৰস্তুত কৰা নীতি-নিয়মৰ অধীনত চুবুৰীয়া দেশৰ সংখ্যালঘুক নাগৰিকত্ব প্ৰদানৰ দিহা প্ৰদান কৰা হৈছে৷ সেই অনুসৰি গুজৰাট, ছত্তিশগড়, ৰাজস্থান, হাৰিয়ানা আৰু পাঞ্জাৱৰ মুঠ ১৩খন জিলাত শৰণাৰ্থী হিচাপে আশ্ৰয় লৈ থকা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘু— হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছি আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল এতিয়া অনলাইনৰ জৰিয়তে ভাৰতৰ নাগৰিকত্ব লাভৰ বাবে আবেদন জনাব পাৰিব৷ নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যৰ গৃহ সচিব আৰু জিলা উপায়ুক্তসকলক পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে৷ মন কৰিবলগীয়া যে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত চুবুৰীয়া দেশৰ সংখ্যালঘুক নাগৰিকত্ব প্ৰদানৰ এয়াই প্ৰথম পদক্ষেপ নাছিল মোদী চৰকাৰৰ৷ ইয়াৰ পূৰ্বে ২০১৮ চনতো অনুৰূপ জাননী জাৰি কৰি মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ, ছত্তিশগড় আৰু দিল্লীৰ কেইবাখনো জিলাত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ পদেক্ষপ গ্ৰহণ কৰিছিল মোদী চৰকাৰে৷ শুকুৰবাৰে জাৰি কৰা জাননী অনুসৰি নতুনকৈ শৰণাৰ্থীসকলে নাগৰিকত্ব লাভ কৰিবলগীয়া জিলাসমূহ হৈছে– মোৰবি, ৰাজকোট, পাটান, বৰোদা, দুৰ্গ, বালডাবাজাৰ, জালোৰ, উদয়পুৰ, পালি, বাৰমেৰ, ছিৰহি, ফৰিদাবাদ আৰু জলন্ধৰ৷ পিছে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ পলায়ন কৰি অহা ধৰ্মীয় সংখ্যালঘু লোকসকলক আছুতীয়াকৈ ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰাৰ পাছতো কেন্দ্ৰৰ মোদী চৰকাৰক এতিয়া পুৰণি আইন তথা নীতি-নিয়মৰ অধীনত কিয় নাগৰিকত্ব প্ৰদান কৰিবলগীয়া হৈছে তাক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপিত হৈছে৷ বিশেষকৈ আইন প্ৰণয়ন কৰাৰ ডেৰ বছৰ পাছতো আইনৰ বিধিবদ্ধ নীতি-নিয়ম এতিয়াও কিয় প্ৰস্তুত কৰা নহল তাকলৈও সংশ্লিষ্ট মহলত প্ৰশ্ন উত্থাপিত হৈছে৷ এইক্ষেত্ৰত কেন্দ্ৰীয় গৃহ বিভাগে কৰ’না ভাইৰাছ অতিমাৰীৰ দোহাই দিছে যদিও নীতি -নিয়ম প্ৰস্তুত কৰাৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ আৰু আইন মন্ত্ৰালয়ৰ বিষয়াসকলে কেবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি বিভাগীয় সূত্ৰত জানিব পৰা গৈছে৷ নাগৰিকত্ব সংশোধনী আইন অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত চুবৰীয়া দেশৰ পৰা ভাৰতলৈ পলায়ন কৰি অহা সংখ্যালঘু লোকসকল ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব৷ এতিয়া বিধিবদ্ধ নিয়মাৱলী প্ৰস্তুত কৰাৰ সময়ত ভাৰতলৈ পলায়ন কৰি অহা সংশ্লিষ্ট ব্যক্তিয়ে কেনেদৰে নিজকে চুবৰীয়া দেশখনৰ সংখ্যালঘু নাগৰিক বুলি প্ৰমাণ কৰিব তাৰ কোনো দিহা উলিয়াব পৰা নাই৷ তদুপৰি সংশ্লিষ্ট ব্যক্তিয়ে যে ২০১৪ চনৰ ৩১ ডিচেম্বৰ কিম্বা তাৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰিছিল তাৰ প্ৰমাণ হিচাপে উপযুক্ত নথি-পত্ৰ কি হ’ব পাৰে তাৰো কোনো দিহা উলিয়াব পৰা নাই সংশ্লিষ্ট বিভাগবোৰে৷ কাৰণ বেছিভাগ সময়ত কোনো নথি-পত্ৰ অবিহনেই চুবুৰীয়া দেশসমূহৰ সংখ্যালঘুয়ে চোৰাং পথেৰে যে ভাৰতত প্ৰৱেশ কৰিছে সেয়া সকলোৱে ভালদৰে অবগত৷ তেনে অৱস্থাত বিধিবদ্ধ নিয়মাৱলী প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় গৃহ বিভাগক কমিটি অন চাবৰ্ডিনেট লেজিচলেচনৰ [চি এছ এল] ওচৰত বাৰম্বাৰ অতিৰিক্ত সময় বিচাৰিব লগীয়া হৈছে৷ কাৰণ সংসদীয় কাম-কাজৰ নিয়ম [মেনুয়েল] অনুসৰি এখন আইন সংসদৰ অনুমোদন লাভ কৰাৰ ছয় মাহৰ ভিতৰত আইনৰ বিধিবদ্ধ নিয়মাৱলী প্ৰস্তুত কৰাটো বাধ্যতামূলক৷ পিছে অনিবাৰ্য কাৰণত সেয়া সম্ভৱ নহলে চি এছ এলৰ পৰা সংশ্লিষ্ট মন্ত্ৰালয়ক অতিৰিক্ত সময় বিচাৰিব লগা হয়৷ জানিব পৰা মতে, ২০১৯ চনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিধি নিয়ম প্ৰস্তুত কৰাৰ বাবে চলিত মাহত কেন্দ্ৰীয় গৃহ বিভাগে পুনৰ চি এছ এলৰ পৰা অতিৰিক্ত সময় বিচাৰি আবেদন জনাইছে৷ লক্ষণীয়ভাৱে সদ্য সমাপ্ত অসম তথা পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ইস্তহাৰত শাসকীয় বিজেপি দলে নাগৰিকত্ব সংশোধনী আইনৰ নীতি-নিয়ম শীঘ্ৰে বলৱৎ কৰি মূলতঃ বাংলাদেশী হিন্দু উদ্বাস্তুসকলক নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ পিছে অতি বিতৰ্কিত এই আইনখন কেন্দ্ৰীয় চৰকাৰে বাস্তৱত কেতিয়া বলৱৎ কৰে সেয়া এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে৷ বাস্তৱত নাগৰিকত্ব সংশোধনী আইনকলৈ কেন্দ্ৰৰ মোদী চৰকাৰে এতিয়া এক বিড়াম্বনাত পৰাহে পৰিলক্ষিত হৈছে।