Logo
image

অসমত সমষ্টি পুনৰনিৰ্ধাৰণ শীঘ্ৰে...

আইন-শৃংখলা উন্নত, কেন্দ্ৰলৈ পত্ৰ দিছপুৰৰ : নতুন সমষ্টিৰে ২০২৪১ নিৰ্বাচন?

ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ : অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ এই পত্ৰৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব৷ বৃহস্পতিবাৰে যোৰহাটত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে৷ উল্লেখ্য, নিৰ্বাচনী আয়োগে ২০২০ চনৰ ৬ মাৰ্চত অসমৰ উপৰি জম্মু-কাশ্মীৰ, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে অধিসূচনা জাৰি কৰিছিল৷ সেই অনুযায়ী সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল৷ আয়োগৰ খচৰা অনুসৰি নামনি অসমত বিধানসভা সমষ্টিৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে উজনি অসমত সমষ্টিৰ সংখ্যা হ্ৰাস পাইছিল৷ সেয়ে আয়োগৰ খচৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত এই পক্ৰিয়া গেঠেলা মাৰে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাজ্যখনত আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি ৰাজ্য চৰকাৰে পত্ৰ প্ৰেৰণ কৰাৰ বাবেই এই প্ৰক্ৰিয়া বন্ধ আছিল৷ কিন্তু সম্প্ৰতি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি উদ্ভৱ নহয় বুলি মুখ্যমন্ত্ৰীজনে দাবী কৰিছে৷ সেয়ে এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীজনে কামনা কৰিছে৷
নতুন সমষ্টিৰে অসমত ২০২৪ৰ নিৰ্বাচন?
ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে ইতিপূৰ্বে উচ্ছতম ন্যায়ালয়তো সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে আপত্তি নাই বুলি শপতনামা দাখিল কৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰে ২০২১ ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই অসম, অৰুণাচল, মণিপুৰ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে সাজু হৈছিল কেন্দ্ৰীয় চৰকাৰ৷ এই প্ৰসংগত ‘আমাৰ অসম’ত ধাৰাবাহিকভাৱে সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল৷ অৱশ্যে সেই সময়ত বিভিন্ন পক্ষৰ প্ৰতিবাদ আৰু কেতবোৰ কাৰিকৰী কাৰণত এই কাম সম্ভৱ নহ’ল৷ হিমন্তবিশ্ব শৰ্মা চৰকাৰে দায়িত্ব লোৱাৰ পাছৰে পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ সপক্ষে মাত মাতি আহিছে৷ ৰাজ্য চৰকাৰে কেন্দ্ৰক স্পষ্ট কৰি দিছে যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে অসমত আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়৷ সমগ্ৰ পৰিস্থিতি অসম চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰিব৷ দিছপুৰৰ এই আশ্বাসে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দিন কাষ চপাই আনিছে বুলি বিভিন্ন মহলে মত পোষণ কৰিছে৷ ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ মতে, সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰধান লক্ষ্য ২০২৬ চনৰ বিধানসভা নিৰ্বাচন যদিও দিছপুৰৰ শেহতীয়া তৎপৰতালৈ চাই এয়া ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে হ’ব পাৰে বুলিও ধাৰণা কৰিব পাৰি৷ সেয়ে হ’লে অসমত ২০২৪ চনৰ লোকসভা নিৰ্বাচন নতুন সমষ্টিত অনুষ্ঠিত হ’ব৷ দিছপুৰৰ বিশেষ সূত্ৰৰ মতে ৰাজ্য চৰকাৰৰ সন্মতি সাপেক্ষে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে সাজু কৰিছে ৰাজ্যৰ নতুন সমষ্টিৰ নাম আৰু চাৰিসীমা৷ এই সন্দৰ্ভত ২০২০ চনৰ ১৩ ছেপ্টেম্বৰতে ‘আমাৰ অসম’ত ‘বিগ এক্সক্লচিভ’ প্ৰকাশ পাইছিল৷ মুখ্যমন্ত্ৰীৰ শেহতীয়া বক্তব্যৰ পাছত সেই প্ৰতিবেদনৰ প্ৰাসংগকিতা পুনৰ বৃদ্ধি পালে৷ সকলো ঠিকে থাকিলে হয়তো শীঘ্ৰেই সাংসদত উত্থাপিত হ’ব জন প্ৰতিনিধিত্ব সংশোধনী বিধেয়ক৷ আমাৰ অসমে ইতিপূৰ্বে প্ৰকাশ কৰা ৰাজ্যৰ জিলাসমূহৰ নতুন  বিধানসভা সমষ্টিসমূহ এনেধৰণৰ–কোকৰাঝাৰ: কঁচুগাঁও, দোতমা (এছটি), কোকৰাঝাৰ (এছটি), গোসাইগাঁও, ধুবুৰী: আগমনী, গৌৰীপুৰ, বিলাসীপাৰা, দক্ষিণ শালমাৰা, মানকাছৰ, ধুবপৰী, মহামায়া, গোৱালপাৰা: জলেশ্বৰ, গোৱালপাৰা (পশ্চিম), গোৱালপাৰা (পূব), দুধনৈ (এছটি), বঙাইগাঁও: অভয়াপুৰী, মাণিকপুৰ, বঙাইগাঁও, চিৰাং: চিৰাং (এছটি), বিজনী, বৰপেটা: বজালী, বৰপেটা (এছচি), বৰপেটাৰোড, জনীয়া, বাঘবৰ, চেঙা, কামৰূপ: ছমৰীয়া, বকো (এছটি), পলাশবাৰী, হাজো (এছটি), ৰঙিয়া, বিহদিয়া-জাজীকোণা, কামৰূপ মেট্ৰ: উত্তৰ গুৱাহাটী, গুৱাহাটী (চেণ্ট্ৰেল), গুৱাহাটী (পশ্চিম), চন্দ্ৰপুৰ, দিছপুৰ (এছ চি), নলবাৰী : বৰক্ষেত্ৰী, টিহু, নলবাৰী, বাগ্‌সা: গোৱদ্ধৰ্না, বাগ্‌সা (এছটি), তামুলপুৰ (এছটি), গোৰেশ্বৰ, ছিপাঝাৰ, মঙলদৈ, দলগাঁও-শিয়ালমাৰী, ওদালগুৰি: ভেৰগাঁও, টংলা, ওদালগুৰি (এছটি), মাজবাট, মৰিগাঁও: মায়ং (এছচি), লাহৰিঘাট, মৰিগাঁও, জাগীৰোড, নগাঁও: ৰহা (এছ চি), নগাঁও, বটদ্ৰৱা, জুৰীয়া, ৰূপহী, কলিয়াবৰ, বঢ়মপুৰ, কঠিয়াতলী, ডবকা, হোজাই, লামডিং, শোণিতপুৰ: ঢেকীয়াজুলি, ৰঙাপাৰা, বৰচলা (এছ চি), তেজপুৰ, বালিপাৰা, চতিয়া, বাঘমাৰা, ছয়দুৱাৰ (এছচি), লখিমপুৰ: নাৰায়ণপুৰ, নাওবৈচা, লখিমপুৰ, ঢকুৱাখানা (এছটি), ধেমাজি: ধেমাজি (এছটি), চিচিৰগাঁও (এছটি), জোনাই (এছটি), তিনিচুকীয়া: শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, তিনিচুকীয়া, ডিব্ৰুগড়: চাবুৱা, ডিব্ৰুগড়, বৰবৰুৱা, টিংখং, দুলীয়াজান, নাহৰকটীয়া, শিৱসাগৰ: সোণাৰি, লাকুৱা, শিৱসাগৰ, ডিমৌ, নাজিৰা, যোৰহাট: মাজুলী (এছটি), কলীয়াপানী, তিতাবৰ, যোৰহাট ছাউথ, যোৰহাট নৰ্থ (এছ চি), গোলাঘাট: বোকাখাট, দেৰগাঁও, গোলাঘাট, সৰুপথাৰ, কাৰ্বি আংলং: বোকাজান (এছটি), হাওৰাঘাট (এছটি), ডিফু (এছটি), হামৰেন (এছটি), নৰ্থ কাছাৰ হিলছ : নৰ্থ কাছাৰ হিলছ (এছটি), কাছাৰ : কাটিগড়া (এছ চি), বৰখলা, উধাৰবন্দ, লক্ষীপুৰ, শিলচৰ, সোণাই, ধলাই, হাইলাকান্দি: হাইলাকান্দি, লালা কাটলিচেৰা, দুৰ্লভ চেৰা (এছচি), পাথাৰকান্দি, কৰিমগঞ্জ ছাউথ, বদৰপুৰ, নৰ্থ কৰিমগঞ্জ৷
