Logo
image

৬০খন দেশলৈ অসমৰ ৰঙা চাউল

আমাৰ অসম,২৫ জানুৱাৰীঃ অসমৰ প্ৰাকৃতিক সম্পদৰ অন্যতম উপাদান নদী আৰু নদীৰ পলসে প্ৰতিবছৰে  পথাৰ বা চোতালত পেলাই থৈ যোৱা সাৰুৱা পলস৷ নদীৰ চালমান বোৱঁতী সুঁতি আৰু নদীয়ে পেলাই থৈ যোৱা সাৰুৱা কৃষিভূমিক উপাদান হিচাপে লৈয়ে বিশ্ব দৰবাৰত  সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ কৃষক আৰু অসমৰ কৃষকে উৎপাদন কৰা শস্যৰ ফচল৷ সম্প্ৰতি সমগ্ৰ বিশ্বত এটি জনপ্ৰিয় ধান খেতিৰ নাম হৈছে ৰেড ৰাইচ, ৰঙা চাউল বা বাওধান৷ বিশ্ব দৰবাৰত এতিয়া জিলিকিছে অসমৰ বাওধানৰ চাউল৷ বিশ্বৰ ৬০খন দেশে অসমৰ বাওধানৰ চাউলক ৰঙা দলিচা পাৰিছে আৰু বিদেশৰ ৰান্ধনী ঘৰত  প্ৰ’টিনযুক্ত প্ৰাকৃতিক আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে৷ উল্লেখ্য যে, বাওধানৰ চাউল হৈছে প্ৰাকৃতিকভাৱে উৎপাদিত অতি মূল্যৱান ধান৷ ইয়াত খেতিয়কে বেছি কষ্ট কৰি সিঁচিব নালাগে৷ দ মাটি বা জেকা পলসুৱা মাটিত ট্ৰেক্টৰ বা নাঙলেৰে এবাৰ বা দুবাৰ চহাই বীজ সিঁচি দিলেই ই নিজে নিজে সেউজীয়া আকাৰ ল’বলৈ আৰম্ভ কৰে৷ বোৱঁতী নদীৰ মজলীয়া সোঁতত বা খাল-বিলত বাওধানৰ খেতি অধিক ফলপ্ৰসূ হয়৷ নদী, খাল-বিলৰ পানী যিমানে বাঢ়িবলৈ  আৰম্ভ কৰে সিমানে বাওধানৰো উচ্ছতা বাঢ়িবলৈ ধৰে৷ এইবিধ ধান যদি প্ৰয়োজনতকৈ বেছি বাঢ়ে তেতিয়া  গুটি কম হোৱাৰ সম্ভাৱনা থাকে৷ ফলত কেতিয়াবা কৃষকে বাওধানৰ আগ গৰু-ম’হক খাবলৈ দিয়ে৷ দ মাটি, জেকা, খাল-বিল আৰু বোৱঁতী নদীৰ পলসুৱা ভূমিত উৎপাদিত হোৱাৰ বাবে বাওধানৰ প্ৰ’টিন অধিক বেছি বুলি প্ৰমাণ হৈছে৷ বাওধানত থাকে ফাইবাৰ, আইৰণ, জিংক, ভিটামিন বি আৰু যথেষ্ট পৰিমাণৰ কেলছিয়াম৷ নিম্ন ৰক্তচাপৰ বাবে ই মূল্যৱান ঔষধ৷ অতি আনন্দৰ বিষয় যে অতি উচ্ছমানৰ বাওধান বা ৰেড ৰাইচ বৰ্তমানলৈকে অসমতে পোৱা গৈছে৷ বৰ্তমান বিদেশত বাওধান বা ৰেড ৰাইচৰ মূল্য আকাশলংঘী৷ লখিমপুৰ আৰু ধেমাজি জিলাৰ পৰা বিদেশলৈ প্ৰত্যক্ষভাৱে বাওধান ৰপ্তানি হৈ আছে৷ বিশেষকৈ লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত চাট্ৰাৱনৰ উদ্যোগত, ধেমাজি জিলাৰ শস্য উদ্যান বিভাগৰ সুযোগ্য বিষয়া, ধেমাজি জিলাৰ ডিমৌ নিৱাসী মনোজ পাংগিং আৰু সফল  খেতিয়ক তথা ধেমাজি জিলা পথাৰ পৰিচালনা সমিতিৰ সম্পাদক, গোগামুখ জয়ৰামপুৰ নিৱাসী বিশ্ব গয়াৰীৰ অবিৰত প্ৰচেষ্টাত৷ কৃষি বিষয়া মনোজ পাংগিং আৰু কৃষক বিশ্ব গয়াৰীয়ে জনোৱা মতে, তেওঁলোকে সমগ্ৰ অসমৰ প্ৰায় ১০ হাজাৰ কৃষকৰ কষ্টৰ ফচল বাওধান লখিমপুৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে প্ৰতি কুইন্টলত ১,৭০০ টকাকৈ দি সংগ্ৰহ কৰিছে৷ বিগত বৰ্ষত প্ৰতি কুইন্টলত ১,৬০০ টকাকৈ সংগ্ৰহ কৰিছিল৷ কিন্তু বাওধানৰ চাহিদা বিদেশত বাঢ়ি যোৱাৰ বাবে এইবাৰ পূৰ্বতকৈ দাম বৃদ্ধি পাইছে৷ বিগত বৰ্ষত ১০০টন বাওধান বিদেশলৈ ৰপ্তানি হৈছিল৷ এইবাৰ তাতকৈ বেছি বাওধান ৰপ্তানিৰ ব্যৱস্থা কৰা বুলি তেওঁলোকে জনাইছে৷ চলিত বৰ্ষত ইতিমধ্যে ৩০টন বাওধান প্ৰথম পৰ্যায়ত ৰপ্তানি হৈছে৷ এইবাৰ তেওঁলোকে ডেৰশ কুইন্টল বাওধানৰ চাউল ৰপ্তানি কৰিবলৈ ঠিৰাং কৰিছে৷ অসমৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিছে যদিও লখিমপুৰ আৰু ধেমাজি জিলাৰ পৰাই সৰ্বাধিক বাওধান সংগ্ৰহ  কৰি আহিছে আৰু লখিমপুৰ-ধেমাজিত বাওধানৰ খেতিৰ ওপৰত সৰ্বাধিক কৰ্মশালা অনুষ্ঠিত হৈছে৷ লখিমপুৰ আৰু ধেমাজি জিলাত থলুৱা কৃষকৰ উৎপাদিত শস্যৰ গুদাম বা পণ্যাগাৰ নাই৷ যাৰ বাবে কৃষক বিশ্ব গয়াৰীয়ে গোগামুখৰ নিজগৃহতে বাওধান জমা কৰি ৰাখিবলগীয়া হৈছে৷  তাৎপৰ্যপূৰ্ণ যে, গোগামুখৰ গুদামৰ পৰা হাৰিয়ানাৰ নেচাৰ বায়’ ফুড্‌ছ লিমিটেডে হাৰিয়ানালৈ বাওধানৰ চাউল ট্ৰাকৰ জৰিয়তে নিয়ে৷ তাৰ পাছত হাৰিয়ানাৰ পৰা আমেৰিকাৰ কেলিফৰ্ণিয়ালৈ নিব৷ কেলিফৰ্ণিয়াৰ পৰাই বিশ্বৰ ৬০খন দেশলৈ ৰেড ৰাইচ বা  ৰঙা চাউল ৰপ্তানি হয়৷ আমাৰ হাতত পৰা তথ্য অনুসৰি, আমেৰিকাত ইতিমধ্যে ৰেড ৰাইচৰ ওপৰত গৱেষণা কৰি আছে আৰু আমেৰিকাতে ইয়াক উৎপাদনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