Logo
image

কিয় ডাঃ গ্ৰিফিথে পালে স্বীকৃতি, কিয় নাপালে ডাঃ ধনীৰাম বৰুৱাই

মানৱ শৰীৰত গাহৰিৰ হৃদপিণ্ডৰ সফল সংৰোপণেৰে মাৰ্কিন বিজ্ঞানীৰ ইতিহাস সৃষ্টি

আমাৰ অসম, ১২ জানুৱাৰীঃ এৰিথমিয়াত ভোগা ৫৭ বছৰীয়া ডেভিদ বেনেটৰ হাতত আন বিকল্প নাছিল৷ অনিয়মিত হূদস্পন্দনৰ অসুস্থতাত ভুগি ৬ সপ্তাহ পূৰ্বে আমেৰিকাৰ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ মেডিচিন’ত ভৰ্তি হওঁতেই তেওঁ ‘টাৰ্মিনেল ইলনেছ’ অৰ্থাৎ ‘এণ্ড ষ্টেজ ডিজিজ’ বা জীৱনৰ শেষ পৰ্যায়ত উপনীত হোৱা ৰোগী৷ হয় ডেভিদ বেনেটে অনিয়মীয়া হূদস্পন্দনেৰে পৃথিৱীৰ পৰা চিৰবিদায় ল’ব লাগিব, নহয় মেৰীলেণ্ড স্কুল অব মেডিচিনৰ চিকিৎসকে তেওঁৰ বক্ষত স্থাপন কৰিবলৈ লোৱা গাহৰিৰ হূদপিণ্ডৰে জীয়াই থাকিবলৈ শেষ চেষ্টা চলাব লাগিব৷ ডেভিদ বেনেটে স্বাভাৱিকভাৱে দ্বিতীয় বিকল্পটোৱেই নিৰ্বাচন কৰিলে আৰু তাৰ ফলত সৃষ্টি হ’ল চিকিৎসা বিজ্ঞানৰ নতুন ইতিহাস৷ আমেৰিকাৰ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল চেণ্টাৰৰ চিকিৎসকৰ দলে ডেভিদ বেনেটৰ শৰীৰত জিন পৰিৱৰ্তন কৰা গাহৰি এটাৰ হৃদপিণ্ড সংৰোপন কৰিলে আৰু তাৰ পাছত তিনিদিন ধৰি বেনেট জীৱিত থকা অৱস্থাত মেৰীলেণ্ড হাস্পতাল কতৃৰ্পক্ষই ঘোষণা কৰিলে– ডেভিদ বেনেটেই সফলভাৱে গাহৰিৰ হূদপিণ্ড প্ৰতিষ্ঠাপন কৰা বিশ্বৰ প্ৰথমজন মানৱ৷ প্ৰায় জ্জ ঘণ্টা ধৰি চলা এই বিৰল অস্ত্ৰোপচাৰত নেতৃত্ব প্ৰদান কৰিলে মাৰ্কিন ছাৰ্জন ডাঃ বাৰ্টলে পি গ্ৰিফিথে, য’ত ভাৰতীয় চিকিৎসক ডাঃ মোহন সুন্থা আৰু পাকিস্তানী চিকিৎসক ডাঃ মুহাম্মদ এম মহিৰুদ্দিনৰো গুৰুত্বপূৰ্ণ অৱদান আছে৷

অসুস্থতাৰ অন্তিম পৰ্যায়ত উপনীত হোৱা অৰ্থাৎ নিশ্চিত মৃত্যুৰ দিশে আগবঢ়া ডেভিদ বেনেটক এই সাহসী সিদ্ধান্তৰ বাবে মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল চেণ্টাৰৰ চিকিৎসকৰ দলটোৱে উচ্ছ প্ৰশংসা কৰিছে৷ অস্ত্ৰোপচাৰৰ তিনিদিন পাছতো জীয়াই থকা ডেভিদ বেনেটে অস্ত্ৰোপচাৰৰ পূৰ্বেই কৈছিল– ‘মই জানো, এয়া অন্ধকাৰত আগবাঢ়ি যোৱাৰ দৰে ঘটনা৷ কিন্তু মোৰ উপাই নাছিল৷ কিয়নো এয়াই মোৰ বাবে আছিল শেষ সুযোগ৷’ উল্লেখ্য, অসুস্থ ডেভিদ বেনেটৰ শৰীৰ মানৱ হূদপিণ্ড প্ৰতিষ্ঠাপন কৰিব পৰাকৈ সাজু নাছিল৷ উল্লেখ্য, অস্ত্ৰোপচাৰৰ পূৰ্বে তেওঁক চিকিৎসকে এটা ‘হাৰ্ট-লাং বাইপাছ মেচিন’ৰ দ্বাৰা সংযোগ কৰি জীয়াই ৰাখিবলগীয়া হৈছিল৷ সেই মেচিন এতিয়াও তেওঁৰ শৰীৰত সংযোগ কৰি ৰখা আছে৷ অস্ত্ৰোপচাৰ কৰা চিকিৎসকৰ দলটোৱে জনাইছে, ‘জেনেটিকেলি মডিফাইড’ বা জিন পৰিৱৰ্তন ঘটনাই প্ৰতিষ্ঠাপন কৰা গাহৰিৰ হূদপিণ্ডটোৱে বেনেটৰ শৰীৰত মানৱ হূদপিণ্ডৰ দৰেই অধিকাংশ কাম সম্পাদন কৰি আছে আৰু তেওঁৰ শৰীৰে গাহৰিৰ হূদপিণ্ডটো প্ৰত্যাখান কৰাৰ কোনো লক্ষণ দেখুওৱা নাই৷ আজি মঙলবাৰে বেনেটৰ শৰীৰৰ পৰা ‘হাৰ্ট-লাং বাইপাছ মেচিন’টো খুলি দিয়াৰ কথা৷

