Logo
image

ভেক্‌চিনপৰ্ব প্ৰায় শেষ বুষ্টাৰ দিয়া আৰম্ভ

আমাৰ অসম, ১১ জানুৱাৰীঃ ক’ভিডৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ সময়তে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ক’ভিডৰ সতৰ্কতামূলক বুষ্টাৰ [তৃতীয় পালি ভেক্‌চিন] মুকলি কৰে৷ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, যোৰহাট জিলাৰ  অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰ, অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অমিত শইকীয়া প্ৰমুখ্যে বিষয়াবৰ্গৰ উপস্থিতিত ক’ভিডৰ তৃতীয় পালি ভেকচিন উন্মোচন কৰি দিয়া ভাষণত স্বাস্থ্য মন্ত্ৰীজনে কয়, ‘‘এইবাৰ ক’ভিডৰ সংক্ৰমণৰ বাবে লকডাউন কৰা নহয়৷ বৰঞ্চ স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰাখি ক’ভিডৰ বিৰুদ্ধে যুঁজিম৷’’ উল্লেখ্য চিকিৎসক, স্বাস্থ্য কৰ্মী, ক’ভিড প্ৰতিৰোধ অভিযানৰ আগশাৰীৰ কৰ্মী আৰু গুৰুতৰ উপসৰ্গ থকা [ক’মৰ্বিডিটি] ৬০ বছৰ ঊধবৰ্ৰ লোকৰ বাবে সতৰ্কতামূলক তৃতীয়পালি ক’ভিড প্ৰতিষেধক অভিযান আজি ৰাজ্যখনত আৰম্ভ কৰা হৈছে৷ এই অভিযান যোৰহাটত কেন্দ্ৰীয়ভাৱে উদ্বোধন কৰি স্বাস্থ্য মন্ত্ৰীজনে লগতে কয় যে ক’ভিডৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ, চিকিৎসক আৰু চিকিৎসাকৰ্মীসকল সততে ক’ভিডৰ আক্ৰমণৰ সন্মুখীন হয় আৰু তেওঁলোকলৈ ক’ভিড সোঁচৰাৰ সম্ভাৱনা বেছি৷ সেয়ে চৰকাৰে এইসকলৰ বাবে সতৰ্কতামূলক তৃতীয় পালি ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ এক প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্ৰীজনে কয় যে সাংবাদিকসকলো ফ্ৰণ্টলাইন ৱৰ্কাৰ সেয়ে তেওঁলোককো এই অভিযানে সামৰি ল’ব৷ মন্ত্ৰীজনে প্ৰেছ ক্লাবত সাংবাদিকসকলৰ পৃথকে এই তৃতীয় পালি প্ৰতিষেধক প্ৰদান কৰাৰ আশ্বাস দিয়ে৷ স্বাস্থ্যমন্ত্ৰীজনে কয় যে আগন্তুক মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰীসকলে যাতে ক’ভিডৰ দুয়ো পালি ভেকচিন গ্ৰহণ কৰিব পাৰে, তাৰ ব্যৱস্থা কৰি ১৫ বছৰৰ পৰা ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীসকলক ফেব্ৰুৱাৰীৰ ভিতৰতে সম্পূৰ্ণ টীকাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ যিহেতু ক’ভাক্সিন ২৮ দিনৰ ব্যৱধানত গ্ৰহণ কৰিব পাৰি, সেয়ে জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ ভিতৰতে সকলোকে এই প্ৰতিষেধক প্ৰদান কৰিব পৰা হ’ব৷  অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে আঁত ধৰা অনুষ্ঠানত শিক্ষানুষ্ঠানমূহ বন্ধ ৰখা-নৰখাৰ সন্দৰ্ভত মন্ত্ৰীজনে কয় যে ক’ভিডৰ সংক্ৰমণ কেনেদৰে বৃদ্ধি পায় তাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব৷ অনুষ্ঠানত স্বাস্থ্য বিভাগৰ অন্যান্য উচ্ছ পদস্থ বিষয়া তথা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকল উপস্থিত থাকে৷

