Logo
image

আহক, বেয়াক ভাল কৰোঁ

মানুহজন সৎ৷ চাকৰিটোও ভাল৷ পাছে কেৱল দৰমহাৰ পইচাৰে চলে বাবে ক’ৰবাত কিবা অভাৱ থাকিয়েই যায়৷ আৰু সেইবোৰ স্থায়ীভাৱে দূৰ হোৱাৰ কোনো সম্ভাৱনাও নাই৷ কিন্তু এইবোৰ কথাক লৈ তেওঁৰ পত্নীয়ে বিশেষ অসন্তোষ নকৰে বা ‘লগৰ শইকীয়াই একে চাকৰি কৰি ইমান সা-সম্পত্তি কৰিলে, আপুনি কি কৰিছে?’ বুলি বকাবকিও নকৰে৷ পত্নী আন এটা কথাতহে অসন্তুষ্ট৷ সেই অসন্তুষ্টিৰ কাৰণ– মানুহজনৰ আন এটা বৈশিষ্ট্য৷ মানে সেইজনে অন্যায়, বেয়া কাম সহ্য কৰিবই নোৱাৰে৷ কোনোবাই বেয়া কাম কৰিলে আৰু সেয়া তেওঁৰ চকুত পৰিলে তেওঁ প্ৰতিবাদ কৰিবই বা হকা-বধা দিবই৷ আনৰ দৰে সহ্য কৰি বোবা হৈ নাথাকে৷ কোনোবাই যদি তেওঁৰ সমুখতে ৰাস্তাৰ কাষৰ পানী বৈ যোৱা নলাটোত জাবৰ পেলাইছে বা পলিথিনৰ বেগ দলিয়াইছে, হৈছে আৰু! তেওঁ খেংখেংকৈ ধৰিবই৷ কোনোবাই যদি চিটীবাছত দুৰ্ব্যৱহাৰ কৰিছে, সেয়া লাগিলে কণ্ডাক্টৰে যাত্ৰীক হওক বা যাত্ৰীয়ে কণ্ডাক্টৰক হওক, তেওঁ প্ৰতিবাদ কৰিবই৷ কাৰোবাৰ ঘৰৰ সমুখেদি তেওঁ পাৰ হৈ যাওঁতে ঘৰৰ চৌহদৰ ভিতৰতে কোনোবাই যদি বনকৰা ল’ৰা-ছোৱালীক কুকুৰে কাঁইট নোখোৱা গালি পাৰিছে, তেতিয়াও তেওঁ সৰৱ হৈ উঠিব৷ ভি আই পি আহিব বুলি বহু সময় গাড়ী-মটৰ ৰখাই থোৱা আৰক্ষীৰ লগতো তেওঁ তৰ্ক কৰে৷ এইটো স্বভাৱৰ বাবে তেওঁৰ কেতিয়াবা অফিচ পাওঁতে যথেষ্ট পলম হৈ যায়,বহুবাৰ আনৰ পৰা কটু ব্যৱহাৰো পাবলগীয়া হৈছে৷ তথাপি তেওঁৰ ভ্ৰূক্ষেপ নাই৷ তাকে লৈ পত্নীয়ে অভিযোগৰ সুৰত কয়–‘আপুনি আপোনাৰ এই বাটৰ কঁচু গাত ঘঁহি লোৱা স্বভাৱটো বাদ দিব নোৱাৰেনে?’মানুহজনে যুক্তি দিয়ে– ‘অন্যায়ৰ প্ৰতিবাদ কৰাটো ভাল অভ্যাসহে!সমুচিত কাম৷’ পত্নীয়ে অতিষ্ঠ হৈ কয়– ‘ভাল অভ্যাসেই বাৰু!কিন্তু আপুনি আনৰ কটু কথা শুনি বাটে-পথে এই অভ্যাসটো দেখুওৱাটো বাদ দিয়ক!’মানুহজনে এদিন খঙতে ক’লে– ‘‘কিয় বাদ দিমহে! আমাৰ অ’ৰিজিনেল ঘৰৰ ওচৰত যে অভাৰচিয়াৰ বৰা আছিল,তেওঁৰনো নাছিল কি? কিন্তু ওৰে জীৱন ঘোচেই খালে৷ বেয়া কাম বুলি জানিও শেষলৈকে সেই কাম কৰিয়েই থাকিল৷ মই এদিন বৰা দাদাক ধেমালি কৰি ‘ইমানখিনি হোৱাৰ পাছতো কিয় ঘোচ খায়’বুলি সোধাত কি ক’লে জানা? ‘অভ্যাস বাবা, পুৰণি অভ্যাসটো এৰিবই নোৱাৰিলোঁ৷’মানুহে যদি বেয়া বুলি জানিও এটা অভ্যাস বাদ দিব নোৱাৰে,মই ভাল বুলি জনাৰ পাছত সেই অভ্যাসটো কিয় বাদ দিম?”

