Logo
image

বিহুৰ বতৰত আন বয়-বস্তুৰ লগতে দুৰ্মূল্য হ’ল গামোচা

আমাৰ অসম,১৩ এপ্ৰিলঃ  কিনো চ’ত মহীয়া/বতাহ জাকি মাৰিলে/গছে বনে সলালে পাত/কিনো অসমীয়াৰ বিহুটি আহিলে/গৰু চালে লগাতে মাত৷

অসমীয়াৰ নঙলা মুখত হেপাঁহৰ ৰঙালী বিহু৷ চৌদিশে এতিয়া অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে৷ প্ৰকৃতিয়ে নৰূপ লৈ বসন্তক আদৰি আনিবলৈ সাজু হৈছে৷ কুলি-কেতেকীৰ অমিয়া মাত,জকমককৈ ফুলা কপৌ,নাহৰ,তগৰ,ঢোলৰ ঘুমঘুমনি,পেপাঁৰ টিহিতি মাতে এতিয়া সকলোৰে মন প্ৰাণ ৰঙীল কৰি তুলিছে৷ জাতিয়ে এতিয়া হেপাহৰ ৰঙালী বিহু পালন কৰিবলৈ সাজু হৈছে৷ দেশ-বিদেশৰ প্ৰবাসী অসমীয়া সকলেও ৰঙালীক আদৰিবলৈ সাজু হৈছে৷ অসমীয়া জাতিৰ আয়ুষ ৰেখা ব’হাগৰ আছে সুকীয়া মাদকতা৷ চৌদিশে নতুনৰ আগমণ৷ ন-কুহিপাতে প্ৰকৃতিৰ বুকুলৈ বসন্ত অহাৰ উমান দিয়ে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিহুৰ আখৰা চলিছে৷ গছৰ তলৰ বিহুৰ পৰা মঞ্চ বিহুলৈ এক সুদীৰ্ঘ পৰিক্ৰমাৰ সাক্ষী হৈ আহিছে ব’হাগ৷ এতিয়া ল’ৰা-বুঢ়া সকলোৱে জুৰিছে বিহুনাম, লাহি-পাহি নাচনিসকলৰে ব্যস্ততাৰ অন্ত নাই৷ উজনি নামনিত ঢোলৰ গুমগুমণি৷ কিন্তু আকাশলংঘী মূল্যবৃদ্ধিয়ে এইবাৰ ম্লান কৰিছে বিহুৰ বজাৰ৷ বিহুৰ বতৰত আন বয় বস্তুৰ লগতে দুমুল্য হ’ল অসমীয়াৰ গামোচাখন৷ মৰমৰ দীঘ আৰু চেনেহৰ বাণীৰে অসমৰ জীয়ৰী-বোৱাৰীয়ে বোৱা গামোচাৰ মূল্যবৃদ্ধিৰ বাবে এইবাৰ বহিঃৰাজ্যৰ পাৱাৰ লুমৰ গামোচাৰে ভৰি পৰিছে বিহুৰ বজাৰ৷ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ বাণিজ্যৰ কেন্দ্ৰ ফাঁচীবজাৰো ভৰি পৰিছে বহিঃৰাজ্যৰ গামোচাৰে৷ প্ৰাপ্ত তথ্য অনুসৰি অসমত ৮৫ শতাংশ বহিঃৰাজ্যৰ গামোচা ব্যৱহাৰ হয়৷ ইয়াৰ মূলতে হৈছে বহিঃৰাজ্যৰ গামোচাসমূহ কম মূল্যত পোৱা যায়৷ এই সম্পৰ্কে থলুৱা ব্যৱসায়ী তথা পাপৰিচ ক্ৰিয়েচনৰ পাপৰি শইকীয়াই কয়– সূতাৰ দাম বৃদ্ধি হোৱা বাবে এইবাৰ গামোচাৰ দাম বৃদ্ধি পাইছে৷ পূৰ্বৰ ১০০ টকাত উপলব্ধ গামোচা এতিয়া ১২০ টকাত বিক্ৰী কৰা হৈছে৷ তদুপৰি ফুলাম গামোচা সমূহ ২৫০ টকাৰ পৰা ৬৫০ টকা মূল্যত বিক্ৰীৰ বাবে অনা হৈছে৷ পূৰ্বে কটন সূতাৰ মূল্য ৭৮০ টকা আছিল এইবাৰ ৯৮০ টকালৈ বৃদ্ধি হৈছে৷ সেইদৰে নুনী কটন সূতাৰ মূল্য পূৰ্বে ৩৪০০ টকা আছিল এতিয়া ৫১০০ টকা হৈছে৷ এই ধৰণে মূল্যবৃদ্ধি হোৱা বাবে এতিয়া এমুঠি সূতা পাবলৈ কঠিন হৈ পৰিছে৷ হেণ্ডলুমৰ গামোচাৰ মূল্য বৃদ্ধি হোৱা বাবে আমাৰ বিক্ৰী কমিছে৷ ইয়াৰ সুযোগ গ্ৰহণ কৰি