দেশত বিদ্যুৎ সংকট, যাত্ৰীবাহী ৰে’ল বাতিল
কয়লাৰ নাটনি
আমাৰ অসম,৩০ এপ্ৰিলঃ এবছৰতকৈও কম দিনৰ ভিতৰত পুনৰ দেশবাসীয়ে বিদ্যুৎ সংকটত ভোগাটো নিশ্চিত হৈছে৷ দেশৰ কমেও ১২খন ৰাজ্যত বিদ্যুৎ সংকট আৰম্ভ হৈছে আৰু একাধিক তাপবিদ্যুৎ প্ৰকল্প কয়লাৰ নাটনিৰ বাবে বন্ধ হৈ পৰিছে৷ কেন্দ্ৰীয় শাসিত প্ৰদেশ দিল্লী,উত্তৰ প্ৰদেশ আৰু পঞ্জাৱত ইতিমধ্যে কেইবাটাও তাপবিদ্যুৎ কেন্দ্ৰ বন্ধ হৈ পৰাৰ ফলত একাধিক স্থানলৈ বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে৷ ইয়াৰ পৰিণামস্বৰূপে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ হাস্পতালৰ বিদ্যুৎ সেৱা ৪৮ ঘণ্টাৰ ভিতৰত বন্ধ হৈ যোৱাৰ আশংকাই দেখা দিছে আৰু মেট্ৰ’ৰে’লৰ সংখ্যা কৰ্তন কৰিবলৈ ৰে’লবিভাগে কঠোৰ সিদ্ধান্ত ল’বলগাত পৰিছে৷ উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ বিদ্যুৎ দৈনিক চাহিদাৰ তুলনাত যোৱা দুদিন ধৰি ৫০ শতাংশহে যোগান ধৰিবলৈ সক্ষম হৈছে কতৃৰ্পক্ষই৷ উল্লেখ্য যে চলিত এপ্ৰিল মাহত দিল্লী,উত্তৰ প্ৰদেশ,পঞ্জাৱ,হাৰিয়ানাকে ধৰি উত্তৰ ভাৰতৰ সকলো ৰাজ্যত অস্বাভাৱিক তাপ প্ৰবাহ দেখা গৈছে আৰু এনে পৰিস্থিতিৰ মাজত বিদ্যুতৰ যোগান কম থকাৰ বাবে লোডশ্বেডিং কৰাত সেই ৰাজ্যসমূহৰ বাসিন্দাৰ জীৱন-ধাৰণ অসম্ভৱ হৈ পৰিছে৷ বিদ্যুৎ যোগান চাহিদা অনুসৰি ঝাৰখণ্ড,ৰাজস্থান,মহাৰাষ্ট্ৰ,মধ্য প্ৰদেশ,বিহাৰ,অন্ধ্ৰপ্ৰদেশ আৰু জম্মু-কাশ্মীৰত নথকাৰ বাবে অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত হৈছে৷ এবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে দেশৰ এক ডজনতকৈও অধিক ৰাজ্যই বিদ্যুৎ সংকটত ভোগাৰ কাৰণ পূৰ্বৰ দৰেই একেই– যোগান আৰু চাহিদাৰ অংক৷ প্ৰকৃততে দেশত কয়লাৰ নাটনি হোৱাৰ বাবেই তাপ বিদ্যুৎ কেন্দ্ৰসমূহৰ বিদ্যুৎ উৎপাদন হ্ৰাস পাইছে আৰু তাৰ ফলত সংশ্লিষ্ট ৰাজ্যসমূহে বিদ্যুৎ যোগান কৰ্তন কৰিবলৈ বাধ্য হৈছে৷ উত্তৰ ভাৰতত চলিত মাহৰ আৰম্ভণিৰ পৰা ভয়ংকৰ তাপপ্ৰবাহে দেখা দিয়াত বিদ্যুতৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ একে সময়তে কয়লাৰ নাটনিৰ বাবে হ্ৰাস পাইছে বিদ্যুতৰ উৎপাদন৷ ফলত উত্তৰ ভাৰতৰ অধিকাংশ ৰাজ্যৰ লগতে দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যতো বিদ্যুতৰ তীব্ৰ সংকটে দেখা দিছে৷ তেনেই কম দিনৰ ভিতৰত এই সংকটৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নাই৷ সেয়ে সাধাৰণ নাগৰিকে জ্বলা-কলা খোৱাৰ লগতে চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ বিদ্যুৎ যোগান ব্যাহত হ’লে বহু ৰোগী আওমৰণে মৰিব বুলি আশংকাই দেখা দিছে৷ এই পৰ্যন্ত কয়লাৰ পৰ্যাপ্ত যোগান ধৰি বিদ্যুৎ উৎপাদন অব্যাহত ৰখাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে তেনে কোনো যুদ্ধকালীন পদক্ষেপ গ্ৰহণ কৰা নাই৷ দিল্লীৰ শক্তিমন্ত্ৰী সত্যেন্দৰ জৈনে সংবাদ মেল অনুষ্ঠিত কৰি জৰুৰীকালীনভাৱে তেওঁলোকক কয়লাৰ যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনোৱাৰ কথা আৰু কেন্দ্ৰই সঁহাৰি নজনোৱাৰ বিষয়টো শুকুৰবাৰে মুকলিভাৱে জনাইছে৷ তেওঁ প্ৰকাশ কৰা অনুসৰি ডাদ্ৰি-২ আৰু উন্সাহাৰ তাপবিদ্যুৎ কেন্দ্ৰৰ উৎপাদন কয়লাৰ অভাৱৰ বাবে বন্ধ হৈ গৈছে আৰু সেয়ে দিল্লীৰ কিছুসংখ্যক স্থানত বিদ্যুৎ যোগান দিবলৈ চৰকাৰ অসমৰ্থ হৈছে৷ এনেদৰে কয়লাৰ যোগান ব্যাহত হৈ পৰিলে ২৪ ঘণ্টাৰ পাছত পৰিস্থিতি কি হ’ব সেয়া অনিশ্চিত বুলি তেওঁ মন্তব্য কৰিছে৷ পঞ্জাৱত বিদ্যুতৰ চাহিদা ভয়ংকৰ গৰমৰ বাবে পূৰ্বৰ তুলনাত ৪০ শতাংশ বৃদ্ধি পাইছে আৰু যোগান দিব নোৱাৰি চৰকাৰে লোড শ্বেডিং কৰিবলৈ বাধ্য হৈছে৷ ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ বহু স্থানত চৰকাৰে বাধ্য হৈ লোডশ্বেডিং কৰিছে৷ পূৰ্বৰ তুলনাত বিদ্যুতৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা আৰু এই সময়তে বিদ্যুৎ উৎপাদন মূল উপাদান কয়লাৰ যোগান হ্ৰাস পোৱাৰ ফলতে এই সংকটৰ সৃষ্টি হৈছে৷ যোৱা ১-১২ এপ্ৰিলৰ সময়ছোৱাত দেশত দৈনিক গড়ে ১৯৪ গিগাবাইট বিদ্যুতৰ প্ৰয়োজন হৈছে৷ অথচ এবছৰৰ পূৰ্বে এই সময়ছোৱাত প্ৰয়োজন হৈছিল ১৮৭ গিগাবাইট বিদ্যুৎ৷ ২০১৯ চনত এই সময়ছোৱাত দৈনিক গড়ে ১৭৬.৮১ গিগাবাইট আৰু ২০২০ চনত একে সময়ত ১৩২.৭৩ গিগাবাইট বিদ্যুতৰ প্ৰয়োজন হৈছিল৷ চলিত বছৰত ১২ এপ্ৰিলৰ পাছৰ পৰা এতিয়ালৈ তাপমাত্ৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে আৰু সেই অনুসৰি দৈনিক বিদ্যুতৰ চাহিদা ২০০ গিগাবাইটতকৈ বৃদ্ধি পাইছে৷ পিছে কয়লাৰ নাটনিৰ বাবেই বিদ্যুৎ উৎপাদন হ্ৰাস পাইছে আৰু গ্ৰাহকে বিচাৰিলেও চৰকাৰে বিদ্যুতৰ যোগান দিব নোৱাৰা হৈছে৷ উল্লেখ্য ভাৰতৰ বিদ্যুৎ উৎপাদন ঘাইকৈ তাপবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে কৰা হয়৷ তাপবিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰয়োজন হয় কয়লা৷ গ্ৰীষ্মত দৈনিক ভাৰতত তাপবিদ্যুৎ প্ৰকল্পত উৎপাদন হয় ২১০ গিগাবাইট বিদ্যুৎ৷ দেশৰ মুঠ প্ৰয়োজনীয় ৩৯৬ গিগাবাইট বিদ্যুতৰ ৫৩ শতাংশ তাপবিদ্যুৎ প্ৰকল্পত উৎপাদন হয়৷ পিছে এতিয়া কয়লাৰ যোগান নোহোৱাৰ বাবে প্ৰয়োজনীয় বিদ্যুৎ উৎপাদনত ব্যৰ্থ হৈছে তাপবিদ্যুৎ কেন্দ্ৰসমূহ৷ ২০২১ চনত তাপবিদ্যুৎ কেন্দ্ৰত বিদ্যুৎ উৎপাদনৰ বাবে মাহে প্ৰয়োজন হৈছিল ১২৪.২ বিলিয়ন ইউনিট [বিইউ]কয়লা৷ ২০১৯ চনত বিদ্যুৎ উৎপাদনৰ বাবে প্ৰয়োজন হৈছিল ১০৬.৬ বিলিয়ন ইউনিট [বিইউ] কয়লা আৰু বিদ্যুতৰ চাহিদা বৃদ্ধিৰ বাবে ২০২২ চনত তাপবিদ্যুৎ কেন্দ্ৰত বিদ্যুৎ উৎপাদনৰ বাবে সম্প্ৰতি মাহে প্ৰয়োজন হৈছে ১৩২ বিলিয়ন ইউনিট [বিইউ]কয়লা৷ পিছে কেন্দ্ৰীয় চৰকাৰে সেই পৰিমাণৰ কয়লা যোগান ধৰাত ব্যৰ্থ হৈছে৷ কেন্দ্ৰীয় চৰকাৰে কয়লাৰ যোগান অব্যাহত ৰখাৰ লক্ষ্যৰে অহা দুমাহত দেশত ৬৫৭ খন যাত্ৰীবাহী ৰে’ল বাতিল কৰি সেই ৰে’লৰ জৰিয়তে কয়লা পৰিবহনৰ সিদ্ধান্ত লৈছে৷ এই সময়ছোৱাত ৰে’লবিভাগে পাঁচশখন মেইল-এক্সপ্ৰেছ ৰে’লগাড়ী আৰু ১৪৮ খন কমোটাৰ ৰে’লগাড়ী বাতিল কৰি সেই ৰে’লগাড়ীৰ জৰিয়তে কয়লা পৰিবহণ কৰিব৷ পিছে কেন্দ্ৰীয় চৰকাৰে পলমকৈ লোৱা সিদ্ধান্তৰ ফলত অহা কেইদিনমানৰ ভিতৰত দেশৰ বহুকেইটা তাপবিদ্যুৎ প্ৰকল্প সাময়িকভাৱে বন্ধ হৈ পৰিব আৰু তাৰ ফল ভুগিব দেশৰ জনতাই৷