Logo
image

শুকাই গৈছে বিশাল লুইতৰ বুকু মহানগৰীৰ ভূগৰ্ভৰ জলস্তৰো

আমাৰ অসম,২৩মাৰ্চঃ ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে হ্ৰাস পাইছে৷ যোৰহাটৰ নিমাতী ঘাটৰ বাসিন্দা লক্ষ্মী দত্তই প্ৰকাশ কৰা মতে, পূৰ্বৰ তুলনাত এইবাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী তিনি-চাৰিফুট তললৈ নামিছে৷ অৱশ্যে যোৱা দিন কেইটাত পানী সামান্য উধবৰ্গামী হৈছে৷ সেয়ে হ’লেও পূৰ্বৰ তুলনাত এইবাৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত নৈপৰীয়া জনসাধাৰণ উদ্বিগ্ন হৈ পৰিছে৷ কাৰণ ব্ৰহ্মপুত্ৰ নদীয়ে ভৰ বাৰিষা কালান্তক ৰূপ ধাৰণ কৰিলেও ব্ৰহ্মপুত্ৰই নৈপৰীয়া ৰাইজৰ জীৱন৷ কেৱল নৈপৰীয়া ৰাইজেই নহয় অসমৰ মাজেৰে পূবা-পশ্চিমাকৈ বৈ যোৱা এই মহাবাহুৰ বক্ষই অসমৰ ভূমি উৰ্বৰা কৰি ৰখাৰ লগতে কৃষ্টি-সংস্কৃতি গঢ় দিছে৷ সেয়ে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাটোৱে ৰাজ্যখনৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকট কৰি তুলিছে৷ সেয়ে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ কিয় অস্বাভাৱিকভাৱে হ্ৰাস পাইছে সেয়া অনুসন্ধানৰ বিষয় হৈ পৰিছে৷ নৈপৰীয়া জনসাধাৰণে আশংকা কৰা মতে চীনে ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰা বৃহৎ নদী বান্ধৰ বাবেই চিৰ প্ৰৱহমান ব্ৰহ্মপুত্ৰৰ বুকু তৰাং হৈ পৰিছে৷ উল্লেখ্য, চীনত ব্ৰহ্মপুত্ৰ নদীক আৰ্লুং চাংপো নামেৰে জনা যায়৷ জাংমু নামৰ ঠাইত আৰ্লুং চাংপোত চীনে এটা বৃহৎ নদী বান্ধ নিৰ্মাণ কৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে৷ তদুপৰি আৰ্লুং চাংপোত আন কেইবাটাও বৃহৎ নদী বান্ধ নিৰ্মীয়মান অৱস্থাত আছে৷ ইফালে, ব্ৰহ্মপুত্ৰৰ এখন উপনৈ ৰঙানদী ভাৰত চৰকাৰে নামনি সোৱনশিৰি প্ৰকল্প গঢ়ি তোলে৷ এনে নদী বান্ধৰ বাবেই ব্ৰহ্মপুত্ৰ শান্ত হৈ পৰা বুলি নৈপৰীয়া ৰাইজে আশংকা কৰিছে৷ অৱশ্যে, এই ক্ষেত্ৰত আই আই টি ৰুৰকীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট জল ব্যৱস্থাপনা বিশেষজ্ঞ, অসম সন্তান ড॰ নয়নজ্যোতি শৰ্মাই প্ৰকাশ কৰা মতে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ কাৰণ আন্দাজতে কৈ দিব নোৱাৰি৷ ইয়াৰ বাবে বৈজ্ঞানিক অন্বেষণৰ প্ৰয়োজন আছে৷ যোৱা কেইবছৰৰ এই সময়ছোৱাৰ সৈতে এইবছৰৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ আৰু পানী পৰিবহনৰ তথ্য তুলনা কৰিব লাগিব৷ তদুপৰি, পূৰ্বৰ তুলনাত এই বছৰ হিমালয়ত বৰফ গলাৰ পৰিমাণ হ্ৰাস পাইছেনেকি সেই তথ্যও আহৰণ কৰিব লাগিব৷ ইয়াৰ পাছতহে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ কাৰণ নিৰ্ণয় কৰিব পৰা হ’ব৷ ইফালে চীনে ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণ কৰা বিষয়টোতো তেওঁ উদ্বেগ প্ৰকাশ কৰে৷ তেওঁ জনোৱা মতে, ভাৰতবৰ্ষ আৰু চীনৰ মাজত পানীৰ ভাগ বটোৱাৰা সন্দৰ্ভত চুক্তিৰ প্ৰয়োজন৷ কিন্তু এনে চুক্তি আজি পৰ্যন্ত হোৱা নাই৷ ইফালে চীনে ব্ৰহ্মপুত্ৰত নদী বান্ধ দিয়াৰ সন্দৰ্ভত কোনো তথ্য সদৰী কৰিব নিবিচাৰে বুলিও তেওঁ উল্লেখ কৰে৷ এই ক্ষেত্ৰত বিজ্ঞানীজনে কয় যে কেইবছৰমান পূৰ্বে ৰাষ্ট্ৰসংঘৰ এটা দলৰ সদস্য হিচাপে তেৱোঁ চীন ভ্ৰমণ কৰি এই সন্দৰ্ভত তথ্য আহৰণৰ চেষ্টা কৰিছিল৷ কিন্তু চীনে কোনো বৈজ্ঞানিক তথ্য প্ৰদান কৰিবলৈ ইচ্ছুক নহয়৷ ইয়াৰ পৰিৱৰ্তে চীনে বান্ধৰ জৰিয়তে পানী আৱদ্ধ কৰি ৰখাৰ বিষয়টো অস্বীকাৰ কৰি আহিছে৷ তেওঁলোকে কেৱল প্ৰৱহিত হৈ থকা পানীৰ সোঁতত জল বিদ্যুৎ উৎপাদন কৰা বুলিহে দাবী কৰে৷ সেয়ে চীনে গোপনে পানী আৱদ্ধ কৰি ৰখাৰ বিষয়টো অস্বীকাৰ কৰিব নোৱাৰি যদিও সঠিক তথ্য অবিহনে এই ক্ষেত্ৰত মত প্ৰকাশৰ পৰা বিশিষ্ট বিজ্ঞানীজন বিৰত থাকে৷ ইফালে পূৰ্বৰ তুলনাত এইবাৰ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱা বিষয়টোত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড॰ ৰাজীৱ লোচন ডেকায়ো উদ্বেগ প্ৰকাশ কৰে৷ তেওঁ কয় যে মাৰ্চ মাহত স্বাভাৱিকতে ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস পায়৷ কিন্তু পাহাৰত হোৱা বৰষুণে জলস্তৰৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়৷ পূৰ্বৰ তুলনাত এইবাৰ পাহাৰত বৰষুণ হ্ৰাস পোৱাৰ বাবেও জলস্তৰ কম হ’ব পাৰে৷ ইয়াৰ পৰিৱৰ্তে ব্ৰহ্মপুত্ৰই অধিক বালি কঢ়িয়াই আনি স্তুপীকৃত কৰিছে৷ বালিৰ দ’মৰ বাবে উষ্ণতা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত পানীৰ বাষ্পীকৰণ বৃদ্ধি পাইছে৷ প্ৰণিধানযোগ্য যে অসমত পূৰ্বে মাৰ্চ মাহত কমেও ১০০ ছেণ্টিমিটাৰ বৰষুণ হয় যদিও এইবাৰ ০ ছেণ্টিমিটাৰো বৰষুণ হোৱা নাই৷ ইয়াৰ পৰিৱৰ্তে উষ্ণতা বৃদ্ধিয়ে নদীৰ বাষ্পীকৰণৰ জৰিয়তে জলস্তৰ হ্ৰাস পোৱাত ইন্ধন যোগাইছে৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ ইয়ো কাৰণ হ’ব পাৰে বুলি বিজ্ঞানীজনে ধাৰণা কৰিছে৷

