Logo
image

ভূমিস্খলনত বিপৰ্যস্ত গেৰুকামুখ, উদ্বেগ ডিব্ৰুগড়তো

আমাৰ অসম, ১১ অক্টোবৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক নিৰ্মাণ হৈ উঠিবনে? শেহতীয়াকৈ এনে আশংকাই ঘনীভূত হৈ পৰিছে ৰাইজৰ মাজত৷ কিয়নো বিগত এটা পষেকৰো অধিক কাল হৈ থকা ধাৰাবাহিক ভূমিস্খলনে এনে আশংকা প্ৰকট কৰি তুলিছে৷ উল্লেখ্য যে, আজিও প্ৰকল্পস্থলীত ভূমিস্খলন হৈয়ে আছে৷ গেৰুকামুখৰ থুনুকা পাহাৰ খহি সোৱণশিৰি বক্ষত পৰাৰ ফলত নিৰ্মীয়মান জলবিদ্যুৎ প্ৰকল্পটোলৈ তীব্ৰ ভাবুকি নামি আহিছে৷ কেতিয়াবা যে তেনে থুনুকা পাহাৰ খহি সোৱণশিৰি নদীখনৰ লগতে নিৰ্মীয়মান বান্ধটো পাহাৰৰ মাটিয়ে পুতি নেপেলাব তাক কোনেও নুই কৰিব নোৱাৰে৷ বিগত কেইবাদিনৰ প্ৰতিছবিয়ে এনে আশংকা স্পষ্ট কৰি তুলিছে৷ সেয়েহে সময়ত যে বৃহৎ নদীবান্ধ প্ৰকল্পটো সম্পূৰ্ণ হৈ নুঠে সেই কথা স্পষ্ট হৈ পৰিছে৷ ইফালে আজিও গেৰুকামুখত প্ৰচণ্ড শব্দৰে ভূমিস্খলন ঘটাৰ ফলত প্ৰকল্পস্থলীত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পাহাৰৰ মাটিয়ে প্ৰকল্পৰ সন্মুখভাগ একপ্ৰকাৰে ভেটি ধৰাৰ ফলত ২ নং আৰু ৫ নং ডাইভাৰ্ছন টানেল দুটা বন্ধ হৈ পৰিছে৷ তেনেস্থলত কেতিয়াবা ভূমিস্খলনে সোৱণশিৰিৰ গতি ৰূদ্ধ কৰি দিয়াৰ আশংকাও নথকা নহয়৷ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত সৃষ্টি হোৱা এনেবোৰ পৰিঘটনাই সমগ্ৰ প্ৰকল্পটোলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে৷ উল্লেখ্য যে, ইতিপূৰ্বে প্ৰকল্পস্থলীত গাৰ্ডৱাল খহি পৰা, টানেল তললৈ বহি যোৱা, বান্ধটোৰ মূল চালিকা শক্তি পাৱাৰ হাউচত পানী সোমোৱা, নিৰ্মীয়মান মূল বান্ধৰ ওপৰেৰে সঘনাই পানী বাগৰা আদি ঘটনাই এন এইচ পি চি কতৃৰ্পক্ষৰ লগতে সকলোকে চিন্তাম্বিত কৰি তুলিছে৷

লখিমপুৰত সোৱণশিৰিয়ে ছিঙিলে ভীমপৰা মথাউৰি, নিৰাপদ স্থানলৈ বহু পৰিয়াল 

অৱশেষত সকলোৱে আশংকা কৰাৰ দৰেই আজি সোৱণশিৰিয়ে ভীমপৰা মথাউৰিৰ ন-আলি ঘনচৰাইত মথাউৰি ছিঙি তচনচ কৰে৷ মথাউৰিৰ ছিগা অংশৰে হোৰাহোৰে পানী সোমোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত আজি বিয়লি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ নদীখনৰ প্ৰৱল সোঁত আৰু ঢলে নিমিষতে নিকটৱৰ্তী গাঁৱৰ ঘৰ-বাৰী, খেতি-পথাৰ বুৰাই পেলোৱাত সমগ্ৰ অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সূচনা হয়৷ উল্লেখ্য যে, আজি দিনৰ প্ৰায় ৩ বজাত সোৱণশিৰি নদীয়ে ভীমপৰা মথাউৰিটোৰ এক বৃহৎ অংশ বিছিন্ন কৰি বৃহত্তৰ তেলাহী অঞ্চলটোৰ বহু গাঁও জলমগ্ন কৰে৷ আজি সোৱণশিৰিৰ নদীৰ প্ৰচণ্ড সোঁতে মথাউৰিটো বিছিন্ন কৰাৰ পাছত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু মথাউৰিৰ দাঁতিকাষৰীয়া লোকসকল নিৰাপদ স্থানলৈ ঢাপলি মেলে৷ তেওঁলোকে নিজৰ বয়বস্তু, টালি-টোপোলা বান্ধি নিৰাপদ স্থানলৈ স্থানান্তৰিত  হয়৷ লক্ষণীয় কথা যে, বিগত এটা পষেক ধৰি সোৱণশিৰিৰ ভয়াৱহ খহনীয়াৰ কৱলত পৰি ভীমপৰা মথাউৰিটো  ন-আলি ঘনচৰাইত সোৱণশিৰিৰ বুকুত জাহ যাবলৈ ধৰে৷ লখিমপুৰৰ জলসম্পদ বিভাগ, জিলা প্ৰশাসনে যুদ্ধংদেহী তৎপৰতাৰে খহনীয়া প্ৰতিৰোধেৰে মথাউৰিটো সুৰক্ষাৰ বাবে সকলো প্ৰচেষ্টা চলাইছিল যদিও শেহতীয়াকৈ হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত আজি মথাউৰিটো বিছিন্ন হয়৷ প্ৰাপ্ত তথ্য মতে, সোৱণশিৰি নদীয়ে মথাউৰি বিছিন্ন কৰাৰ ফলত অঞ্চলটোৰ ১৩ টা পৰিয়ালৰ লগতে ১৬খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান লখিমপুৰ জিলা প্ৰশাসনে ইতিপূৰ্বে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে৷ সম্প্ৰতি উক্ত ভগ্ন মথাউৰিত জিলা প্ৰশাসন, এছ ডি আৰ এফ বাহিনী অভিযানত নামি পৰিছে৷ ইফালে সোৱণশিৰিয়ে ঘনচৰাইত মথাউৰি বিছিন্ন কৰাৰ পাছত তেলাহী মৌজাৰ বিভিন্ন গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ আজি মথাউৰি ছিঙি নিয়াৰ ফলত আৰু উক্ত ছিঙা অংশৰে সোমোৱা সোৱণশিৰিৰ পানীয়ে ৩ নং ন-আলি কৈৱত্ত, ১ আৰু ২নং খগা চন্দপুৰ, ৰন্তিজান আদি গাঁও জলমগ্ন কৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ প্ৰচণ্ড জোৰেৰে ছিগা অংশৰে পানী সোমাই অহাৰ ফলত সমগ্ৰ অঞ্চলটোত একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈছে৷ বহুতে আকৌ নিজৰ  পশুধনসমূহক ওখ স্থানলৈ স্থানান্তৰিত কৰিছে৷ আহিন মহীয়া অবাঞ্চিত বানৰ কৱলত পৰা একাংশ কৃষকে এতিয়া মূৰে-কপালে হাত দিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ উল্লেখনীয় কথা যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পানীয়েও ভীমপৰা মথাউৰিত খুন্দা মৰাৰ ফলতো মথাউৰিটো বিছিন্ন হোৱাত অৰিহণা যোগায়৷

