Logo
image

৫ বছৰ ধৰি চলিল গুণোৎসৱ! তথাপি বিপজ্জনকভাৱে অৱনতি চৰকাৰী স্কুলৰ

আমাৰ অসম, ৯ জুনঃ ৰাজ্যৰ শিক্ষাখণ্ডৰ গুণগত মান উন্নত কৰাৰ বাবে চৰকাৰে ঢাক ঢোল বজাই অনুষ্ঠিত কৰি আহিছে গুণোৎসৱ৷ ২০১৭ চনৰ পৰা বিগত পাঁচ বছৰে প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুললৈ শৈক্ষিক মান নিৰূপন কৰিবলৈ গুণোৎসৱ আয়োজন কৰি আহিছে৷ শিক্ষা বিভাগে ব্যাপক প্ৰচাৰ চলাই অনুষ্ঠিত কৰা গুণোৎসৱৰ জৰিয়তে শিক্ষানুষ্ঠান সমূহত শৈক্ষিক মান নিৰ্ধাৰণ কৰি বিভিন্ন গ্ৰেড প্ৰদান কৰিছে যদিও বাস্তৱত গুণোৎসৱে শিক্ষাৰ মান উন্নত কৰিব পাৰিছে নে নাই সেয়া এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷ কিয়নো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বছৰি বছৰি গুণোৎসৱ পাতি অহাৰ পাছতো কোনো ফল নিদিয়া অৰ্থাৎ  ব্যৰ্থতাৰ  ছবিখনহে উন্মোচন হ’ল৷ শিক্ষাদানৰ প্ৰতি শিক্ষকসকলক অধিক দায়ৱদ্ধ কৰি তোলাৰ লক্ষ্যৰে গুণোৎসৱ আয়োজন কৰিলেও শিক্ষাৰ মান উন্নত হোৱাৰ পৰিৱৰ্তে বৰঞ্চ সামগ্ৰিকভাৱে মান অধোগামী হোৱা বুলিহে অভিযোগ উঠিছে৷  সাধাৰণ দৃষ্টিত গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ মান উন্নত হোৱা হ’লে মেট্ৰিক পৰীক্ষাত ২ লাখ পৰীক্ষাৰ্থী ফেইল কৰিবলগীয়া পৰিস্থিতি নহ’লহেতেন! স্বাভাৱিকতেই এতিয়া প্ৰশ্ন উঠিছে–গুণোৎসৱ বৰ্তমান কেন্দ্ৰীয় পুঁজি ব্যৱহাৰ কৰাৰ বাবে শিক্ষা বিভাগৰ প্ৰচাৰৰ এক অংশ হৈ পৰিছে নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লী চৰকাৰৰ শিক্ষা নীতিক সমালোচনা কৰি অসম চৰকাৰে বছৰি ৬ শতাংশ জিডিপি শিক্ষাৰ নামত ব্যয় কৰে বুলি প্ৰকাশ কৰিছিল৷ আনকি মুখ্যমন্ত্ৰীয়ে দিল্লীতকৈ অসমৰ চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষক বেছি বুলি আত্মসন্তুষ্টি লৈছিল৷ অসমত শিক্ষাৰ নামত অধিক ধন ব্যয় আৰু শিক্ষাগুৰুৰ সংখ্যা বেছি হোৱাৰ পাছতো আজি মেট্ৰিকত ৰাজ্যৰ ২০ খন জিলাতে উত্তীৰ্ণ হাৰ ৫০ শতাংশতকৈও কম৷ বহু নামজ্বলা শিক্ষানুষ্ঠানৰ মেট্ৰিকৰ ফলাফল এতিয়া অতি নিম্নগামী হোৱা পৰিলক্ষিত হৈছে৷  ১৬ জন শিক্ষকে পঢ়োৱাৰ পাছতো এজনো শিক্ষাৰ্থীক মেট্ৰিকত উত্তীৰ্ণ কৰোৱাবলৈ সক্ষম নোহোৱা বিদ্যালয়ো ওলাল এইখন অসমত৷ অথচ এনে বিদ্যালয়ে বিগত প্ত বছৰে গুণোৎসৱত ‘এ’ গ্ৰেড বা ‘এঋ’ গ্ৰেড লাভ কৰি আহিছে৷ নলবাৰী জিলাৰ বৰকুৰিহা বিদ্যা মন্দিৰ হাইস্কুলৰ পৰা এইবাৰ এজন ছাত্ৰই মেট্ৰিকত অৱতীৰ্ণ হৈছিল৷ কিন্তু বিদ্যালয়খনত ১৬ জন শিক্ষক-শিক্ষয়িত্ৰী আছিল যদিও ছাত্ৰজনক পাছ কৰোৱাবলৈ সক্ষম নহ’ল৷ তিতাবৰতো এখন বিদ্যালয়ত ১২ জন শিক্ষক থকাৰ পাছতো বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ নহ’ল এজনো পৰীক্ষাৰ্থী৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শূন্য হ’ল ১৯৮৩ চনতে স্থাপিত হোৱা তিতাবৰ আমগুৰিখাট উচ্ছ মাধ্যমিক বিদ্যালয়ৰ৷ উক্ত বিদ্যালয়খনতো কৰ্মৰত হৈ আছে ১২ জন শিক্ষক৷ এইবাৰ তিনিজন শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত৷ কিন্তু এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নহ’ল৷ গুৱাহাটীৰ মাজমজিয়াৰ ঐতিহ্যমণ্ডিত কটন কলেজিয়েট চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ৩৪জন পৰীক্ষাৰ্থী মেট্ৰিকত অনুতীৰ্ণ হয়৷ এসময়ত শীৰ্ষ স্থানত দপদপাই থকা কটন কলেজিয়েটৰ পৰা এইবাৰ ৫৭ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হ’ল মাত্ৰ  ২৫ জন পৰীক্ষাৰ্থী৷ ইফালে, ৰূপহীহাটত এখন চৰকাৰী বিদ্যালয়ৰ জ্জজন পৰীক্ষাৰ্থীৰ বিপৰীতে ৮ জনকৈ শিক্ষক থকা স্বত্বেও উত্তীৰ্ণ নহ’ল এজনো পৰীক্ষাৰ্থী৷ সুনাম কঢ়িয়াই অনাৰ প্ৰতিযোগিতাত যেন দুৰ্নামহে কঢ়িয়াই আনিলে ৰূপহীহাটৰ এইখন চৰকাৰী বিদ্যালয়ে৷ লাওখোলাৰ কস্তুবা গান্ধী বালিকা বিদ্যালয়ৰ  এই ফলাফলক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সচেতন মহলৰ মাজত৷ স্বাভাৱিকতেই প্ৰশ্ন হয়–গুণোৎসৱৰ পৰা চৰকাৰী স্কুলসমূহৰ কিবা লাভ হৈছে নে? গুণোৎসৱ আয়োজনৰ নামত স্কুলসমূহ উন্নত কৰাৰ পৰিকল্পনা নে  দুৰ্বলতা খুচৰি উলিয়াই পৰ্যায়ক্ৰমে বন্ধ কৰাৰ এক কৌশল?