গংগা মলিয়ন, গতিপথ সলাইছে ইলিছে
আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ হিন্দু ধৰ্মাৱলম্বীৰ বাবে পবিত্ৰ গংগা নদীৰ গুৰুত্ব এতিয়া হিন্দুত্ববাদী দলৰ শাসনত পূৰ্বৰ তুলনাত অধিক হৈছে৷ ক’ভিডৰ দ্বিতীয় ঢৌত গংগা নদীৰে শ শ মৃতদেহ উটি আহিলেও, গংগাৰ বালিত গণকবৰ উন্মোচিত হ’লেও গংগাৰ সেই পবিত্ৰ মৰ্যাদাৰ হীন দেঢ়ি হোৱা নাই৷ জনসাধাৰণৰ মনত গংগাৰ পবিত্ৰ ভাৱমূৰ্তি অম্লান হৈ থাকিলেও গংগাৰ পৰা মুখ ঘূৰাই আঁতৰি গৈছে নদীখনত সদাসুলভ মাছৰ ৰজা ইলিচে৷ পবিত্ৰ গংগাৰ লেতেৰা পানী ইলিচৰ কণী পৰা আৰু তাৰ সংৰক্ষণকে ধৰি পোৱালি জন্মদিয়াৰ বাবে প্ৰতিকূল হৈ পৰাৰ বাবেই ইলিচে গংগাত্যাগ কৰিছে৷ বিগত দুই-এবছৰ ধৰি গংগাৰ ইলিচ কমি আহিছিল বুলি মৎস্যজীৱিয়ে ওজৰ আপত্তি কৰি আহিছিল৷ এতিয়া এই সন্দৰ্ভত গৱেষণা কৰা একাধিক সংস্থায়ো স্বীকাৰ কৰিছে–চলিত বৰ্ষত গংগাত ইলিচ দুষ্প্ৰাপ্য হৈ পৰিছে৷ সাগৰৰ পৰা গংগা অভিমুখে আহিবলগীয়া ইলিচে বংগোপসাগৰৰ পৰা গংগাৰ মোহনা অভিমুখে আহিও মুখ ঘূৰাই ম্যানমাৰ আৰু বাংলাদেশ অভিমুখে ধাবমান হৈছে৷ বংগোপসাগৰৰ মোহনাৰ পৰা পূৰ্বে বাংলাদেশৰ পদ্মালৈ যিমান ইলিচে উজাইছিল, ঠিক সিমান নহ’লেও বৃহৎ সংখ্যক ইলিচ উজাই আহিছিল গংগালৈ৷ এতিয়া ইলিচে গংগাত্যাগ কৰি বাংলাদেশৰ পটুৱাখালি, চট্টগ্ৰাম, খুলনা আৰু ম্যানমাৰৰ ছিটুৱে মোহনাৰ দিশে উজাবলৈ ধৰিছে৷ ম্যানমাৰৰ ইৰাৱতী নদীৰ মোহনাৰে ইলিচে আগতে উজাই গ’লেও এতিয়া তাৰ সংখ্যা অভাৱনীয়৷ সেয়ে বাংলাদেশৰ খুলনা, পটুৱাখালি, চট্টগ্ৰাম আৰু ম্যানমাৰৰ ছিটুৱে মোহনাত এতিয়া জাল পেলালেই কুইণ্টলে কুইণ্টলে ইলিচ উঠিছে৷ অথচ সমুদ্ৰৰ পৰা উজাই আহি গংগা মোহনাৰ কাষ পায়েই উভতি দিশ সলাই বাংলাদেশ, ম্যানমাৰলৈ ইলিচৰ জাক আঁতৰি যোৱাত গংগা নদীৰ মোহনাত ইলিচ নোহোৱা হৈ পৰিছে৷ বিগত দুবছৰৰ তুলনাত বাংলাদেশত এইবছৰ ১৯ শতাংশ অধিক ইলিচ মৎস্যজীৱিয়ে ধৰিছে আৰু ম্যানমাৰত অভাৱনীয় হাৰত উভৈনদী হৈ পৰিছে ৰূপালী ৰঙৰ এই সুমিষ্ট মাছ৷ অথচ গংগাৰ মোহনাত ১৫ দিন জাল মাৰি মৎসজীৱিয়ে ধৰিছে ৩০-৪০টা ইলিচ৷