ডিব্ৰুগড়ৰ উপকণ্ঠত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া

মহাবাহু ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ডিব্ৰুগড়ত৷ প্ৰতি মুহূৰ্তত শ শ মিটাৰ ভূমি জাহ গৈছে বৰলুইতৰ বুকুত৷ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত ডিব্ৰুগড় চহৰৰ উপকণ্ঠ নগাঘূলী কছাৰীলাইনৰ ৮ টাকৈ শ্ৰমিকৰ বাসগৃহ জাহ গৈছিল৷ ইয়াৰ পাছতে ২৪ ঘণ্টাত সুৰক্ষা বান্ধৰ এটা অংশ খহাই নিলে ব্ৰহ্মপুত্ৰৰ খহনীয়াই৷ বুঢ়া লুইতৰ খহনীয়াই অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু মোহনবাৰীস্থিত বিমানকোঠৰ প্ৰতিও প্ৰকাৰন্তৰে ভাবুকিৰ সৃষ্টি কৰিছে৷ ডিব্ৰুগড় চহৰখনৰ সুৰক্ষাৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ অৰ্থসাহায্যত এবছৰ পূৰ্বে নিৰ্মাণ কৰা সুৰক্ষা বান্ধটোৰ ৩০ মিটাৰ অংশ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ পাছতে আতংকিত হৈ পৰিছে অঞ্চলটোৰ শ্ৰমিক-ৰাইজ৷ ইতিমধ্যে বিগত এটা সপ্তাহত মাইজান আৰু নগাঘূলী অঞ্চলৰ বৃহৎ অংশ জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত৷ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ বাতৰি ‘আমাৰ অসম’ত সবিস্তাৰে প্ৰকাশ পোৱাৰ ২৪ ঘণ্টাৰ পাছতে সুৰক্ষা বান্ধৰ এটা অংশ উটুৱাই নিয়াৰ পাছতে সুৰক্ষা বান্ধটো সুৰক্ষাৰ বাবে যুদ্ধংদেহি ৰূপত নামিল বিভাগীয় কতৃৰ্পক্ষ৷ জেচিবিৰে সুৰক্ষা বান্ধটো সুৰক্ষাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে প্ৰশাসনে৷ অৱশ্যে প্ৰাথমিক প্ৰতিৰোধ ব্যৱস্থা হিচাপে বিগত তিনিদিনৰে পৰা বিভাগীয় লোকে মেগা জিঅ’বেগৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও সেই ব্যৱস্থাইয়ো ৰক্ষা কৰিব নোৱাৰিলে সুৰক্ষা বান্ধৰ এটা অংশক৷ আনফালে অসম কোম্পানীৰ অধীনস্থ মাইজান চাহ বাগিচা আৰু গ্ৰীনউড চাহ বাগিচালৈয়ো তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বৰলুইতৰ খহনীয়াই৷ কেৱল সেয়াই নহয় সুৰক্ষা বান্ধটো খহাই নিলে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰলৈয়ো তীব্ৰ ভাবুকি নামি আহিব৷ ইফালে আজি পুৱাৰ ভাগৰ পৰা হঠাৎ ব্ৰহ্মপুত্ৰই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাৰ পাছৰে পৰা যুদ্ধংদেহি ৰূপত নামি পৰিছে মেগা জিঅ’বেগেৰে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা৷ অন্যহাতে, আজি ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, অতিৰিক্ত উপায়ুক্ত বিশ্বজিত পেগুৱে পৰিদৰ্শন কৰিলে খহনীয়াগ্ৰস্ত অঞ্চল৷ বৰলুইতৰ খহনীয়া পৰিদৰ্শন কৰি উপায়ুক্ত বিশ্বজিত পেগুৱে বিভাগীয় নীতিৰ আধাৰত প্ৰতিৰোধ ব্যৱস্থা হিচাপে ল’বলগীয়া পদক্ষেপসমূহ গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে৷ উপায়ুক্তই লগতে জানিবলৈ দিয়া মতে, বৰ্তমানলৈকে ১২০ মিটাৰ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে৷ এনেদৰে ভয়াৱহ পৰিস্থিতি অব্যাহত থাকিলে অন্য পদক্ষেপ গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে৷ বৰ্তমানেও অঞ্চলটোৰ ৫০০ মিটাৰ এলেকাত ভয়ংকৰ ৰূপত বৰলুইতৰ খহনীয়া বৃদ্ধি পাইছে৷ আটাইতকৈ মন কৰিবলগীয়া কথাটো হ’ল বৰলুইতৰ এই ভয়াৱহ পৰিস্থিতিৰ পাছতো এইপৰ্যন্ত খহনীয়াগ্ৰস্ত এলেকাত উপস্থিত হোৱা নাই স্থানীয় বিধায়ক বিনোদ হাজৰিকা৷ বিধায়কজনৰ এই ভূমিকাক লৈ ক্ষুব্ধ হৈছে অঞ্চলটোৰ শ্ৰমিকসকল৷ নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোট খুজিবলৈ অহা বিধায়কজনক ৰাইজৰ দুখৰ সময়ত ছাঁটোকে বিচাৰি নাপালে মাইজান-নগাঘূলী ৰাইজে৷ ইফালে কাইলৈ মাইজান আৰু গ্ৰীনউড চাহ বাগিচা বন্ধ ঘোষণা কৰিছে৷ এই দুয়োখন বাগিচাৰ শ্ৰমিকসকলে জলসম্পদ বিভাগে গ্ৰহণ কৰা খহনীয়া প্ৰতিৰোধ ব্যৱস্থাত সহযোগিতাৰে শ্ৰমদান কৰিব৷

