Logo
image

আৰ্থিক সংকটত বেংকৰ ভূমিকা ব্যাখ্যাৰে নোবেল জয় ৩ অৰ্থনীতিবিদৰ

আমাৰ অসম, ১১ অক্টোবৰঃ আৰ্থিক সংকট মোকাবিলা কৰাৰ ক্ষেত্ৰত বেংকৰ ভূমিকা কেনেকুৱা হ’ব পাৰে সেই বিষয়ক লৈ কৰা গৱেষণা আৰু সমাধান সূত্ৰ আগবঢ়োৱাৰ বাবে আমেৰিকাৰ তিনিজন অৰ্থনীতিবিদ বেন বাৰ্ণানকে, ডগলাছ ডায়মণ্ড আৰু ফিলিপ ডিবভিগক ২০২২ চনৰ অৰ্থনীতিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ সোমবাৰে ‘দ্য ৰয়েল ছুইডিছ অকাডেমী অৱ ছায়েন্সে’ এই তিনি মাৰ্কিন অৰ্থনীতিবিদক চলিত বছৰৰ অৰ্থনীতিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা বুলি ঘোষণা কৰে৷ আৰ্থিক উন্নয়ন আৰু আৰ্থিক বিপৰ্যয়ৰ ক্ষেত্ৰত বেংকসমূহৰ ভূমিকা কিমান থাকে? তেনে ক্ষেত্ৰত অৰ্থাৎ ঘাইকৈ অৰ্থনৈতিক বিপৰ্যয় সংঘটিত হ’লে বেংকসমূহে কেনেধৰণৰ ভূমিকা পালন কৰিব লাগে? এই বিষয়ক লৈ উক্ত তিনিজন মাৰ্কিন অৰ্থনীতিবিদে গৱেষণা কৰিছিল৷  তেওঁলোকৰ গৱেষণাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছিল আৰ্থিক বিপৰ্যয়ৰ সময়ত বেংকসমূহৰ পেছাদাৰী দক্ষতা আৰু কাৰ্যকলাপ পূৰ্ণভাৱে আৰ্থিক সংস্কাৰ বা আৰ্থিক বিপৰ্যয়ৰ পৰা ৰক্ষা পৰাৰ ক্ষেত্ৰত কাৰ্যকৰীভাৱে ব্যৱহাৰ হয়৷ বেংকসমূহে তেনে বিপৰ্যয়ৰ সময়ত নিজৰ দক্ষতা আৰু প্ৰভাৱৰ জৰিয়তে স্থান কাল পাত্ৰৰ গণ্ডী অতিক্ৰম কৰি বিপৰ্যয় ৰোধ কৰিব পাৰে৷ মূলতঃ তেনে সময়ত বজাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বেংকৰ কাৰ্যকলাপ অতি প্ৰয়োজনীয় হৈ পৰে৷ গৱেষণাকালত এই তিনিজন অৰ্থনীতিবিদে বেংকৰ ভূমিকাৰ বিষয়ে বিশদভাৱে পৰ্যালোচনা কৰে আৰু সমাধানসূত্ৰ আগবঢ়ায়৷ 

অৰ্থনীতিৰ নোবেলৰ বাবে নিৰ্বাচিত হোৱা বাৰ্ণানকে হৈছে ৱাশ্বিংটন ডি চিৰ ব্ৰুকিংছ ইনষ্টিটিউটৰ গৱেষক৷ তেওঁৰ সমবয়সীয়া ডায়মণ্ড হৈছে চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ আনহাতে ৬৭ বছৰীয়া ফিলিপ লুইছ ছেণ্ট লুইছ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ অহা ১০ ডিচেম্বৰত এই তিনি মাৰ্কিন অৰ্থনীতিবিদৰ হাতত চলিত বছৰৰ অৰ্থনীতিৰ আৰু ৰ কোটি ছুইডিছ ক্ৰ’নাৰ [প্ৰায় চাৰে সাত কোটি টকা] তুলি দিয়া হ’ব৷ উল্লেখ্য যে এই তিনি অৰ্থনীতিবিদে আশীৰ দশকৰ আৰম্ভণিৰ পৰাই আৰ্থিক সংকট মোকাবিলা কৰাৰ ক্ষেত্ৰত বেংকৰ  বহুমুখী ভূমিকা সন্দৰ্ভত তেওঁলোকৰ বিভিন্ন গৱেষণাৰ জৰিয়তে আলোকপাত কৰি আহিছিল৷ প্ৰসংগতঃ, বিগত বছৰৰ অৰ্থনীতিৰ নোবেলো  পাইছিল তিনিজন মাৰ্কিন অৰ্থনীতিবিদ ক্ৰমে– ডেভিড কাৰ্ড, জছোৱা ডি এংৰিষ্ট আৰু গুইডো ডব্লিউ ইমবেনছে৷