ভেক্চিন সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আহিব তৃতীয় ঢৌ
আমাৰ অসম, ৬ জুনঃ ক’ভিড বিধি পালন কৰাৰ ক্ষেত্ৰত জনসাধাৰণে সামান্য পৰিমাণে অৱহেলা কৰিলে ভাৰতত ক’ভিডৰ তৃতীয় ঢৌ হোৱাটো অনিবাৰ্য৷ নীতি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য বিনোদ পালে এনেদৰেই দেশবাসীক সতৰ্ক কৰি দিছে৷ উল্লেখ্য, দ্বিতীয় ঢৌ লাহে লাহে শাম কাটি আহিছে আৰু এনে সময়তে বহু বিজ্ঞানী আৰু বিভিন্ন বিশেষজ্ঞই দেশত চলিত বছৰৰ শেষৰপিনে ক’ভিডৰ তৃতীয় ঢৌৱে সংহাৰ চলাব বুলি মন্তব্য কৰিছে৷ এনে মন্তব্যৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ আতংকত ভুগিছে দেশৰ নাগৰিকে৷ এনে আতংকৰ মাজতে নীতি আয়োগৰ সদস্য বিনোদ পালে ভাৰতত ক’ভিডৰ তৃতীয় ঢৌ অনিবাৰ্য বুলি কৰা মন্তব্য স্বাভাৱিকতে উদ্বেগজনক হিচাপে পৰিগণিত হৈছে৷ বিনোদ পালৰ মতে, ক’ভিড প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিগত এবছৰ ধৰি পালন কৰি অহা সকলো নীতি-নিয়ম কঠোৰভাৱে পালন নকৰিলে আৰু এইক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰিলে দেশখনক তৃতীয়টো ঢৌৱে সংহাৰ কৰা অৱধাৰিত৷ বিনোদ পালে কয় যে, ভৱিষ্যতৰ ক’ভিড সংক্ৰমণ বা নিকট ভৱিষ্যতে ক’ভিডৰ তৃতীয়টো ঢৌ ৰোধ কৰাৰ বাবে আটাইতকৈ নিৰ্ভৰযোগ্য ভৰসা হৈছে ক’ভিডৰ টিকাকৰণ৷ সেই কথা উপলব্ধি কৰি কেন্দ্ৰীয় চৰকাৰে চলিত বছৰৰ ভিতৰতে সমগ্ৰ দেশবাসীৰ টিকাকৰণ সম্পূৰ্ণ কৰিবলৈ পৰিকল্পনা কৰিছে৷ কিন্তু এই পৰ্যন্ত ১৩৫ কোটি দেশবাসীৰ মুঠেই তিনি শতাংশ লোকৰহে টিকাকৰণ সম্পূৰ্ণ হৈছে৷ এনে পৰিপ্ৰেক্ষিতত চলিত বছৰৰ বাকী থকা সাত মাহৰ ভিতৰত সকলো দেশবাসীক টিকাকৰণ কৰা সম্ভৱ নহয়৷ সেয়েহে বিনোদ পালৰ মতে টিকাকৰণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ভাৰতত ক’ভিডৰ তৃতীয় ঢৌৱে সংহাৰ আৰম্ভ কৰিব৷
ভাৰতৰ সম্ভাব্য ক’ভিডৰ তৃতীয় ঢৌক লৈ ইতিমধ্যে বিভিন্ন বিশেষজ্ঞই সতৰ্কবাণী জাৰি কৰিছে৷ কিন্তু তৃতীয় ঢৌৰ সময়ত ক’ভিডৰ সংক্ৰমণৰ চৰিত্ৰগত পৰিৱৰ্তন কিমান হ’ব, কোনটো ষ্ট্ৰেইনে চৰিত্ৰ সলনি কৰি সংক্ৰমণ সৃষ্টিত প্ৰধান ভূমিকা ল’ব সেই বিষয়ে কোনো বিজ্ঞানী আৰু বিশেষজ্ঞই এতিয়ালৈকে ভৱিষ্যদ্বাণী কৰিব পৰা নাই৷ ভাৰতত ক’ভিডৰ দ্বিতীয় ঢৌৰ ক্ষেত্ৰত ভয়ংকৰ সংক্ৰমণত মূল ভূমিকা লৈছে ডেল্টা ষ্ট্ৰেইনে৷ এই ডেল্টা ষ্ট্ৰেইনকে দেশৰ জিনম ছিকুয়েন্সৰ দায়িত্বত