পানীৰ সংকটে বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে মহানগৰবাসীক৷ বাৰিষাৰ এজাক বৰষুণতে বানপানীৰ সন্মুখীন হোৱা মহানগৰবাসীয়ে এতিয়া এটুপি খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি হৈছে৷ বৰলুইতৰ পাৰতে অৱস্থিত গুৱাহাটী মহানগৰী ক্ৰমাৎ পৰ্যবসিত হৈছে মৰুভূমিলৈ৷ ক্ৰমাৎ শুকাই গৈছে মহানগৰীৰ ভূগৰ্ভৰ জলস্তৰ৷ শুকাই গৈছে কুঁৱা, সৰু-সুৰা ব’ৰিঙেৰেও পানী নোলোৱা হৈছে মহানগৰীত৷ খোৱাপানী বা নিত্য ব্যৱহূত পানীৰ বাবেও এতিয়া মহানগৰবাসীয়ে জীয়াতু ভূগিবলগীয়া হৈছে৷ এটুপি পানীৰ বাবে মহানগৰীত দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে নাগৰিকে৷ কাষতে বিশাল বৰলুইতৰ উপৰি চাৰিওদিশে পাহাৰত অসংখ্য জান-জুৰি থকাৰ পাছতো একমাত্ৰ বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱৰ বাবেই মহানগৰীত পানীৰ নাটনিয়ে দেখা দিছে বুলি সচেতন মহলে প্ৰকাশ কৰিছে৷ মহানগৰীত পানীৰ অভাৱৰ সুযোগ গ্ৰহণ কৰি একাংশ পানী মাফিয়াই হাজাৰ হাজাৰ ফুট গভীৰতাত ব’ৰিঙৰ জৰিয়তে অত্যাধুনিক মেচিন লগাই পানী উত্তোলন কৰি চৰা দামত বিক্ৰী কৰিছে৷ সু-গভীৰ ব’ৰিঙৰ জৰিয়তে পানী উত্তোলন কৰাৰ পৰিপ্ৰেক্ষিতত সমীপৱৰ্তী অঞ্চলসমূহত সাধাৰণ নাগৰিকৰ ঘৰুৱা সৰু সৰু ব’ৰিঙেৰে পানী নোলোৱা হোৱাৰ উপৰি কুঁৱাসমূহো শুকাই গৈছে৷ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে শুকাই গৈছে লুইতৰ বুকু৷ অকল গুৱাহাটী মহানগৰীতেই নহয়, বৰ্তমান ৰাজ্যৰ চৌপাশে পানীৰ সমস্যাই দেখা দিছে৷ এটুপি পৰিষ্কাৰ পানী যাতে সকলোৱে লাভ কৰে, সেই উদ্দেশ্যে সজাগতা সৃষ্টিৰঅৰ্থে পালন কৰি অহা বিশ্ব জল দিৱসৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা দিয়া পানীৰ ভয়ানক সংকটৰ কথা পোহৰলৈ আহিছে৷ পানীয়েই প্ৰাণীৰ প্ৰাণ–এই পানীৰ বাবেই কৰিমগঞ্জৰ কাটিগড়াত এগৰাকী কিশোৰীয়ে এটা গাতৰ পৰা বাতিৰে পানী সংগ্ৰহ কৰি থকা এটা কৰুণ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাত খোৱাপানীৰ বাবে হাতত কলহ, গেলন লৈ এটা কুঁৱাৰ পানী সংগ্ৰহৰ বাবে দীঘলীয়া শাৰী পাতিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এনেকুৱা ছবি এতিয়া ৰাজ্যৰ বিভিন্ন অংশত সুলভ৷ যদিহে চৰকাৰী পানী যোগান আঁচনিসমূহ সফলভাৱে ৰূপায়ণ নহয়, তেনেহ’লে অনাগত দিনত এটুপি পানীৰ বাবে ইয়াতকৈয়ো ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাটো নিশ্চিত৷ ইনষ্টিটিউচন অৱ ইঞ্জিনিয়াৰ্ছৰ অসম ৰাজ্যিক কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত তথা কেন্দ্ৰীয় আৰু ৰাজ্যিক জলসম্পৰ্কীয় বিভাগৰ সহযোগত মঙলবাৰে পাণবজাৰস্থিত কেন্দ্ৰৰ নিজা প্ৰেক্ষাগৃহত বিশ্ব জল দিৱস উদ্‌যাপন কৰা হয়৷ এই উপলক্ষে পুৱা দহ বজাত কেন্দ্ৰৰ অধ্যক্ষ অধ্যাপক নৃপেন নাথ পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল মুখ্য অতিথি হিচাপে, তেজপুৰস্থিত নেৰিৱালমৰ সঞ্চালক ড॰ প্ৰদীপ কুমাৰ বৰা আৰু ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য