পবিত্ৰ গংগাৰ পানী লেতেৰা হৈ পৰাৰ বাবেই ইলিচে এতিয়া গংগাত্যাগ কৰিছে৷ সেই তথ্য জনাইছে ‘ছাউথ এছিয়া নেটৱৰ্ক অৱ ডেম ৰিভাৰ এণ্ড পিপল’ [এছ এ এন ডি আৰ পি] সংগঠনে৷ তেওঁলোকৰ প্ৰতিবেদন অনুসৰি অহা কেইবছৰমানৰ ভিতৰতে গংগা ইলিচশূন্য হৈ পৰিব৷ গংগাৰ প্ৰতি মানুহৰ অৱহেলাই ইয়াৰ কাৰণ৷ নদীখনক পবিত্ৰ জ্ঞান কৰিও দুয়োপাৰৰ মানুহে গংগাক ইমানেই লেতেৰা কৰিছে, য’ৰ পৰা মুখ ঘূৰাই নিছে জলজ প্ৰাণী ইলিচে৷ নদীখনৰ দুয়োপাৰে থকা কল-কাৰখানাৰ পেলনীয়া সামগ্ৰী, শৱদেহ সৎকাৰ কৰি অৱশিষ্ট উটুৱাই দিয়াৰ মাত্ৰা গংগাত বৃদ্ধি পাইছে৷ গংগাৰ পাৰৰ ১০০ ৰো অধিক পৌৰসভাই সকলো বৰ্জনীয় সামগ্ৰী গংগালৈ উটুৱাই দিয়ে৷ সেয়ে দূষিত হৈ পৰিছে পবিত্ৰ নদীখনৰ পানী৷ ফলত গংগা নদীৰ পানীৰ লৱনৰ [ছেলিনিটী] মাত্ৰা বৃদ্ধি পাইছে৷ অথচ ইলিচ মাছে সমুদ্ৰৰ নিমখীয়া পানীৰ পৰা নদীৰ মিঠা পানীলৈ উজাই আহে কণী পাৰিবৰ বাবে৷ কিয়নো কণী সংৰক্ষণ আৰু পোৱালি জন্মৰ বাবে ইলিচক আপেক্ষিকভাৱে মিঠা পানীৰ প্ৰয়োজন হয়, যি পানী নদীতহে পোৱা যায়৷ সাগৰৰ লুণীয়া পানীত ইলিচৰ জন্মচক্ৰ সম্পূৰ্ণ নহয়৷ এনেদৰে সাগৰৰ পৰা নদীলৈ উজাই অহা অৱস্থাতে ইলিচ চিকাৰ কৰে মৎস্যজীৱিয়ে৷ কিন্তু গংগাৰ পানীৰ লৱনৰ মাত্ৰ বাঢ়ি যোৱাত আৰু দূষণৰ ফলত পানী লেতেৰা হৈ পৰাত ইলিচে একেবাৰে গংগাত্যাগ কৰি বাংলাদেশ আৰু ম্যানমাৰ অভিমুখী গতি লৈছে৷ বাংলাদেশ আৰু ম্যানমাৰ এখন দেশতো নদীৰ মোহনাৰ সমীপত কোনো উদ্যোগ নিৰ্মাণ কৰিবলৈ দিয়া নাই৷ সেয়ে বাংলাদেশৰ বংগোপসাগৰৰ মোহনা, পদ্মা নদীৰ পানী আৰু ম্যানমাৰৰ ইৰাৱতী নদী আৰু মোহনাৰ পানী ইলিচৰ কণী পৰাৰ বাবে অনুকুল হৈ আছে৷ ফলত বাংলাদেশৰ খুলনা, চট্টগ্ৰাম, পটুৱাখালিৰ মোহনা আৰু ম্যানমাৰৰ ছিটুৱে মোহনাত এইবাৰ কুইণ্টলে কুইণ্টলে ইলিচ উঠিছে৷ চলিত বছৰত এই সমূহ মোহনাত ৫৯ লাখ টন ইলিচ ধৰিছে৷ আনহাতে গংগাৰ কাকদ্বীপকে ধৰি অলেখ মোহনাত ইলিচ চিকাৰ শূন্যপ্ৰায়৷
এতিয়াৰ পৰা দুই দশক পূৰ্বেই উচ্ছতম ন্যায়ালয়ে গংগাক দূষণমুক্ত কৰাৰ বাবে দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ চৰকাৰক নিৰ্দেশ দিছিল৷ গংগাক প্ৰদূষিত, লেতেৰা কৰাৰ বাবে ৰাজ্যসমূহক ভৎৰ্সনাও কৰিছিল৷ গংগাক কেনেকৈ পুনৰ জীৱন দিব, তাৰ কি পৰিকল্পনা চৰকাৰে কৰিছে সেয়া দাখিল কৰিবলৈও উচ্ছতম ন্যায়ালয়ে সংশ্লিষ্ট ৰাজ্যক নিৰ্দেশ দিছিল৷ গংগা প্ৰদূষণমুক্ত কৰাৰ এটা মন্ত্ৰণালয়ো আছে বিজেপি শাসিত চৰকাৰত৷ উত্তৰ প্ৰদেশ, বিহাৰত হিন্দুত্ববাদী বিজেপি আৰু বিজেপিৰ জোট চৰকাৰ আছে, যি কথাই কথাই পবিত্ৰ গংগাৰ কথা উল্লেখ কৰে৷ পিছে সেই চৰকাৰসমূহে চহৰাঞ্চলত গংগাৰ পাৰত বাগিছা পাতি ফুলনি সজালেও পানী পৰিষ্কাৰ কৰাৰ উদ্যোগ লোৱা নাই৷ সেয়ে পবিত্ৰ গংগাক লেতেৰাপানীৰ বাবেই ত্যাগ কৰিছে মাছৰ ৰজা ইলিচেও৷