Logo
image

অগ্নি-৫ মিছাইলৰ সফল পৰীক্ষণ : বেইজিং পৰ্যন্ত লক্ষ্যত আঘাত হানিবলৈ কৰিবলৈ সক্ষম

ডিজিটেল ডেস্ক : পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰত আৰু অধিক শক্তিশালী হ'ল ভাৰত৷ যোৱা সপ্তাহত অৰুণাচল প্ৰদেশৰ সীমান্তত ভাৰত-চীনৰ সেনাৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ উত্তেজনা অব্যাহত থকাৰ মাজতে ভাৰতে অগ্নি-৫ বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে৷  

এই মিছাইলে ৫০০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত লক্ষ্যভেদ কৰিবলৈ সক্ষম। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি অগ্নি-৫ত নতুন প্ৰযুক্তি আৰু সঁজুলিৰ বৈধতা প্ৰদান কৰিবলৈ এই পৰীক্ষণ কৰা হৈছিল৷ পৰীক্ষাত প্ৰমাণিত হৈছে যে এই মিছাইলে পূৰ্বৰ তুলনাত বহু দূৰত্বৰ লক্ষ্যত আঘাত কৰিব পাৰে।

আন্তঃমহাদেশীয় পাৰমাণৱিক সক্ষম বেলিষ্টিক মিছাইলটো উৰিষ্যাৰ উপকূলৰ আব্দুল কালাম দ্বীপৰ পৰা নিক্ষেপ কৰা হৈছিল। চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত সংঘৰ্ষৰ কেইদিনমান পাছতে এই পৰীক্ষা কৰা হয় যদিও বহু আগৰে এই পৰীক্ষণৰ বাবে পৰিকল্পনা কৰা হৈছিল।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এইটো অগ্নি-৫ৰ নৱম উৰণ। উল্লেখ্য যে  ২০১২ ত প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা এই মিছাইলৰ এইটো এটা নিয়মীয়া পৰীক্ষা আছিল৷