প্ৰসংগতঃ উল্লেখযোগ্য, জন্তুৰ শৰীৰৰ অংগ ঘাইকৈ হূদপিণ্ড আৰু হাওঁফাওঁ মানৱদেহত প্ৰতিষ্ঠাপন কৰাৰ পাছত ৰোগী ৯০ দিনলৈ জীৱিত থাকিলেহে ‘ইণ্টাৰনেচনেল ছ’চাইটী ফৰ হাৰ্ট এণ্ড লাং ট্ৰেন্সপ্লানটেচন ফৰ এ জেন’ট্ৰেন্সপ্লানটেচন’ নামৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে এনে অস্ত্ৰোপচাৰ বা চিকিৎসা সফল বুলি স্বীকৃতি প্ৰদান কৰে৷ সেই দিশৰ পৰা মেৰীলেণ্ডৰ চিকিৎসকসকলৰ সাফল্যৰ দাবী অধিক আগতীয়া হৈছে বুলি সমালোচনা হৈছে৷

গোলকটোৰ এইপাৰে ভাৰতৰ এটা চুকত অসমৰ গোলাঘাটৰ ৩২ বছৰীয়া চফল যুৱক পূৰ্ণ শইকীয়াৰো ডেভিদ বেনেটৰ দৰে হাতত কোনো বিকল্প নাছিল৷ হয় তেওঁ ‘ভেণ্টিকুলাৰ ছেপ্টেল ডিফেক্ট’ অৰ্থাৎ হৃদযন্ত্ৰত ফুটা থকাৰ বাবে যিকোনো দিনাই মৃত্যুক সাৱটি ল’ব লাগিব, অন্যথা বিশ্বখ্যাত হৃদৰোগ ছাৰ্জন ডাঃ ধনীৰাম বৰুৱাই তেওঁৰ শৰীৰত গাহৰিৰ হৃদপিণ্ড স্থাপন কৰিবলৈ লোৱা সিদ্ধান্ত মানি ল’ব লাগিব৷ ২৫ বছৰ পূৰ্বে ১৯৯৭ চনত পূৰ্ণ শইকীয়াইও ডেভিদ বেনেটৰ দৰে পিছৰ বিকল্পটোৱেই নিৰ্বাচন কৰি লৈছিল৷ ব্ৰিটেইনৰ ৰয়েল কলেজ অব্‌ ছাৰ্জনৰ ফেল’ ডাঃ ধনীৰাম বৰুৱাই হংকঙৰ সহযোগী চিকিৎসক ডাঃ জনাথন হো কেই-ছিং নামৰ চিকিৎসকজনৰ সহায়ত পূৰ্ণ শইকীয়াৰ বক্ষত এটা গাহৰিৰ হৃদপিণ্ড প্ৰতিষ্ঠাপন কৰিছিল৷ আমেৰিকাৰ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল চেণ্টাৰৰ চিকিৎসকসকলে আজি যিটো দাবী কৰিছে, ২৫ বছৰৰ পূৰ্বে সেই একেই দাবী কৰিছিল ডাঃ ধনীৰাম বৰুৱাই৷ অন্যাৰ্থত ‘জেন’ট্ৰেন্সপ্লাণ্টেছন’ অৰ্থাৎ জন্তুৰ অংগ বা গাহৰিৰ হূদপিণ্ড মানৱ দেহত সংস্থাপন কৰাৰ ক্ষেত্ৰত অসমৰ চিকিৎসক ডাঃ ধনীৰাম বৰুৱা আছিল ‘পায়’নিয়াৰ’৷ চিকিৎসা বিজ্ঞানৰ ‘এথিক্স’, এনে প্ৰক্ৰিয়াৰ ক্ষেত্ৰত থকা সঠিক ‘চেনেল’ আৰু সৰ্বোপৰি চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ‘মেথড’ সঠিকভাৱে ব্যৱহাৰ নকৰাৰ বাবে হয়তো বিশ্বৰ চিকিৎসা বিজ্ঞানীয়ে ধনীৰাম বৰুৱাক যোগ্য স্বীকৃতি প্ৰদান নকৰিলে৷ সেই সময়ত অসমৰ সংবাদ জগতে পালন কৰা ভূমিকা অৰ্থাৎ প্ৰতিকূল সংবাদেও ডাঃ ধনীৰাম বৰুৱাক স্বীকৃতিৰ পৰিৱৰ্তে জে’লৰ ভাত খাবলৈ আগবঢ়াই পঠিয়ালে৷ যদিহে তেওঁ চিকিৎসা বিজ্ঞানৰ সকলো পদ্ধতি নিয়মমাফিক মানি লৈ সেই অস্ত্ৰোপচাৰ কৰিলেহেঁতেন, তেতিয়া হয়তো আজি মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল চেণ্টাৰৰ চিকিৎসকসকলে তেওঁলোকেই প্ৰথমে মানৱ দেহত গাহৰিৰ হূদপিণ্ড সংস্থাপন কৰি ইতিহাস ৰচনা কৰা বুলি দাবী কৰিব নোৱাৰিলেহেঁতেন৷