থকা ‘ইণ্ডিয়ান ছাৰ্চ-ক’ভ-২ জেনেটিক্স কনচৰ্টিয়াম’ অৰ্থাৎ ইনছাকগ তথা ‘নেছনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’লে’ ভাৰতৰ সাম্প্ৰতিক ক’ভিড সংহাৰৰ ক্ষেত্ৰত দোষী বুলি অভিহিত কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থায়ো ক’ভিডৰ এই প্ৰজাতিক অতিশয় উদ্বেগজনক বুলি মন্তব্য কৰিছে৷ প্ৰথমে এই ষ্ট্ৰেইন পোৱা গৈছিল মহাৰাষ্ট্ৰৰ অমৰাৱতী অঞ্চলত৷ তেতিয়া ইয়াক ইমান বিপজ্জনক বুলি কোনেও চিহ্নিত কৰিব পৰা নাছিল৷ কিন্তু পৰৱৰ্তী সময়ত দিল্লী, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, গুজৰাটকে ধৰি দেশৰ বিভিন্ন স্থানত ক’ভিডৰ সংক্ৰমণ ভয়ংকৰভাৱে বাঢ়ি যোৱাত দেখা যায় যে সকলো স্থানতে এই দ্বিতীয় ষ্ট্ৰেইনেই সংক্ৰমণ বিস্তাৰ কৰিছে৷ দ্বিতীয় ষ্ট্ৰেইনৰ আক্ৰমণৰ ফলত ভাৰতৰ ক’ভিড পৰিস্থিতি যোৱা বছৰৰ তুলনাত এইবাৰ অধিক শোচনীয় হৈ পৰে৷
তৃতীয় ঢৌ আহিলে এইবাৰ ভাৰত পূৰ্বতকৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে৷ ঘাইকৈ টিকাকৰণৰ লেহেমীয়া গতিয়েই ইয়াৰ মূল কাৰণ হ’ব বুলি আশংকা কৰা হৈছে৷ বিশ্বখ্যাত ফৰাছী বিজ্ঞান পত্ৰিকা দ্য লানচেটে প্ৰকাশ কৰা অনুসৰি ফাইজাৰৰ দুয়োটা প্ৰতিষেধকৰ পালি প্ৰদানৰ মাজত ব্যৱধান যিমান বাঢ়ি যায়, ডেল্টা ষ্ট্ৰেইনৰ ক্ষেত্ৰত প্ৰতিষেধকৰ কাৰ্যকাৰিতা সিমানে কমি যায়৷ দীৰ্ঘ বৈজ্ঞানিক পৰীক্ষাৰ অন্তত এই ফলাফল পোৱা বুলি পত্ৰিকাখনে প্ৰকাশ কৰিছে৷ সম্প্ৰতি ভাৰত চৰকাৰে প্ৰতিষেধকৰ নাটনিৰ বাবে ক’ভিশ্বিল্ডৰ দুয়োপালি প্ৰতিষেধক প্ৰদানৰ ব্যৱধান ৮৪ দিনলৈ বৃদ্ধি কৰিছে৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ এই পদক্ষেপ দেশৰ নাগৰিকৰ বাবে হঠকাৰী সিদ্ধান্ত হৈ পৰিব পাৰে বুলি আশংকা কৰা হৈছে৷ প্ৰথমে ক’ভিশ্বিল্ডৰ দুয়োপালি প্ৰতিষেধকৰ ব্যৱধান আছিল ন্যূনতম ২৮ দিন৷ এতিয়া ন্যূনতম দিনৰ ব্যৱধান ৮৪ দিনলৈ বৃদ্ধি কৰাত ক’ভিশ্বিল্ডৰ কাৰ্যকাৰিতাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ নীতি আয়োগৰ সদস্য বিনোদ পালে কৈছে– ‘দেশবাসীয়ে ক’ভিডৰ সতৰ্কতা মানি চলাৰ গত্যন্তৰ নাই৷ কিয়নো দেশৰ সকলো নাগৰিকক টিকাকৰণ কৰিবলৈ হ’লে বহু সময়ৰ প্ৰয়োজন হ’ব৷ কিন্তু আমাৰ হাতত সময় নিচেই কম৷ সেয়েহে টিকাকৰণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ক’ভিড তৃতীয় ঢৌৱে দেশত আক্ৰমণ কৰাটো অনিবাৰ্য৷