যোৰহাট চিকিৎসা প্ৰতিষ্ঠানৰ চৌহত জে এম চিলৈ হস্তান্তৰৰ পোষকতাঃ  চিকিৎসা বিজ্ঞানৰ তিনি বছৰীয়া পাঠ্যক্ৰম বন্ধ কৰাৰ পাছৰে পৰা বন্ধ হৈ পৰা যোৰহাট চিকিৎসা প্ৰতিষ্ঠানৰ চৌহদটো আজি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীক লগত লৈ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে৷ অধুনালুপ্ত তিনিবছৰীয়া চিকিৎসা পাঠ্যক্ৰমৰ বাবে ২০০৫ চনত এই প্ৰতিষ্ঠানটো গঢ় দিয়া হৈছিল৷ কিন্তু পৰৱৰ্তী সময়ত এই পাঠ্যক্ৰম বন্ধ কৰি দিয়াত প্ৰতিষ্ঠানটোৰ চৌহদ অব্যৱহৃত হৈ আছে৷ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীজনে এতিয়াও সুন্দৰ অৱস্থাত থকা ইয়াৰ আটাইকেইটা গৃহৰ লগতে বিশাল চৌহদটোৰ ভূমি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীনলৈ হস্তান্তৰকৰণৰ পোষকতা কৰে৷ চিকিৎসা মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিসৰ ক্ৰমে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত ভূমি তথা গৃহৰ প্ৰয়োজনীয়তা পূৰণত এই চৌহদটো সহায়ক হ’ব বুলি মন্ত্ৰী মহন্তই আশা প্ৰকাশ কৰে৷ এই চৌহদটো চিকিৎসা মহাবিদ্যালয়খনৰ সংলগ্ন কৰিবলৈ প্ৰয়োজনীয় বিধিগত প্ৰক্ৰিয়া পূৰণ কৰিব পৰাকৈ শীঘ্ৰে স্থানীয় চক্ৰ বিষয়াৰ জৰিয়তে এই চৌহদৰ ভূমি পুনৰবাৰ সঠিকভাৱে চিহ্নিত কৰিবলৈ মন্ত্ৰীজনে জিলা প্ৰশাসনক পৰামৰ্শ দিয়ে৷ এই চৌহদটো পৰিদৰ্শনৰ সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰ আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অমিত শইকীয়া উপস্থিত থাকে৷

বুষ্টাৰে বৃদ্ধি কৰে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা

আমাৰ অসমঃ দেশত ক’ভিডৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিলে প্ৰতিষেধকৰ তৃতীয় পালি প্ৰদানৰ প্ৰক্ৰিয়া– যাক বুষ্টাৰ ড’জ বা প্ৰিক’চন থাৰ্ড ড’জ বুলি আখ্যা দিয়া হৈছে৷ প্ৰকৃততে বুষ্টাৰ আন একো নহয়, ই হৈছে পূৰ্বে প্ৰদান কৰা প্ৰতিষেধকৰ আন এপালি বা তৃতীয় পালি প্ৰতিষেধক৷ দুপালিকৈ প্ৰতিষেধক প্ৰদান কৰাৰ পাছতো ক’ভিডৰ দৰে অতি শক্তিশালী ভাইৰাছে পুনৰ মানৱ দেহত সংক্ৰমণ ঘটাই থাকিবলৈ সক্ষম হৈছে৷ এই সংক্ৰমণ ৰোধ কৰাৰ বাবে বুষ্টাৰ বা তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ দিহা দিছিল বিশ্বৰ আগশাৰীৰ চিকিৎসা বিশেষজ্ঞই৷ যাতে আৰু এপালি প্ৰতিষেধক লোৱাৰ ফলত এগৰাকী ব্যক্তিৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা আৰু কিছুদিনলৈ শক্তিশালী হৈ থাকে৷ উল্লেখ কৰিব পাৰি, পৃথিৱীত এতিয়াও এনে অনেক ৰোগ আছে, যি ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে প্ৰত্যেক বছৰে এগৰাকী ব্যক্তিয়ে সেই ৰোগ প্ৰতিৰোধী প্ৰতিষেধক বা চিটা বা টিকা লৈ থাকিব লাগে৷ এটা সময় হয়তো আহিব পাৰে, ক’ভিডৰ প্ৰতিষেধকো মানৱ জাতিয়ে প্ৰত্যেক বছৰেই ল’বলগীয়া হ’ব৷ অৱশ্যে সেই সংক্ৰান্তত এতিয়াও কোনো স্থিৰ সিদ্ধান্তলৈ স্বাস্থ্য বিজ্ঞানী আহিব পৰা নাই৷ সেয়ে জৰুৰীকালীন পৰিস্থিতিত এতিয়া ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে তৃতীয় পালি প্ৰতিষেধক বুষ্টাৰ হিচাপে প্ৰদান কৰাৰ দিহা দিছে আগশাৰীৰ স্বাস্থ্য বিজ্ঞানীয়ে৷ সেই অনুসৰি ইতিমধ্যে পশ্চিমীয়া উন্নত দেশত বুষ্টাৰ প্ৰদান আৰম্ভ হৈ গৈছে৷ ভাৰতত বুষ্টাৰ প্ৰদান আৰম্ভ হৈছে আজি সোমবাৰৰ পৰা৷ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি প্ৰথমে বুষ্টাৰ স্বাস্থ্যকৰ্মী আৰু আন অসুখ থকা ষাঠিবছৰৰ ঊধবৰ্ৰ লোকেহে পাব৷  এওঁলোকৰ বাহিৰে ভাৰতত আন লোকে বুষ্টাৰ কেতিয়া পাব সেই সন্দৰ্ভত কোনো নিৰ্দেশনা চৰকাৰে জাৰি কৰা নাই৷ তদুপৰি সম্প্ৰতি যিসকল চিকিৎসক বা স্বাস্থ্যকৰ্মী ক’ভিডত আক্ৰান্ত হৈছে তেওঁলোকৰ ক্ষেত্ৰত বুষ্টাৰ ড’জ কেতিয়া প্ৰদান কৰা হ’ব সেই সন্দৰ্ভতো কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ কোনো নিৰ্দিষ্ট নিৰ্দেশনা নাই৷ উল্লেখ্য, দেশত টিকাকৰণ চলি থকা অৱস্থাত যি ব্যক্তি ক’ভিড পজিটিভ হৈছিল তেওঁলোকে প্ৰথম পালি অথবা দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ বাবে তিনিমাহ অপেক্ষা কৰিব লাগে বুলি স্বাস্থ্য মন্ত্ৰণালয়ে নিৰ্দেশ দিছিল৷ কিন্তু বুষ্টাৰ ড’জ প্ৰদানৰ ক্ষেত্ৰত এতিয়াও স্বাস্থ্য মন্ত্ৰণালয়ে সদ্যহতে ক’ভিড পজিটিভ হোৱা ব্যক্তিৰ ক্ষেত্ৰত কি কৰা হ’ব সেই বিষয়ে কোনো নিৰ্দেশনা জাৰি কৰা নাই৷

