
তৃতীয়-চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা কিমান বৈধ!
আমাৰ অসম, ২০ অক্টোবৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত চৰকাৰী খণ্ডৰ নিযুক্তি পৰীক্ষাৰ পৰা সাক্ষাৎকাৰৰ ব্যৱস্থা বিলুপ্ত কৰিবলৈ আহ্বান জনাইছিল৷ সাক্ষাৎকাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাৰ্থী নিযুক্তি দিয়াৰ পৰিৱৰ্তে লিখিত পৰীক্ষাৰ ওপৰত ভিত্তি কৰিহে নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা আহ্বান জনাইছিল৷ ‘যেতিয়া এজন চাকৰিপ্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে মাতি পঠিওৱা হয় তেতিয়া প্ৰাৰ্থীজনৰ সমগ্ৰ পৰিয়ালটো দুৰ্ভোগ আৰু অস্বস্তিত ভোগে৷’– এই ভাষ্য আছিল স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীৰ এই আহ৩ানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত সাক্ষাৎকাৰৰ ব্যৱস্থা সম্পূৰ্ণৰূপে নাইকীয়া কৰাৰ সিদ্ধান্ত লয়৷ আনকি প্ৰধানমন্ত্ৰী মোদীয়ে নিজেও ২০১৫ চনৰ ৩১ ডিচেম্বৰত চৰকাৰৰ এই সিদ্ধান্ত টুইটযোগে সদৰি কৰি কয়– ‘কাইলৈৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সাক্ষাৎকাৰৰ ব্যৱস্থা বিলুপ্ত কৰা হ’ল৷ এই কাৰ্যই দুৰ্নীতি ৰোধত সহায় কৰিব৷’ আনহাতে, ২০২০ চনৰ ১০ অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে ঘোষণা কৰা অনুসৰি দেশৰ ২৩খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয়শাসিত অঞ্চলে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সাক্ষাৎকাৰৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বাতিলৰ সিদ্ধান্ত লৈছে৷ কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ পৰা গ্ৰুপ বি আৰু গ্ৰুপ চিৰ নিযুক্তিৰ ক্ষেত্ৰত সাক্ষাৎকাৰৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ পাছতে ৰাজ্যসমূহেও এই সিদ্ধান্ত গ্ৰহণ কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত ২০১৬ চনৰ ৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়৷ এই সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অসমো অন্যতম ৰাজ্য আছিল৷ কিন্তু শেহতীয়াভাৱে অসমত অনুষ্ঠিত চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল মঙলবাৰে ঘোষণা কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে– ‘চলিত বৰ্ষৰ ডিচেম্বৰ মাহত চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী নিযুক্তিৰ বাবে মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব৷ চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ বাবে অনুষ্ঠিত হ’বলগীয়া মৌখিক পৰীক্ষাত প্ত নম্বৰ থাকিব৷ এটা পদৰ বিপৰীতে দুজন প্ৰাৰ্থীক উত্তীৰ্ণ কৰোৱা হৈছে৷ দুয়োজনকে মৌখিক পৰীক্ষাৰ বাবে মতা হ’ব৷ মঙলবাৰে ফলাফল ঘোষণা কৰা উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত ৫০ শতাংশইহে শেষ পৰ্যন্ত চাকৰি লাভ কৰিব৷’ মুখ্যমন্ত্ৰীৰ এই ঘোষণাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ এই ঘোষণাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– দেশৰ প্ৰধানমন্ত্ৰীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত মৌখিক পৰীক্ষা হ’ব নালাগে বুলি প্ৰথমে কৈছিল৷ মৌখিক পৰীক্ষাত দুই নম্বৰী হয় বুলি তেওঁ কৈছিল৷ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত মৌখিক পৰীক্ষা বন্ধ কৰাৰ সিদ্ধান্ত সোণোৱাল চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা হৈছিল৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দুগৰাকী ভ্ৰাতৃয়ে কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি পাইছিল৷ কিন্তু এতিয়া তেওঁ মৌখিক পৰীক্ষা পাতি নিযুক্তি দিব বিচাৰিছে৷ তেওঁ মোদী-সোণোৱালৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনালে৷ এতিয়া বিজেপিৰ বিধায়কসকলে প্ৰাৰ্থীৰ তালিকা বনাব৷ বিজেপিৰ বহু বিধায়কৰ ঘৰত বনকৰা ল’ৰা-ছোৱালীয়ে পৰীক্ষা দিছে৷ নিৰ্বাচনত কাম কৰা, সম্পৰ্কীয় ই পৰীক্ষা দিছে৷ ফলত এতিয়া অন্য প্ৰাৰ্থীসকল শংকিত হৈ পৰিছে৷ মৌখিক পৰীক্ষা পতাৰ কাৰণে কংগ্ৰেছৰ দিনত হোৱা নিযুক্তিত দুই নম্বৰী হৈছিল বুলি এইজন মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছিল৷