কমতাপুৰ সন্দৰ্ভত খবৰ ৰখা নাই মুখ্যমন্ত্ৰীয়ে: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কমতাপুৰ ৰাজ্যৰ দাবী সন্দৰ্ভত কোনো খবৰ ৰখা নাই৷ মুখ্যমন্ত্ৰীজনে যোৰহাটত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে৷ উল্লেখ্য, ৰাজ্যৰ কোঁচ-ৰাজবংশীসকলে পৃথক কমতাপুৰ ৰাজ্য দাবী কৰি আহিছে৷ শেহতীয়াকৈ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আৰু উগ্ৰপন্থী সংগঠন কে এল অ’ই কোঁচ-ৰাজবংশীসকল অসমীয়া জাতিৰ অংগ নহয় বুলি দাবী কৰিছে৷ সংগঠন দুটাই আনকি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনে কোঁচ-ৰাজবংশী জনগোষ্ঠীক অসমীয়া জাতিৰ ঠাল-ঠেঙুলী বুলি মন্তব্য কৰাৰ পিছতে ইয়াৰ মুকলি বিৰোধিতা কৰি কোঁচ-ৰাজবংশী জনগোষ্ঠী অসমীয়া নহয় বুলি স্পষ্ট ঘোষণা কৰে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন কে এল অ আৰু ছাত্ৰ সংগঠন আক্ৰাছুয়ে৷ এই প্ৰসংগতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীজনে এই সম্পৰ্কে একো খবৰ ৰখা নাই বুলি কৈ বিষয়টোৰ পৰা আঁতৰি চলে৷
সীমান্তৰ পৰিৱেশ অৱনতি নহ’বলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে: অসমৰ ভূমি চুবুৰীয়া অৰুণাচল, নাগালেণ্ড, মেঘালয় আদি ৰাজ্যই বেদখল কৰাক কেন্দ্ৰ কৰি সময়ে সময়ে অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হৈ আহিছে৷ শেহতীয়াকৈ অসম-মেঘালয়ৰ সীমা বিবাদে ভয়ংকৰ ৰূপ গ্ৰহণ কৰিছে৷ এনে পৰিপ্ৰেক্ষিতত অসম-নাগালেণ্ড সীমা সমস্যা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এই সন্দৰ্ভত সময়ে সময়ে আলোচনা অনুষ্ঠিত কৰি অহা হৈছে৷ সীমান্তৰ পৰিস্থিতি যাতে অৱনতি নঘটে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ উল্লেখ্য, যোৰহাট জিলাৰ মৰিয়নিৰ সমীপৱৰ্তী দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বিস্তৃৰ্ণ এলেকা নাগালেণ্ডে বেদখল কৰি আছে৷ এই বেদখলক কেন্দ্ৰ কৰি যোৱা কেইবাবছৰো ধৰি সীমান্তত উত্তেজনাময় পৰিৱেশ বিৰাজ কৰি আছে৷
হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে সৌৰ ফেন্সিং: হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে চৰকাৰে সৌৰ ফেন্সিঙৰ ব্যৱস্থা কৰিছে৷ অহা বছৰ সৌৰ ফেন্সিঙৰ পৰিমাণ বৃদ্ধি কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক জানিবলৈ দিয়ে৷ উল্লেখ্য, বনাঞ্চলৰ পৰিমাণ হ্ৰাস পাই অহাৰ ফলত বন্য হস্তীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনাঞ্চলত প্ৰৱেশ কৰি সময়ে সময়ে একাংশ লোকৰ প্ৰাণ হানি কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ উপৰিও ব্যাপক হাৰত ধান, কল আদি খাদ্য শস্য নষ্ট কৰি আহিছে৷