বুষ্টাৰ কি আৰু কেনেকৈঃ

১] প্ৰথম শাৰীৰ ক’ভিডযোদ্ধা আৰু ষাঠিবছৰৰ ঊধবৰ্ৰ ক’-মৰ্বিডিটি অৰ্থাৎ কোনো অসুখত ভুগি থকা লোক৷ 

২] বুষ্টাৰ লোৱাৰ সময়ত কোনো ব্যক্তিক চিকিৎসকৰ প্ৰমাণ-পত্ৰৰ প্ৰয়োজন নাই৷ কিন্তু যিসকলে বুষ্টাৰ ল’ব তেওঁলোকে চিকিৎসকৰ সৈতে পৰামৰ্শ কৰা ভাল৷

৩] দ্বিতীয় পালি প্ৰতিষেধক আৰু বুষ্টাৰৰ মাজত ৯ মাহৰ ব্যৱধান থকা প্ৰয়োজন৷ অৰ্থাৎ যিজন ব্যক্তিয়ে ২০২১ চনৰ ১০ এপ্ৰিলত দ্বিতীয় পালি প্ৰতিষেধক লৈছিল তেওঁ আজি বুষ্টাৰ লাভ কৰাৰ বাবে যোগ্য৷ এপ্ৰিলৰ পাছত দ্বিতীয় পালি প্ৰতিষেধক লোৱা সকলে সেই অনুসৰি ৯ মাহৰ ব্যৱধান বা ৩৯ সপ্তাহৰ ব্যৱধান সম্পূৰ্ণ কৰিব লাগিব৷ 

৪] বুষ্টাৰৰ ক্ষেত্ৰত প্ৰতিষেধকৰ সাল-সলনি বা মিশ্ৰণ নহ’ব৷ অৰ্থাৎ যিজন ব্যক্তিয়ে পূৰ্বৰ দুয়োপালি প্ৰতিষেধক ক’ভিশ্বিল্ড লৈছিল তেওঁ বুষ্টাৰৰ ক্ষেত্ৰতো ক’ভিশ্বিল্ডেই ল’ব লাগিব৷ 

৫] বুষ্টাৰ লোৱাৰ বাবে ক’-উইন এপত নতুনকৈ পঞ্জীয়ন কৰিব নালাগে৷ বুষ্টাৰৰ বাবে টিকাকৰণ কেন্দ্ৰলৈ ব্যক্তিজন নিজে আহিলেই হ’ব৷

৬] বুষ্টাৰ ল’বলৈ আহোতে আধাৰ, ভোটাৰ আই ডি, পাছপ’ৰ্ট বা ড্ৰাইভিং লাইচেন্সৰ যিকোনো এখন নথি লগত আনিব লাগিব৷

জ্জ] এই পৰ্যন্ত যিসকল লোকক বুষ্টাৰ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে সেয়া বিনামূলীয়া৷