Logo
image

‘আপদ’ সংখ্যালঘু হ’ব সম্পদ

কেন্দ্ৰীয় মন্ত্ৰী নাকভিৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ মন্তব্য

আমাৰ অসম, ১৩মাৰ্চঃ সংখ্যালঘু আপদৰ পৰা সম্পদ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে হুনাৰ মেলাত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়–বেয়া পালেও মিঞা-মুছলমানৰ ঘৰত পৰক শিক্ষাৰ পোহৰ৷ মোক বেয়া পালেও দিনে নিশাই গালি পাৰিলেও সকলোৰে ভাল হওক৷ শিক্ষা কেৱল এটা সম্প্ৰদায়ৰ বাবে নহয়৷ শিক্ষা সকলোৰে বাবে৷ শিক্ষা আৰু স্বাস্থ্য ৰাজনীতি নহয়৷ ই ৰাজনীতিৰ উদ্ধৰ্ত৷     সংখ্যালঘূ অধ্যুষিত অঞ্চলত শিক্ষাৰ পোহৰ পৰিলে ‘আপদ’ সংখ্যালঘূ হ’ব সম্পদ৷ সংখ্যালঘুত উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায়ো বিচাৰিলে মুখ্যমন্ত্ৰী শৰ্মাই৷ কেন্দ্ৰীয় মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভিৰ উপস্থিতিত তেওঁ কয়– মুছলমান সমাজত একেবাৰে অভাব নাই৷ অভাৱ কেৱল শিক্ষাৰ৷ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহ শিক্ষাৰ ক্ষেত্ৰত বহু পিছ পৰি আছে৷ সংখ্যালঘু অঞ্চলতো শিক্ষাৰ প্ৰসাৰ হ’লেহে সংখ্যালঘু লোকসকল ভয়ৰ কাৰণ নাই সম্পদৰ কাৰণ হ’ব৷ মুখ্যমন্ত্ৰী শৰ্মাৰ এনে বক্তব্যৰে সংখ্যালঘুৰ মাজত বিজেপিৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ চেষ্টা বুলি চৰ্চিত হৈছে৷ ইফালে, মুখ্যমন্ত্ৰী শৰ্মাৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়–সংখ্যালঘু সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সঁচা কথাই কৈছে৷ মিছা কোৱা নাই৷ সংখ্যালঘু এলেকাত বিজেপিয়ে পূৰ্বে প্ৰাৰ্থিত্ব দিয়া নাছিল পৰাজয়ৰ ভয়ত৷ স্মতৰ্ব্য সদ্য অনুষ্ঠিত পৌৰসভা নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত অঞ্চল সমূহতো আশাতীতভাৱে ভোট পাইছে বিজেপিয়ে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভিৰ উপস্থিতিত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত হুনাৰ হাটৰ ৩৮ সংখ্যক সংস্কৰণটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়– এই হুনাৰ হাটৰ জৰিয়তে আমাৰ হস্ত¸শিল্প, ৰন্ধন প্ৰণালী তথা সংস্কৃতি প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰাৰ লগতে এই দিশত তেওঁলোকক আগুৱাই নি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰচাৰ কৰাৰ দিশত এক সম্ভাৱনাপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হ’ব৷ এই পদক্ষেপৰ জৰিয়তে ‘ভোকেল ফৰ লোকেল’ৰ এখন মঞ্চ তৈয়াৰ হোৱাৰ লগতে আৰু আমাৰ উৎপাদিত সামগ্ৰীৰ গৰিমা বৃদ্ধি পাব৷ আত্মনিৰ্ভৰ ভাৰতবৰ্ষ গঢ়াৰ দিশত আৰু এখোজ আগবঢ়াৰ দিশত ই সহায়ক হৈ উঠিব৷ ক্ৰমশঃ ব্যাপক ৰূপত আয়োজিত হোৱা এই হুনাৰ হাটে পৰৱৰ্তী বৰ্ষসমূহত দেশৰ ২০ লাখৰো অধিক শিল্পী আৰু কাৰুশিল্পীৰ প্ৰয়োজনীয়তা পূৰাবলৈ সক্ষম হ’ব৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বৰ্তমানৰ গোলকীয় প্ৰতিযোগিতাত সমানে খোজ পেলাব পৰাকৈ আমাৰ দেশীয় কলা আৰু কাৰুশিল্পৰ ঐতিহ্যমণ্ডিত ধাৰাটোৰ সুৰক্ষা আৰু প্ৰচাৰৰ বাবে নিৰৱিচ্ছিন্নভাৱে কাম কৰি আহিছে৷ যুৱ প্ৰজন্মৰ শিল্পীসকলে যাতে পৰম্পৰাগত শিল্পীসত্ত্বাৰ সৈতে সংযুক্ত হৈ থকাৰ লগতে এই পৰম্পৰাগত কলা আৰু কাৰুশিল্পৰ জৰিয়তে বিত্তীয় সাহায্য লাভ তথা আত্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে তাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে এই শিল্পৰ বিকাশ সাধনৰ দিশত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে৷ ক’ভিড-১৯ অতিমাৰীৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবাসীৰ উদ্ভাবনীমূলক দক্ষতা আৰু উদ্যমিতাৰ সহায়ত দেশে এই কঠিন পৰিস্থিতি অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল৷ সেই সময়ত আমাৰ উদ্যোগীসকলে এন-৯৫ মাস্ক, পি পি ই কিট আৰু ভেণ্টিলেটৰ জৰুৰীকালীন ভিত্তিত প্ৰস্তুত কৰিবলৈ সমৰ্থ হৈছিল, যিসমূহে কেৱল ঘৰুৱা চাহিদা পূৰণ কৰাই নহয়, বিশ্ব বজাৰলৈও ৰপ্তানি হৈছিল৷ এই পদক্ষেপে নিজস্ব সংস্কৃতি আৰু ঐতিহ্যৰ আধাৰত শক্তিশালী পদক্ষেপেৰে দেশখনক স্বাৱলম্বিতাৰ দিশলৈ ধাৱমান হোৱাৰ ইংগিত প্ৰদান কৰিছিল৷ উল্লেখ্য, ১১ মাৰ্চৰ পৰা ২০ মাৰ্চলৈকে গুৱাহাটীত আয়োজিত ৩৮ সংখ্যক হুনাৰ হাটত দেশৰ ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে৷ এই হাটত প্ৰায় ৩০০ খন বিপণীত দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন হস্তশিল্পজাত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে৷ অনুষ্ঠানত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভিয়েও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, সাংসদ কুইন ওজা আৰু ভুৱনেশ্বৰ কলিতা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