বহিঃৰাজ্যৰ পৰা অহা পাৱাৰ লুমৰ গামোচাৰে ভৰি পৰিছে বিহুৰ বজাৰ৷’গুৱাহাটীত বিহু মেলত অংশগ্ৰহণ কৰিবলৈ অহা আন এজন থলুৱা ব্যৱসায়ী যোৰহাটৰ প্ৰফুল্ল শৰ্মাই কয়–এইবাৰ ব্যৱসায় যথেষ্ট লোকচান হৈছে৷ এফালে মূল্যবৃদ্ধি আৰু আনফালে গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ বাবে ক্ৰেতাৰ পৰা আমি ইতিবাচক সঁহাৰি লাভ কৰা নাই৷ এইবাৰ ৪ হাজাৰ,৫ হাজাৰ,৮ হাজাৰ টকা মূল্যৰ ঢোল বিক্ৰীৰ বাবে আনিছো যদিও ক্ৰেতাই মূল্যবৃদ্ধি হোৱা বাবে ক্ৰয় কৰা নাই৷ গুৱাহাটীলৈ বিহুৰ ব্যৱসায় কৰিবলৈ অহা শিৱসাগৰৰ নিতাইপুখুৰীৰ আনন্দ গগৈয়ে কয়–মই ৭০ টকা বাছ ভাৰাৰ পৰা গুৱাহাটীলৈ ব্যৱসায় কৰিবলৈ আহিছিলো৷ এতিয়া পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱা বাবে বিহুৰ বয়বস্তুৰ মূল্যবৃদ্ধি হৈছে৷ এতিয়া মই বাছৰ ভাড়া ৭৩০ টকা দিব লাগে৷ সেয়েহে এইৰ পেপা ১৩০০ টকা,যুৰীয়া পেপাঁ ৪৫৯ টকা,গগণা ১৫০,২০০ টকা,সুতুলী ১০০ টকা,বিক্ৰী কৰা হৈছে যদিও ক্ৰেতাৰ বিশেষ সঁহাৰি নাই৷’এই সম্পৰ্কে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ব্যৱসায় কৰিবলৈ অহা থলুৱা ব্যৱসায়ী সীমা সোণোৱালে কয়–এইবাৰ মই ৫০ জোপা কপৌফুলৰ লগতে হালধীয়া,বেঙুনীয়া ৰঙৰ লগতে ভাটৌ ফুল,বিক্ৰীৰ বাবে আনিছো৷ এইবাৰ ১০০ টকাৰ পৰা ৫০০ টকা মূল্যত কপৌফুল বিক্ৰী কৰা হৈছে৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱা বাবে আমাৰ ব্যৱসায় কৰিবলৈ গুৱাহাটীলৈ আহোতে যথেষ্ট খৰচ হয়৷ সেইবাবে আমি আমাৰ সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি কৰিবলগীয়া হৈছে৷ আন এগৰাকী ঢকুৱাখনাৰ পৰা অহা থলুৱা ব্যৱসায়ী ইলা দিহিঙিয়াই কয়–এইবাৰ পিঠা প্ৰতি পেকেট ৫০-৬০ টকা,লাড়ু প্ৰতি পেকেট ৬০ টকা,পিঠাগুড়ি এককিলো ১০০ টকা, চিৰা প্ৰতি কিলো প্ৰায় ১০০ টকা,জহা চাউল প্ৰতিকিলো প্ৰায় ১০০ টকা,পানীটেঙা ১০ টকা বিক্ৰী কৰাৰ লগতে তিনি বস্তা কপৌফুল বিক্ৰীৰ বাবে আনিছো৷ প্ৰতি থোপা আমি ১০০-১৫০ টকা মূল্যত বিক্ৰী কৰিছো৷ সম্প্ৰতি আমি কপৌফুল বিক্ৰী কৰি প্ৰায় ৭ হাজাৰ টকা লাভ কৰিছো৷ ইফালে ৰামদিয়াৰ দৈ ১৫০ টকা,ক্ৰীম ৫০০ টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰা হৈছে৷ ৰঙালী বিহু আগমণৰ সমান্তৰালকৈ পবিত্ৰ ৰমজান মাহ চলি আছে কিন্তু ফলমূল,শাক-পাচলি,মাছ-মঙহৰ নিয়ন্ত্ৰহীন মূল্যবৃদ্ধিয়ে এইবাৰ সৰ্বসাধাৰণ লোকক বাৰুকৈয়ে কোঙা কৰি পেলাইছে৷ সেয়েহে মূল্যবৃদ্ধিৰ বাবে এইবাৰ সেমেকিছে বিহুৰ বজাৰ৷

