Logo
image

‘কাৰ্ডিয়েক এৰেষ্ট’ হৈ বিদায় কেকেৰ, জানি থওক এই বিপদৰ বিষয়ে

বলীউডৰ প্ৰখ্যাত গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ মঙলবাৰে নিশা কাৰ্ডিয়েক এৰেষ্ট হৈ মৃত্যু ঘটে৷ কলকাতাৰ এক সংগীতানুষ্ঠানত  ভাগ লোৱাৰ পাছতে প্ৰিয় শিল্পীজনৰ মৃত্যুৰ বাতৰিয়ে অনুৰাগীসকলক হতবাক কৰি তুলিছে৷ খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কে কেৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ সোমবাৰে কলকাতাত অনুষ্ঠান পৰিৱেশনৰ বাবে উপস্থিত হোৱাৰ সময়ত সম্পূৰ্ণ সুস্থ আছিল কেকে৷ কিন্তু মঙলবাৰে অনুষ্ঠান পৰিৱেশনৰ পাছতে তেওঁৰ হৃদযন্ত্ৰ স্তব্ধ হৈ পৰে৷ উল্লেখ্য যে অনুষ্ঠান পৰিৱেশনৰ সময়ত কেকেক বহুবাৰ অস্বস্তি অনুভৱ কৰা দেখা গৈছিল বুলি বিভিন্নজনে প্ৰকাশ কৰিছে৷ প্ৰচণ্ড গৰম অনুভৱ কৰা আৰু সঘনাই ঘামিবলৈ ধৰা দেখা গৈছিল কে কেক৷ গানৰ মাজে মাজে বহুবাৰ পানী খোৱা দেখা গৈছিল শিল্পীজনক৷ এটা সময়ত মঞ্চত ব্যৱহাৰ কৰা স্পটলাইটসমূহ বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল কেকেই৷ তেনেদৰেই অনুষ্ঠান সামৰি যেতিয়া তেওঁ হোটেললৈ যোৱাৰ বাবে গাড়ীত উঠিছিল তেতিয়া প্ৰচণ্ড ঠাণ্ডা অনুভৱ কৰে৷ হোটেল পোৱাৰ পাছতে অসুস্থ হৈ পৰে কেকে৷ লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ চিকিৎসকৰ মতে কাৰ্ডিয়েক এৰেষ্ট হৈ মৃত্যু ঘটিছে শিল্পীজনৰ৷ উল্লেখ কৰা হ’ল কাৰ্ডিয়েক এৰেষ্টৰ লক্ষণ –
প্ৰথম কথা হ’ল কাৰ্ডিয়েক এৰেষ্ট যেতিয়াই তেতিয়াই হ’ব পাৰে৷ হৃদযন্ত্ৰৰ স্পন্দনত সমস্যা হ’লে, হৃদস্পন্দন অনিয়মীয়া হ’লে কাৰ্ডিয়েক এৰেষ্ট হ’ব পাৰে৷ সাধাৰণতে হৃদস্পন্দন অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বা হ্ৰাস পালেই এনেকুৱা হয়৷
হাৰ্ট এটেক, কাৰ্ডিয়েক এৰেষ্ট, হাৰ্ট ফেইলৰ একে নহয়
হঠাতে হোৱা কাৰ্ডিয়েক এৰেষ্ট আৰু হাৰ্ট এটেক একে নহয়৷ বহুতে কাৰ্ডিয়েক এৰেষ্ট আৰু হাৰ্ট এটেকৰ পাৰ্থক্য নাজানে৷ ফলত ৰোগীৰ পৰিয়ালে ভুল পদক্ষেপ গ্ৰহণ কৰে৷ কৰ’নাৰি আৰ্টাৰিৰ কাম হৈছে হৃদপিণ্ডলৈ ৰক্ত সৰবৰাহ কৰা, এবাৰ কোনো কাৰণত যদি কৰ’নাৰি আৰ্টাৰিৰ মুখ বন্ধ হয় বা বেছিভাগ ক্ষেত্ৰত আৰ্টাৰিত তেজ গোট খায় তেন্তে হাৰ্ট এটেক হ’ব পাৰে৷ এনেকুৱা হ’লে হৃদপিণ্ডই অক্সিজেন নাপায় আৰু লগে লগে সেই অংশৰ কোষসমূহ অকামিলা হৈ পৰে৷ অৱশ্যে কাৰ্ডিয়েক এৰেষ্টৰ কাৰণ পৃথক৷ এৰিড’মিয়াৰ কাৰণে হৃদস্পন্দন বন্ধ হ’লে কাৰ্ডিয়েক এৰেষ্ট হয়৷