১৯৯৭ চনত ডাঃ ধনীৰাম বৰুৱাই যি অসাধ্য সাধন কৰিছিল সেয়া বিশ্বৰ যিকোনো চিকিৎসা বিজ্ঞানীৰ বাবে এতিয়াও এক অনস্বীকাৰ্য বিৰল ঘটনা৷ তেওঁ হংকঙৰ এজন চিকিৎসকৰ সৈতে লগ হৈ পূৰ্ণ শইকীয়া নামৰ এজন ৰোগীৰ শৰীৰত গাহৰিৰ হৃদপিণ্ড স্থাপন কৰিছিল৷ ডাঃ ধনীৰাম বৰুৱাই পৰৱৰ্তী সময়তো দাবী কৰা মতে ৰোগী পূৰ্ণ শইকীয়া এসপ্তাহ ধৰি জীৱিত আছিল৷ কিন্তু স্থানীয় সংবাদ মাধ্যমৰ মতে দুই-তিনিদিনৰ পাছতেই পূৰ্ণ শইকীয়াৰ দেহাৱসান ঘটিছিল৷ সংবাদ মাধ্যমৰ সেই দাবী পৰৱৰ্তী সময়তো মানি লোৱা নাই ডাঃ ধনীৰাম বৰুৱাই৷ পূৰ্ণ শইকীয়াৰ শৰীৰত গাহৰিৰ হৃদপিণ্ড প্ৰতিষ্ঠাপন কৰা অস্ত্ৰোপচাৰটোত ডাঃ ধনীৰাম বৰুৱা আৰু ডাঃ জনাথনক প্ৰয়োজন হৈছিল পোন্ধৰ ঘণ্টা সময়৷ গুৱাহাটীৰ সমীপৰ সোণাপুৰত ডাঃ ধনীৰাম বৰুৱাই হাৰ্ট চিটী নাম দি যিখন চিকিৎসালয় আৰম্ভ কৰিছিল, নিশ্চিতভাৱে তাত গোলকটোৰ সিপাৰে আমেৰিকাৰ মেৰীলেণ্ডত থকা মেডিকেল চেণ্টাৰৰ দৰে সুবিধা নাছিল৷ তদুপৰি সেয়া আছিল এতিয়াৰ পৰা ২৫ বছৰ আগৰ কথা, যেতিয়া চিকিৎসা বিজ্ঞানে এতিয়াৰ আধুনিকতম স্পৰ্শ লাভ কৰিব পৰা নাছিল৷ মেৰীলেণ্ডৰ চিকিৎসকসকলে ডেভিদ বেনেটৰ শৰীৰত ‘জেনেটিকেলি ম’ডিফাইড’ অৰ্থাৎ জিন পৰিৱৰ্তন কৰা গাহৰিৰ হৃদপিণ্ড প্ৰতিষ্ঠাপন কৰা বুলি মুকলিকৈ প্ৰকাশ কৰিছে৷ তাত কাৰো সন্দেহৰ অৱকাশ নাই৷ ইয়াৰ বিপৰীতে ধনীৰাম বৰুৱাই পূৰ্ণ শইকীয়াৰ দেহত তেওঁৰ হাৰ্ট চিটীত পোহা এটা সাধাৰণ গাহৰিৰ হৃদপিণ্ড স্থাপন কৰিছিল বুলি তেতিয়া সংবাদ মাধ্যমে দাবী কৰিছিল৷ অৱশ্যে ডাঃ ধনীৰাম বৰুৱাই জিন পৰিৱৰ্তন আৰু টিছু কালছাৰ কৰাৰ পাছতহে গাহৰিৰ হৃদপিণ্ড ব্যৱহাৰ কৰা বুলি সদৰী কৰিছিল৷ কিন্তু তাৰ সমৰ্থনত তেওঁ জোৰদাৰ যুক্তি বা প্ৰমাণ দাখিল কৰিব পৰা নাছিল৷ কেইদিনমানৰ পাছত পূৰ্ণ শইকীয়াৰ মৃত্যু হৈছিল আৰু অৱশ্যে ডাঃ ধনীৰাম বৰুৱাৰ অস্ত্ৰোপচাৰৰ সময়ৰ পৰাই অসমৰ অধিকাংশ সংবাদ পত্ৰই কেৱল বিৰোধিতা কৰি বাতৰি প্ৰচাৰ কৰিছিল৷ পূৰ্ণ শইকীয়াৰ মৃত্যুৰ পাছত প্ৰতিকূল বাতৰি তুংগত উঠিছিল৷ ইয়াৰ ফলত আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছিল আৰু হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ডাঃ ধনীৰাম বৰুৱা আৰু ডাঃ জনাথনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছিল৷ তেওঁৰ বিৰুদ্ধে হোৱা গোচৰত চৰকাৰী পক্ষই উক্ত হৃদপিণ্ড গাহৰিৰ নহয় বুলি আদালতক জনাইছিল কিন্তু ১৯৯৯ চনত কলকাতাস্থিত ‘চেণ্ট্ৰেল ফৰেনচিক চায়েন্স ৰিছাৰ্চ লেব’ৰেটৰীয়ে চৰকাৰী দাবী নাকচ কৰি সেই হৃদপিণ্ড গাহৰিৰে আছিল বুলি ৰায় দিছিল৷ সামগ্ৰিকভাৱে  বহুকেইবছৰ পাছত আদালতত চলা সেই গোচৰৰ ৰায় ডাঃ ধনীৰাম বৰুৱাৰ পক্ষেই গৈছিল৷ কিন্তু তাৰ পূৰ্বেই ধনীৰাম বৰুৱাই কাৰাগাৰৰ পৰা উভতি নৌআহোতেই তেওঁৰ সোণাপুৰত থকা চিকিৎসালয়খন স্থানীয় লোকে ভাঙি লণ্ডভণ্ড কৰিছিল৷ ফলত পুনৰ আন এক তেনে পদক্ষেপ ল’বলৈ তেওঁ সাহস গোটাব পৰা নাছিল৷ তাৰো বহু বছৰ পূৰ্বে ডাঃ ধনীৰাম বৰুৱাই উদ্ভাৱন কৰা হৃদযন্ত্ৰৰ ‘ভেল্‌ভ’ পূৰ্ণ শইকীয়াৰ অস্ত্ৰোপচাৰ কৰাৰ আগৰে পৰা বিশ্বজুৰি ব্যৱহূত হৈ আহিছিল আৰু পৰৱৰ্তী সময়তো সেই যন্ত্ৰৰ জনপ্ৰিয়তা অটুট আছিল৷ ব্ৰিটেইনৰ এফআৰচিএছ ডাঃ ধনীৰাম বৰুৱাই নিজে গ্ৰহণ কৰা কিছুমান বিতৰ্কিত পদক্ষেপৰ বাবে স্বীকৃতি লাভ নকৰিলেও তেওঁৰ সেই প্ৰচেষ্টাক ‘জেন’ট্ৰেন্সপ্লাণ্টেছন’ৰ ক্ষেত্ৰত বিশ্বৰ অগ্ৰণী পদক্ষেপ বুলি অনেকেই মানি লৈছে৷ যদিহে তেওঁ এই অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞানৰ ‘এথিক্স’ পালন কৰিলেহেঁতেন, যদিহে তেওঁ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ বাবে অপ্ৰয়োজনীয় দৌৰত নানামিলেহেঁতেন আৰু অসমৰ সংবাদ মাধ্যমে তেওঁৰ বিৰুদ্ধে হিংসুক আৰু শত্ৰুভাৱাপন্ন স্থিতি নল’লেহেঁতেন তেতিয়া হয়তো ডাঃ ধনীৰাম বৰুৱাই আজিৰ দিনটোতো এই ক্ষেত্ৰত নিজকে পায়’নিয়াৰ বুলি গৌৰৱেৰে চিনাকি দিব পাৰিলেহেঁতেন৷