আনহাতে শেহতীয়াকৈ অসমত অসম চৰকাৰ তথা অসম নিযুক্তি আযোগৰ অধীনত অনুষ্ঠিত কৰা ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সন্দৰ্ভত আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদ মেলৰ আয়োজন কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে৷ সংবাদমেলত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি মৌচম বৰুৱাই কয় ৰাজ্যৰ ২৫খন জিলাৰ ৪ লাখ ৪৩ হাজাৰ ৬৫৫গৰাকী প্ৰাৰ্থীয়ে ৪ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ২৫ হাজাৰ ৪৪২টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল যত ১৩,৩০০টা ৩য় বৰ্গৰ আৰু ১৩,৩৪২টা পদ আছিল ৪ৰ্থ বৰ্গৰ৷ ফলাফল অনুসৰি ৪ৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ ৪ লাখ ৪৩ হাজাৰ ৬৫৫গৰাকী প্ৰাৰ্থীৰ ২৬ হাজাৰ ৬৮২জন উত্তীৰ্ণ হৈছে৷ মঙলবাৰে এই ফলাফল ঘোষণা কৰা হৈছে৷ কিন্তু আচৰিত কথা কালি দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কয় যে এই ৪ৰ্থ বৰ্গৰ উত্তীৰ্ণ ২৬,৬৮২জন প্ৰাৰ্থীৰ মাজত অহা ডিচেম্বৰত অনুষ্ঠিত হ’ব মৌখিক পৰীক্ষা, আৰু তাৰ পিছত হে নিযুক্তি লাভ কৰিব তেওঁলোকে৷ প্ৰতিটো পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থীক এই মৌখিক পৰীক্ষাত মতা হ’ব৷ অৰ্থাৎ মুঠ উত্তীৰ্ণৰ ৫০ শতাংশ প্ৰাৰ্থীয়েহে পাব নিযুক্তি৷ মৌখিক পৰীক্ষাত ৫ নম্বৰকৈ ধাৰ্য্য কৰা হৈছে৷ আৰু ৩ য় বৰ্গৰ পৰীক্ষাৰ ফলাফল অহা নবেম্বৰত ঘোষণা কৰি তাৰ পিছত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজত ডিচেম্বৰত পতা হ’ব বিশেষ স্কিল পৰীক্ষা৷ এতিয়া কথাটো হল ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি আৰু ‘মন কি বাত’ত কৈছিল যে ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা নিকা আৰু স্বচ্ছ হোৱাৰ স্বাৰ্থত এই প্ৰক্ৰিয়াৰ পৰা মৌখিক পৰীক্ষা উঠাই দিয়া হ’ব৷ আৰু এই সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল৷ আনকি ২০১৬ চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতেও প্ৰধানমন্ত্ৰীৰ এই মতাদৰ্শ আৰু সিদ্ধান্তৰ প্ৰতি সন্মান জনাই অসম চৰকাৰৰ তেখেতৰ প্ৰথমখন কেবিনেটতেই এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল৷ কিন্তু নিজৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক বুঢ়া আঙুলি দেখুৱাই হিমন্ত বিশ্ব শৰ্মাই আচলতে কি বুজাব বিচাৰিছে৷ নে তেখেতে এই নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ হোৱাটো বিচৰা নাই৷ ৰাজ্যৰ লাখ লাখ মেধাৱী নিবনুৱা যুৱক যুৱতীৰ জীৱন আৰু সপোনক লৈ ল’ৰা-ধেমালি কৰা অধিকাৰ ক’ত পালে এই চৰকাৰখনে৷ লক্ষণীয়ভাৱে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ২৫ হাজাৰ পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত ব্যাপক খেলিমেলি আৰু অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি কাৰাগাৰলৈ যাবলগীয়া হোৱা টে’ট শিক্ষক ভিক্টৰ দাসে পঢ়ুওৱা প্ৰায় এহাজাৰ প্ৰাৰ্থী এই পৰীক্ষাত উত্তীৰ্ণ হয়৷ বিজেপিৰ এজন প্ৰাক্তন বিধায়কৰ বিৰুদ্ধে প্ৰাৰ্থী নিযুক্তিৰ দৰদাম চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসে পৰৱৰ্তী সময়ত নিজৰ টে’ট শিক্ষকৰ চাকৰিৰ পৰা বৰ্খাস্ত হ’বলগীয়া হয় কোচিং ক্লাচ চলোৱাৰ অভিযোগত৷ সংবাদ মাধ্যমৰ আগত ভিক্টৰ দাসৰ প্ৰশ্ন– জেনেৰেল, অ’বিচি, এছচিৰ বাবে কিমান কাট অফ মাৰ্ক নিৰ্ধাৰণ কৰিছে চৰকাৰে সেইটো কিয় ৰাজহুৱা কৰা নাই? যিমান ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰিছে, সকলোৰে নম্বৰ ৰাজহুৱা কৰিব লাগে৷ দ্বিতীয় পৰ্যায়ত হ’ব লগা মৌখিক পৰীক্ষা ভিডিঅ’ ৰেকৰ্ডিং হ’বনে নাই, সেয়াও চৰকাৰে ক’ব লাগে৷