সঁচা কথা৷ ভাল অভ্যাস এটা বাদ দিয়াটো টান কাম নহয়৷ কিন্তু সেই মানুহজনৰ দৰে জেদ কৰি ভাল অভ্যাস এটা বৰ্তাই ৰখা মানুহ কেইজন আছে? ভাল মানুহবোৰে লাহে লাহে ভাল অভ্যাসবোৰ বাদ দি থাকে আৰু বেয়া অভ্যাসবোৰৰ কৰ্ষণ কৰে৷ সৰুতে পঢ়া-শুনা কৰি ভাল পোৱা ব্যক্তি এজনে পাছত সেই অভ্যাস বাদ দি এনে পৰ্যায় পায়গৈ যে বাতৰিকাকতৰো আনকি শিৰোনাম নপঢ়াকৈয়ে তেওঁ দিনবোৰ পাৰ কৰি দিব পাৰে৷ কিন্তু একে সময়তে তেওঁ নানা বেয়া অভ্যাস [ঘোচ খোৱা, দুৰ্নীতি কৰা,জুৱা খেলা,নিচাযুক্ত দ্ৰব্য খোৱা আদি কাম] আৰম্ভ কৰি দিয়ে৷ অথচ তাৰ ওলোটাটো,মানে ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ ঘটনাটো কেতিয়াও নঘটে৷ ভাল আচৰণ, সু-অভ্যাসবোৰ বাদ দিয়াৰ ক্ষেত্ৰত প্ৰধান যুক্তি হ’ল– ‘লাভ নাই’!মানে অন্তৰ্নিহিত কাৰণ যিয়েও নহওক, বাহিৰত কোৱা হয়– ‘আজিকালি মানুহক মৰম কৰি লাভ নাই,’‘নম্ৰ-ভদ্ৰ হৈ লাভ নাই, ভাল হৈ থাকি লাভ নাই,’‘সহ্য কৰি থাকি লাভ নাই’ ইত্যাদি৷ তাৰমানে এজন মানুহৰ যি চাৰিত্ৰিক বৈশিষ্ট্য বা ব্যক্তিত্ব, সেয়া কেৱল লাভৰ বাবেহে নেকি? জীৱনটো এক ব্যৱসায়হে নেকি? জীয়াই থকাৰ পদ্ধতিৰ ক্ষেত্ৰত কি মানুহৰ নিজস্ব একো নাই, মনৰ তাড়না নাই? আৰু এয়ানো কি লাভ? মনৰ লাভ, হূদয়ৰ লাভ, অন্তৰৰ লাভ, বিবেকৰ লাভ– সেইবোৰ লাভতো নহয়! হয়তো মাত্ৰ কিছু টকাৰ লাভ৷ তাৰবাবেই কি আমি তললৈ নামি যাম? আমাৰ ভাল অভ্যাসবোৰ বিসৰ্জন দিম?

