Logo
image

পদ্মা সেতু মুকলি কলকাতা-ঢাকা মাথোঁ ৫ ঘণ্টা

আমাৰ অসম, ২৬ জুনঃ অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পৰিল৷ পদ্মাৰ বুকুত খোল খালে স্বপ্নৰ দুৱাৰ৷ দুৰত্ব কমিল কলকাতা ঢাকাৰ৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই শনিবাৰে উদ্বোধন কৰিলে বাংলাদেশৰ সামৰ্থ, সক্ষমতা আৰু সাহসৰ প্ৰতীক, দেশখনৰ অহংকাৰ, বিশ্বৰ বিস্ময় পদ্মা নদীৰ সেতু৷ সেতু খনৰ দৈৰ্ঘ্য ৬.১৫ কিলোমিটাৰ আৰু প্ৰস্ত ৭২ ফুট৷ দ্বৈত লেনযুক্ত পদ্মা নদীৰ দলংখনৰ ওপৰেৰে চলিব গাড়ী, তলৰে চলিব ৰে’ল৷ মুন্সীগঞ্জৰ মাওয়াপয়ণ্টত পদ্ম সেতু আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ লগতে প্ৰধানমন্ত্ৰী শেখ হাচিনাই ১০০ টকাৰ স্মাৰক ডাক টিকটো উন্মোচন কৰে৷ উদ্বোধনী অনুষ্ঠানত ভাষণ দি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাচিনাই ক’লে– ‘পদ্মা সেতুৰ নিৰ্মাণে দেশৰ উত্তৰ অঞ্চলৰ সৈতে দক্ষিণ অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ আৰু উন্নতি সাধন কৰিব৷’ লক্ষণীয় যে ভয়ংকৰ ৮ ৰিখটাৰ স্কেলৰ ভূমিকম্প আহিলেও যাতে সেতুৰ একো ক্ষতি নহয়, এনেধৰণৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে পদ্মা সেতু৷ ৯৬ ছেট বিয়াৰিং এই সেতুত ব্যৱহাৰ কৰা হৈছে৷ এটা বিয়াৰিঙৰ ওজন প্ৰায় ২৫ টন৷ এক ছেট বিয়াৰিঙে নুন্যতম ১০ টন ওজন বহন কৰিবলৈ সক্ষম৷ চমকপদ কথাটো হ’ল যে বিশ্বত ইয়াৰ পূৰ্বে কোনো সেতুতে ইমান সংখ্যক বিয়াৰিং ব্যৱহাৰ কৰা হোৱা নাই৷ নদীৰ পৰা ৬০ ফুট উচ্ছতাত দলংখন নিৰ্মাণ কৰা হৈছে৷ ৪২ টা পিলাৰ আৰু ২৮৬ টা পাইলিঙৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰোপৰি এই সেতু নিৰ্মাণ কৰিবৰ বাবে আঢ়ৈ লক্ষ টনৰ বেছি চিমেণ্ট, প্ৰায় ৯০ হাজাৰ টন ৰড, ৩ লক্ষ টন বালি ব্যৱহাৰ কৰা হৈছে৷ এই সেতু নিৰ্মাণত খৰচ হৈছে ৩০ হাজাৰ ১৯৩ কোটি ৩৮ লাখ ৭৬ হাজাৰ বাংলাদেশী মুদ্ৰা৷ ইয়াত কোনো বিদেশী পুঁজি নাই৷ সমগ্ৰ পুঁজি বাংলাদেশ চৰকাৰে বহন কৰিছে৷ এই সেতুৰ মাধ্যমেৰে বাংলাদেশৰ দক্ষিণ অঞ্চলৰ ২১ জিলাৰ মানুহ সহজে ঢাকা গৈ পাব৷ পূৰ্বতে কলকতাৰ পৰা ৰে’লেৰে ঢাকালৈ সময় লাগিছিল ১০ ঘণ্টা৷ ফলত পদ্ম সেতুৰ দ্বাৰা ভাৰত আৰু বাংলাদেশৰ মাজত যোগাযোগ ব্যৱস্থাৰ অবেক উন্নতি হ’ব৷ চিকিৎসাৰ বাবে বাংলাদেশৰ বহু মানুহ ভাৰতলৈ আহে৷ এই সেতুৰ নিৰ্মাণৰ ফলত ভাৰতলৈ চিকিৎসাৰ বাবে অহা বাংলাদেশৰ লোকসকলৰ সহায় হ’ব বুলি আশা কৰা হৈছে৷ পদ্মা সেতু উদ্বোধন কৰি আবেগিক হৈ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই পুনৰ ক’লে শত প্ৰতিকূলতাৰ মাজতো দেশবাসীয়ে এই সেতু নিৰ্মাণত শক্তি সাহাস যোগোৱাত সাহায্য কৰিছে৷ পদ্ম সেতু নিৰ্মাণত কোনো দুৰ্নীতি হোৱা নাই৷ সাহসৰ ঠিকনা পদ্মসেতু নিৰ্মাণৰ বাবে বাংলাদেশৰ জনগণই দিয়া উৎসাহক চেলুট জনাইছো৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ১৯৯৮ চনতে এই সেতুখনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল বাংলাদেশ চৰকাৰে৷ ২০০৭ চনত সেতুখনৰ অনুমোদন হৈছিল৷