বঙাইগাঁৱৰ মালেগড়ত ব্ৰহ্মপুত্ৰ, মানাহ আৰু বেকী নৈৰ খহনীয়া

কাতিৰ পদূলিত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ৷ ইয়াৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ যোগীঘোপা অঞ্চলৰ মাললেগড়ত অব্যাহত ৰাখিছে নৈৰ খহনীয়াই৷ উল্লেখ্য যে,  ব্ৰহ্মপুত্ৰ, বেকী আৰু মানাহ নৈয়ে মালেগড়ৰ গোবিন্দপুৰ গাঁৱৰ ওচৰতেই মিলিত হৈ বৈ যোৱাত স্বাভাৱিকতে উক্ত অংশত নৈৰ গতিবেগ অধিক হয়৷ ইয়াৰ ফলতে খহনীয়াই তীব্ৰৰূপ ধাৰণ কৰি বিগত দুটা মাহৰ ভিতৰতে গোবিন্দপুৰ গাঁৱত আটোমটোকাৰীকৈ সজা ললিতা দাস, পৰেশ চন্দ্ৰ দাস, গুৰুদাস দাস, লক্ষণ দাস, সুজিত দাস, অজিত দাস, লক্ষণ দাস, পৰেশ হাৱালদাৰ, সুধিৰ দাস, বলোৰাম সৰকাৰ, গৌৰ দাস, অনিল দাস, নকুল দাস, ৰাধাকান্ত দাসকে ধৰি দুকুৰি পৰিয়াল তথা কালী মন্দিৰ, অংগনবাড়ী কেন্দ্ৰৰ লগতে যোৱা দুদিনত মদন দাস, গৌৰ দাস, ভজন দাসকে ধৰি পুনৰাই ৫টা পৰিয়াল গৃহহীন হৈ পৰে৷ গৃহহীন পৰিয়ালৰ কোনোৱে সপোনৰ ঘৰখনত হাতুৰীৰ কোব শোধাই ভগ্নাংশ আন স্থানলৈ স্থানান্তৰিত কৰাৰ বিপৰীতে বহু পৰিয়ালৰ ঘৰ-বাৰী, ভেটি মাটি নৈৰ বুকুত সম্পূৰ্ণৰূপে জাহ গৈছে৷  উল্লেখ্য যে, প্ৰতিটো পৰিয়ালে দশক-দশক ধৰি টনকিয়াল জীৱন-যাপন কৰি অহাৰ পাছত বৰ্তমানে সৰ্বচ্ছ হেৰুওৱাই আনৰ ঘৰত আশ্ৰয় ল’ব লগা হোৱাত কান্দোনত ভাঙি পৰিছে লোকসকলে৷ উল্লেখ্য যে, গোবিন্দপুৰ গাঁওখন খহাই তচ-নচ কৰাৰ পাছত একেশাৰীতে থকা দ্বিতীয়খন গাঁও পূব তিনিকোণীয়া খহনীয়াৰ কৱলত পৰে৷ ইতিমধ্যে গাঁওখনৰ দীঘলে-দীঘলে পকী পথ খহাই নিয়াৰ লগতে গাঁওখনৰ মইনুদ্দিন মণ্ডল, আব্দুল জলিল, নুৰু শ্বেখ, মুল্লে শ্বেখ, জুব্বাৰ আলী, আছান আলী, দানেশ আলী, জাহানুদ্দিনকে ধৰি দুই শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ জাহ হৈছে৷ ইতিমধ্যে বহু পৰিয়ালে আগতিয়াকৈ ঘৰ-দুৱাৰ ভাঙি লাম-লাকটু লৈ আত্মীয় আদিৰ ঘৰত আশ্ৰয় লৈছে৷ উল্লেখ্য যে, নৈকেইখনে আধা কিলোমিটাৰতকৈ অধিক দূৰত্ব উত্তৰৰ দিশে ধাৱমান হোৱাৰ ফলতে খহনীয়াই বিধবংসী ৰূপ লৈছে৷ তদুপৰি, বৰ্তমানলৈকে নৈৰ জলপৃষ্ঠ বৃদ্ধি পাই থকাত শংকিত পৰিছে লোকসকল৷ খহনীয়াৰোধ নহ’লে একেটা শাৰীতে থকা পশ্চিম তিনিকোণীয়া গাঁওখনো খহনীয়াৰ কৱলত পৰাটো নিশ্চিত৷