ভাল অভ্যাস কিছুমান কৰ্ষণ নকৰাৰ আন এটা সাধাৰণ যুক্তি হ’ল– ‘সময় নাই’৷ ভাল কিতাপ এখন পঢ়িবলৈ কাৰো সময় নাই, পৰোপকাৰ কৰিবলৈ কাৰো সময় নাই, টেলিভিছন চেনেলৰ কেমেৰা আহি নোপোৱালৈকে ভাল কাম কৰিবলৈও সময় নাই৷ কিন্তু দৰাচলতে আমাৰ হাতত সময়ো প্ৰচুৰ৷ ইটা-বালি-চিমেণ্ট যোগাৰ কৰি ঘৰ সজা,গাড়ী-মটৰৰ গেৰেজ,শ্বপিং মল ঘূৰি ফুৰা, প্ৰমোদ ভ্ৰমণ কৰা, আনকি আনৰ বদনাম গোৱা, ষড়যন্ত্ৰ কৰা– সকলো কামৰ বাবে আমাৰ সময় আছে৷ কেৱল ভাল অভ্যাস এটা কৰ্ষণ কৰা বা বজাই ৰখাৰ বাবে আমাৰ সময় নাই৷ যদিও আমি এইক্ষেত্ৰত দায়িত্ব, বাধ্যবাধকতাৰ দোহাই দিওঁ, কিন্তু প্ৰকৃত কথাটো হ’ল– মানুহ আচলতে কাৰো ওচৰত বাধ্য নহয়,কেৱল নিজৰ বাহিৰে!

এটা সঁচা ঘটনা৷ দুজন বন্ধুৰ বহুদিনৰ মূৰত দেখাদেখি হ’ল৷ হোষ্টেলৰ দিনৰ পৰা লগ পোৱাই নাই৷ স্বাভাৱিকতে দুয়ো বেছ উল্লসিত হ’ল৷ এজনে আনজনৰ খবৰ ল’লে– ‘কচোন, কি কৰি আছ?’ সিজনে ক’লে,‘কি কৰিবি আৰু!গুৱাহাটীত মাটি এডোখৰ ল’লোঁ৷ পাছে ঘৰ সাজিবলৈ বহুত ডেভেলপ কৰিব লাগিব৷ গতিকে ফ্লেট এটাও কিনি পেলালোঁ৷ ইখন গাড়ী পুৰণি হোৱা বাবে নতুন ডাষ্টাৰ এখন...৷’ ইজনে বিৰক্তিৰে ক’লে– ‘এঃ, কি কৈ আছ? ধন-সম্পত্তি ঘটাৰ বাহিৰে আৰু কি কৰিলি, ক৷ সেই যে হোষ্টেলত থাকোঁতে ‘শ্ৰেষ্ঠ কবি’ হৈছিলি, ভাল নাটক কৰিছিলি, সেইবোৰ কি হ’ল?’আনজনে অলপ সময় মনে মনে থাকি ম্লান মুখেৰে ক’লে– ‘সময়েই নাই অ’!’

প্ৰসংগক্ৰমে আন এটা আমোদজনক কথা মনত পৰিছে৷ এজন উচ্ছপদস্থ চাকৰিয়ালে এটা নতুন ম’বাইল হেণ্ডছেট কিনাৰ কেইদিনমান পাছতে সেইটো বেয়া হোৱাত ছাৰ্ভিচ চেণ্টাৰত সেইটো দেখুৱাবলৈ লৈ গ’ল৷ পাছে সেইটো সময়ত লাঞ্চ ব্ৰেক চলি আছিল৷ তাতে এজন ডেকা বহি আছিল৷ তেওঁ সেইজনক কোৱাত ডেকাজনে ক’লে যে সেইটো তেৱেঁই ৰাখিব, কিন্তু এতিয়া নহয়৷ চল্লিছ মিনিট পাছত লাঞ্চ ব্ৰেক শেষ হোৱাৰ পাছতহে৷ মানুহজনে ক’লে যে ইমান সময় ৰ’বলৈ তেওঁৰ অসুবিধা হ’ব৷ তেওঁ অফিচত বৰ এটা গুৰুত্বপূৰ্ণ কাম বাদ দি এইটো কামৰ কাৰণে অলপ সময়ৰ বাবে ওলাই আহিছে৷ তাতে ইয়াত