হাৰ্ট এটেকৰ আগতীয়া লক্ষণ
হাৰ্ট এটেকৰ পূৰ্বে কেতবোৰ উপসৰ্গই দেখা দিয়ে৷ অৱশ্যে সকলোৰে ক্ষেত্ৰত এনেকুৱা নহ’বও পাৰে৷ হাৰ্ট এটেকৰ আগতীয়া এটা লক্ষণ হৈছে খোজ কাঢ়িলে বুকুত হেঁচা অনুভৱ কৰা৷ বহুতেই ইয়াক গেছৰ সমস্যা বুলি ভাবি ভুল কৰে৷ এই সমস্যা প্ৰায়েই দেখা দিলে বুজিব লাগিব যে আপোনালৈ বেয়া ইংগিত আহিছে৷ তদুপৰি নিশা শুই থাকোতে বুকুত চাপ পৰা যেন অনুভৱ কৰা, হঠাৎ টোপনি ভঙা, বহু দেৰিলৈকে টোপনি নহা আৰু শুই উঠি গা বেয়া লগা আদি হাৰ্ট এটেকৰ উপসৰ্গ হ’ব পাৰে৷ আনহাতে বুকুত বেছিকৈ ধৰফৰণি অনুভৱ কৰা, উশাহ লওতে কষ্ট পোৱা, অত্যধিক ভাগৰ আদিও হাৰ্ট এটেকৰ উপসৰ্গ হ’ব পাৰে৷
অৱিলম্বে চিকিৎসা হিচাপে কি কৰিব
হাৰ্ট এটেক বা কাৰ্ডিয়েক এৰেষ্ট হ’লে অবিলম্বে কৰা চিকিৎসাক চিকিৎসা বিজ্ঞানৰ ভাষাত কাৰ্ডিঅ’পালমোনাৰি ৰিছাচকিটেচন বুলি কোৱা হয়৷ এই ক্ষেত্ৰত আক্ৰান্তজনৰ বুকু পাম্পিং কৰিব লাগে৷ অন্ততঃ ৩০বাৰ পাম্পিং কৰা বা হেঁচা দিয়াৰ পাছত আক্ৰান্তৰ মুখত মুখ লগাই বতাহ দিব লাগে৷ পানীত পৰি অচেতন হোৱা লোকৰ ক্ষেত্ৰতো এনেকুৱা কৰা হয়৷ মুখেৰে যদি বতাহ দি সফল হ’ব পৰা নায়ায় তেন্তে বুকুত বাৰে বাৰে হেঁচা প্ৰয়োগ কৰি থাকক৷
কোনবোৰ লোকৰ আশংকা থাকে
হাৰ্ট বা কৰ’নাৰিত ৰক্তনলীজনিত সমস্যা থাকিলে কাৰ্ডিয়েক এৰেষ্টৰ আশংকা থাকে৷ একেদৰে হাৰ্টৰ সমস্যাৰ পাৰিবাৰিক ইতিহাস থাকিলে, তেজত বেছি মাত্ৰাত কলেষ্টেৰল, উচ্ছ ৰক্তচাপ, অবেচিটি, টাইপ-২ ডায়েবেটিছ, হৰম’নজনিত সমস্যা, ধূমপান, সুৰাপান কৰিলে হাৰ্ট এটেকৰ আশংকা আহি পৰে৷ মূলতঃ মজলীয়া বয়সৰ লোকসকলৰ এনে আশংকা বেছি৷
খাদ্য আৰু শৰীৰ চৰ্চাত মন দিয়ক
শৰ্কৰাজাতীয় খাদ্য যেনে চেনি, গুড়, মৌ, মিঠাই এৰাই চলক৷ ৰেডমিট পৰাপক্ষত নোখোৱাই ভাল৷ অতিৰিক্ত ধূমপান আৰু সুৰাপানৰ অভ্যাস আজিয়েই ত্যাগ কৰক৷ দৈনিক অন্ততঃ আধাঘণ্টা খোজ কাঢ়ক৷ ওপৰত উল্লেখ কৰা উপসৰ্গসমূহৰ এটায়ো যদি দেখা দিছে চিকিৎসকৰ কাষ চাপিবলৈ অৱহেলা নকৰিব৷