বিভাগৰ সচিব অভিযন্তা বিশ্বদীপ দাস সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ এই বছৰ দিৱসৰ মূল আলোচ্য বিষয় আছিল– ভূগৰ্ভস্থ জলঃ অদৃশ্যক দৃশ্যমান কৰা৷ এই বিষয়ত বক্তৃতা প্ৰদান কৰে আইআইটি, গুৱাহাটীৰ অধ্যাপক ড॰ ৰাজীৱ ভট্টাচাৰ্যই৷ সভাতে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ অধীনত যোৱা বছৰৰ শ্ৰেষ্ঠ স্নাতক অভিযন্তা আৰু শ্ৰেষ্ঠ বৈদ্যুতিক স্নাতক অভিযন্তা ক্ৰমে সত্যেন্দ্ৰ শৰ্মা সোঁৱৰণী বঁটা আৰু গকুল চন্দ্ৰ গোস্বামী সোঁৱৰণী বঁটা প্ৰদান কৰা হয়৷ এই বঁটা লাভ কৰিছে বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ অভিজিৎ ঘোষ আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ হিমাংশু বৰ্মনে৷ সভাত দিৱসৰ এখনি স্মৰণিকা আৰু কাৰিকৰী প্ৰৱন্ধ সংকলন উন্মোচন কৰা হয়৷ উন্মোচনী সভাৰ পাছতে এইবাৰৰ মূল আলোচ্য বিষয় সন্দৰ্ভত এখনি কাৰিকৰী আলোচনা-চক্ৰ অনুষ্ঠিত হয়৷ আলোচনা চক্ৰত বিশিষ্ট অভিযন্তা, বিজ্ঞানী আৰু অধ্যাপকৰ দ্বাৰা পাঁচখন কাৰিকৰী প্ৰৱন্ধ উপস্থাপন কৰা হয়৷

নগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলন ১৯৮২-৮৭ ৰ উদ্যোগত আজি বিশ্ব জল দিৱস উদ্‌যাপন কৰা হয়৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি ছুইজাৰলেণ্ডৰ বিশিষ্ট জলসম্পদ বিজ্ঞানী ড॰ জগন্নাথ মিশ্ৰই জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কিদৰে ভূগৰ্ভত পৰিছে সেই সম্পৰ্কে এক মননশীল ব্যাখ্যা দাঙি ধৰি কয়–সাম্প্ৰতিক সময়ত বৰষুণৰ পানীৰ নাটনিয়ে কৃষিভিত্তিক অৰ্থনীতিত প্ৰভাৱ বিস্তাৰ কৰিছে৷ তেওঁ লগতে এই সন্দৰ্ভত নাগৰিক প্ৰকল্পৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ সহযোগিতা কামনা কৰে৷ তেওঁ লগতে জলসম্পদৰ স্থানীয় সমলসমূহৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট ভূ-তত্ত্ববিদ ড॰ মাণিক কৰে কয়- অসমৰ ভূ- গৰ্ভত পানী দূষিত হ’বলৈ আৰম্ভ কৰিছে৷ তেওঁ লগতে কয়- চহৰীকৰণেও পানীৰ ওপৰত প্ৰভাৱ পেলাইছে৷ যাৰ বাবে ভূগৰ্ভৰ পানীৰ স্তৰ নিম্নগামী হৈছে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ শৰৎ বৰকটকীয়ে উদ্বোধন কৰা সভাখনত ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড॰ধ্ৰুৱজ্যোতি বৰুৱাই সঞ্চালনা কৰে৷  অনুষ্ঠানৰ আঁতধৰে অধ্যাপিকা ড॰ ডিঙ্কী মিশ্ৰই৷ অনুষ্ঠানত অধ্যাপক পুলিন চন্দ্ৰ বৰা, প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ অনিল শৰ্মা,ববিতা শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে৷ সৰস্বতী বন্দনাৰে অনুষ্ঠান আৰম্ভ কৰা হয়৷