যে লাঞ্চ ব্ৰেক আছে, সেই সময়ত যে তাত কাম নহয়,তেওঁ তাকো নাজানে; আৰু সেয়া ক’তো উল্লেখো নাই৷ অফিচৰ কাম শেষ কৰি আহে মানে ছাৰ্ভিচ চেণ্টাৰ বন্ধ হৈ যাব বাবে তেওঁ এতিয়া আহিছে৷ ডেকাজনে ক’লে যে তেওঁ নিৰুপায়৷ কাৰণ এই সময়ত এইবোৰ কাম কৰাৰ নিয়ম নাই৷ মানুহজনে আকৌ বুজালে যে নিয়মবোৰ মানুহে সৃষ্টি কৰিছে,মানুহৰ কামৰ সুবিধাৰ বাবে৷ মানুহৰ সুবিধাৰ বাবেহে নিয়ম, নিয়মৰ সুবিধাৰ বাবে মানুহ নহয়৷ নিয়মৰ সামান্য হেৰফেৰ কৰিলে যদি মানুহৰ সুবিধা হয়, তেন্তে সেইটোকে কৰা উচিত৷ আৰু ডেকাজনে এনেকৈ কথা পাতি যিখিনি সময় খৰচ কৰিছে,তাৰ আধা সময়তে দেখোন কামটো হৈয়ে যায়৷ ম’বাইল ছেটটো ৰাখিহে থ’ব লাগে,এতিয়াই ভাল কৰিতো দিব নালাগে!ডেকাৰ পোন্দোৱা মুখখনলৈ লক্ষ্য কৰি মানুহজনে আৰু ক’লে যে তেৱোঁ গুৰুত্বপূৰ্ণ চাকৰি কৰে,তেওঁৰ অৱসৰৰ সময়ত বা টিফিন খাই থকা সময়তো যদি দূৰৰ কোনোবা মানুহ আহি তেওঁৰ এক্তিয়াৰৰ বাহিৰৰ কাম এটা কৰি দিবলৈ অনুৰোধ কৰে,তেওঁ অৱস্থাটো বুজি নিয়মৰ বাহিৰত বুলি সেইটো নকৰাকৈ নাথাকে৷ ডেকাই খেংখেঙাই উঠিল– ‘আপুনিও নকৰিব! আপুনি যদি মোক বেয়া বুলি ভাবিছে,আপুনিও বেয়া হওক!’মানুহজনৰ এইবাৰ খং উঠি গ’ল– ‘মই ভাল মানুহ এটা কিয় বেয়া হ’মহে? কিয় আনক সহায় কৰাটো বন্ধ কৰিম? মই তোমাৰ কথাৰ ওলোটাটো কৰিম৷ মই এজন বেয়া মানুহক ভাল কৰিম৷ তোমাক ভাল কৰিম৷ মই তোমাক শিকাম কেনেকৈ ভাল হ’ব লাগে, কেনেকৈ সমস্যাত পৰা মানুহক সহায় কৰিব লাগে৷’ ডেকাজনে মানুহজনৰ জ্বলিপকি উঠা চেহেৰা দেখি কি ভাবিলে নাজানো, কিন্তু সেই মুহূৰ্তত মানুহজনৰ সামান্য কামটো কৰি দিলে৷ আমাৰ সমাজত এতিয়াও বহুত ভাল মানুহ আছে৷ তেওঁলোকেও দেখোন বাধ্যত পৰাৰ দৰে বেয়া হোৱাতকৈ বেয়া এজনক ভাল কৰিব পাৰে৷ সমাজত এনে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে,যাতে মানুহে ‘আজিকালি মৰম নকৰিলে লাভ নাই’, ‘নম্ৰ-ভদ্ৰ নহ’লে লাভ নাই’,‘বেয়া হ’লে লাভ নাই’,‘দুৰ্নীতি কৰিলে লাভ নাই’,‘সহ্য নকৰিলে লাভ নাই’ বুলি ভাবিবলৈ বাধ্য হয়৷