গামোচা অসমীয়া জাতিৰ মৰম,শ্ৰদ্ধা আৰু আন্তৰিকতাৰ প্ৰতীক৷ এই বৈশিষ্ট্য আৰু অস্তিত্ব ৰক্ষা কৰা প্ৰতিজন অসমীয়াৰে দায়িত্ব আৰু কৰ্তব্য৷ ভাৰত চৰকাৰে গামোচাৰ লগতে প্ৰতিটো জাতি-জনগোষ্ঠীৰ পৰম্পৰাগতভাৱে হাতে বোৱা বস্ত্ৰ বিদু্ৎচালিত তাঁতশালত উৎপাদন কৰাত হস্ততাঁত আইন,১৯৮৫১ দ্বাৰা নিষেধাজ্ঞা আৰোপ কৰিছে৷ এই নিষেধাজ্ঞা আওকাণ কৰি যি ব্যক্তি বা প্ৰতিষ্ঠানে বিদু্ৎচালিত তাঁতশালত গামোচা বা অন্যান্য জাতীয় পৰম্পৰাগত সাজপাৰ তৈয়াৰ কৰে বা আমদানি কৰি বিক্ৰী কৰে,সেইসকলৰ ওপৰত চোকা নজৰ ৰাখিবলৈ বঙাইগাঁও জিলাত উপায়ুক্তৰ অনুমোদনক্ৰমে এনফোৰ্চমেণ্ট স্কোৱাড গঠন কৰা হৈছে৷ এই এনফোৰ্চমেণ্ট স্কোৱাডত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াজনক অধ্যক্ষ, অভয়াপুৰীত থকা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকক সদস্য সচিব,সংশ্লিষ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক সদস্য,হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অভয়াপুৰীত থকা চক্ৰ পৰিদৰ্শকক সদস্য,জিলাখনৰ বিষ্ণুপুৰত থকা উইভাৰচ্‌ এক্সটেনশ্যন ছাৰ্ভিচ ইউনিটৰ পৰিদৰ্শকক সদস্য,অভয়াপুৰী আৰু চোকাপাৰাত থকা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ প্ৰশিক্ষকক সদস্য আৰু অভয়াপুৰীত থকা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সকলো চক্ৰ ডেমনষ্ট্ৰেটৰক সদস্য হিচাপে ৰখা হৈছে৷ এই এনফোৰ্চমেণ্ট স্কোৱাডে জিলাখনত বিদু্ৎচালিত গামোচা বা আন জাতীয় সাজপাৰ বহিঃৰাজ্যৰ পৰা আমদানি আৰু বিক্ৰীত চোকা নজৰ ৰাখিব যাতে দুখীয়া স্থানীয় শিপিনীৰ হাতে বোৱা পৰম্পৰাগত সাজপাৰৰ বজাৰখন আমদানিকৃত গামোচা বা অন্যান্য সাজপাৰে দখল কৰিব নোৱাৰে৷ এই এনফোৰ্চমেণ্ট স্কোৱাডে বজাৰ পৰিদৰ্শন কৰি সময়ে সময়ে জিলা উপায়ুক্তক প্ৰতিবেদন দাখিল কৰিব৷ আৰু সেইমৰ্মে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

অৱশেষত গা লৰিল জিলাখনৰ হস্ততাঁত আৰু বস্তশিল্প বিভাগকে ধৰি জিলা প্ৰশাসনৰ৷ ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত আজি ধুবুৰী চহৰৰ চক বজাৰস্থিত খুচুৰা আৰু পাইকাৰী কাপোৰৰ দোকানত জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহযোগত ধুবুৰী জিলা প্ৰশাসনে চলালে অভিযান৷  হস্ততাঁত সংৰক্ষণ সামগ্ৰী আইন ১৯৮৫ অনুসৰি,কেৱল হস্ততাঁত উৎপাদিত গামোচা,মেখেলা চাদৰ আদি সামগ্ৰী বিক্ৰী কৰিবৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তমৰ্মে চলোৱা আজিৰ এই অভিযানত অভিযানকাৰী দলটোৱে জব্দ কৰে দ’মে দ’মে বহিঃৰাজ্যৰ যন্ত্ৰচালিত তাঁতশালৰ অসমীয়া গামোচাকে ধৰি মেখেলা চাদৰ৷ তাৎপৰ্যপূৰ্ণভাৱে দলটোৰ সন্মুখতে ধুবুৰীৰ এজন কাপোৰ ব্যৱসায়ীয়ে সাধাৰণ মানুহে তাঁতশালৰ গামোচা কিনিব পাৰিব নেকি;অফিচৰ মানুহ আহিয়েই এই গামোচা বিচাৰে জাতীয় দম্ভালি মাৰাও দেখা যায়৷ উল্লেখ্য যে,বিগত বহু বছৰৰ পৰাই ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বজাৰ-সমাৰ বহিঃৰাজ্যৰ আমদানিকৃত যন্ত্ৰচালিত তাঁতশালৰ অসমীয়া গামোচাকে ধৰি অন্যান্য কাপোৰ মুকলিভাৱে বিক্ৰী হৈ আহিছে যদিও সেয়া লৈ ভ্ৰূক্ষেপ নাছিল সংশ্লিষ্ট চৰকাৰী বিভাগটোৰ৷