Logo
image

স্মাৰ্ট চিটীত সংযোগ হওক স্পঞ্জ চিটী

বিশ্বৰ মহানগৰবিলাক বাসপোযোগী কৰি ৰাখিবলৈ স্থাপত্য বিদ্যাত ন-সংযোগ হৈছে এটা নতুন সূত্ৰ ‘স্পঞ্জ চিটী’ (Sponge City)৷ পথ যোগাযোগ, দূৰসংযোগ, কেব’ল কাৰ, মে¸ট্ৰ’ ৰে’ল, টিউব ট্ৰেইন ইত্যাদি এতিয়া যিকোনো প্ৰথম শ্ৰেণীৰ মহানগৰীতে সুলভ৷ কিন্তু সমস্যা সৃষ্টি হৈছে মহানগৰীৰ মাজমজিয়াত হোৱা কৃত্ৰিম বান, ভূ-জলৰ স্তৰ নিম্নগামী, জৈৱ বৈচিত্ৰ্য হ্ৰাস, নলা-নৰ্দমাৰ পানীৰ বি অ’ ডি, চি অ’ ডি আৰু বায়ুমণ্ডলৰ কাৰ্বন কণা, অ’জন লেয়াৰ ইত্যাদি৷ এই আটাইকেইটা সমস্যাই মানৱসৃষ্ট৷

স্থাপত্যবিদ আৰু নগৰ পৰিকল্পনাবিদসকলে দিয়া উপদেশ ‘স্পঞ্জ চিটী’ সূত্ৰ বিশ্বৰ প্ৰায়কেইখন দেশে এতিয়া বৃষ্টিৰ জল কেনেকৈ সংৰক্ষিত, প্ৰয়োগ আৰু পুনৰ ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰতে দৃষ্টিনিবদ্ধ ৰাখিছে৷ প্ৰথমতে, বৃষ্টিৰ জল সংৰক্ষণ প্ৰত্যেক নাগৰিকৰ বাসস্থানত বা কাৰ্যালয় প্ৰাংগণত জমা হোৱা বৃষ্টিৰ জলধাৰা সেই স্থানতে সংৰক্ষণ তথা জমা ৰখাটো বাধ্যতামূলক যাক ‘ৰেইন ৱাটাৰ হাৰভেষ্টিং’ বুলি উল্লেখ কৰিছে৷

দ্বিতীয়তে, গৃহৰ পৰা ওলাই যোৱা জলভাগ এক বিশেষ প্ৰযুক্তিৰে নিৰ্মাণ কৰা নলা বা নৰ্দমাৰে নিষ্কাশন কৰা৷ এই নলা নিৰ্মাণ সাধাৰণ নলা নিৰ্মাণৰ দৰেই মাথোঁ নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে পাইপৰ যোগেদি সংযোজিত হ’ব আৰু তলৰ ভূমি ভাগৰ লগত আৰু বৈ যোৱা বোৱতী জলভাগে মাটি জিপাল কৰিব আৰু শেষৰ অংশত গৈ প্ৰায় ৩০ শতাংশলৈ জল মাটিয়ে গ্ৰহণ কৰিব৷ এনে ব্যৱস্থাৰে মাটি জিপাল কৰাৰ লগতে ভূ-জলৰ স্তৰ বৃদ্ধি পাব আৰু জলবহন ক্ষমতা বৃদ্ধি পাব৷ ঠিক একেধৰণৰ ব্যৱস্থা চৰকাৰী পথ, নলা-নৰ্দমাটো নিৰ্মাণৰ সময়ত প্ৰয়োগ হ’ব লাগিব৷ যাক ‘গ্ৰীণ ষ্ট্ৰিট’ বুলি নামাকৰণ কৰিছে৷

ইয়াৰ লগতে সংযোগ কৰিছে জলাশয়সমূহ পূৰ্ণ সংৰক্ষণ আৰু বৃষ্টিৰ পানী জলাশয়লৈ নিৰ্দিষ্ট সুঁতিত বোৱাই লৈ যোৱা ব্যৱস্থাপনা৷ জলাশয়সমূহক ‘নেছাৰেল ৰিজাৰ্ভাৰ’  হিচাপে পুনৰউদ্ধাৰ কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ তথা পানী সংৰক্ষণৰ এক স্থায়ী ব্যৱস্থা হিচাপে চিহ্নিত কৰিছে৷

ভাৰত চৰকাৰে কিছুদিন পূৰ্বে সকলো ৰাজ্যৰ মুখ্য সচিবলৈ বিশেষ নিৰ্দেশ-পত্ৰযোগে [পত্ৰ নং ৪৪[১]/ পিএফ-এছয২০২২-২৩] উপৰোক্ত সকলো ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰিছে৷

এই নীতি-নিৰ্দেশনাসমূহ মানি আমাৰ গুৱাহাটীৰ নাগৰিকসকলে যদি আৱাসগৃহ তথা বাসস্থান নিৰ্মাণ কৰে আৰু চৰকাৰেও আঁচনিৰ পথ, নলা-নৰ্দমা তথা কাৰ্যালয় চৌহদ নিৰ্মাণৰ সময়ত নজৰ ৰাখে তেন্তে নিশ্চয় আজি গুৱাহাটীত সৃষ্টি হোৱা প্ৰলয়ৰ দৰে পৰিস্থিতিৰ পৰা অনাগত দিনত কিছু পৰিত্ৰাণ পোৱা যাব৷ লগতে মহানগৰীৰ বুকুত থকা পাঁচখন জলাশয়ৰ বহন ক্ষমতা আৰু পৰিসীমা সংৰক্ষণ কৰাটো আজিৰ তাৰিখত অতি জৰুৰী হৈ পৰিছে৷ এইক্ষেত্ৰত নগৰ উন্নয়ন বিভাগ, জলসম্পদ বিভাগ, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ আৰু পৌৰ নিগমে এখন সমূহীয়া মঞ্চৰ জৰিয়তে ৰূপৰেখা প্ৰস্তুত কৰি কাৰ্যকৰী কৰিব লাগিব৷