Logo
image

‘আমাৰ অসম’ৰ মুখ্য সম্পাদক, বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাদেমি বঁটা

ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰ : গল্পৰ জৰিয়তে এখন পৃথক জগত সৃষ্টি কৰা, কথাশিল্পী, গল্পকাৰ আৰু সৰ্বোপৰি সাংবাদিক হিচাপে অসমৰ সংবাদ জগতত ‘ট্ৰেণ্ড ছেটাৰ’ৰ ভূমিকা লোৱা মনোজ কুমাৰ গোস্বামীয়ে এইবাৰ সাহিত্য অকাদেমি বঁটা লাভ কৰিছে৷ বৃহস্পতিবাৰে আবেলিৰ ভাগত ৰাজহুৱা হোৱা এই খবৰে তেওঁৰ অযুত অনুৰাগীক আপ্লুত কৰি তুলিছে৷ সতীৰ্থ আৰু অনুজ সাংবাদিক আৰু গল্পৰ অনুৰাগীৰ মাজত মনোজ কুমাৰ গোস্বামী সাংবাদিক হিচাপে অধিক দক্ষ নে তেওঁৰ কলমেৰে ওলোৱা গল্পসমূহ তেওঁ লিখা বাতৰিতকৈও উৎকৃষ্ট সেই লৈ সততে বিতৰ্ক হয়, আলোচনা হয়৷ আজি পিছে মনোজ কুমাৰ গোস্বামীৰ গল্পৰ অনুৰাগীৰ জয় হ’ল৷ কিয়নো দেশৰ অন্যতম শ্ৰেষ্ঠ সাহিত্য বঁটা ‘সাহিত্য অকাদেমি বঁটা’ মনোজ কুমাৰ গোস্বামীয়ে লাভ কৰিলে তেওঁৰ গল্পপুথি ‘ভুল-সত্য’ৰ জৰিয়তে৷ এতিয়ালৈকে ১০খন গল্পপুথি উপহাৰ দি পাঠকক বিমুগ্ধ কৰি ৰখা মনোজ কুমাৰ গোস্বামীৰ বাবে আহিবলগীয়া এনে এটা খবৰৰ বাবে দীৰ্ঘদিন ধৰি তেওঁৰ শত-সহস্ৰ অনুৰাগীয়ে অধীৰ অপেক্ষা কৰি আছিল৷ ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে লাভ কৰিলে এই বছৰৰ সাহিত্য অকাদেমি বঁটা– বৃহস্পতিবাৰে সেই পৰম প্ৰত্যাশিত খবৰটো অহাৰ লগে লগে তেওঁৰ গুণমুগ্ধ পঢ়ুৱৈৰ মাজত আক্ষৰিক অৰ্থতে আলোড়নৰ সৃষ্টি হয়৷ মেইন ষ্ট্ৰীম মিডিয়া আৰু ছ’চিয়েল মিডিয়া মুহূৰ্তৰ ভিতৰতে ভৰি পৰে সেই বাতৰিৰে৷ মনোজ কুমাৰ গোস্বামীয়ে সাহিত্য অকাদেমি বঁটা লাভ কৰাৰ খবৰ পাই তেওঁ কিমান সুখী হৈছিল, সেয়া যেন ডাঙৰ কথা নহয়– কিয়নো ছ’চিয়েল মিডিয়াৰ সেই ভাইৰেল সংবাদে বুজাই দিছিল তেওঁতকৈ অধিক আপ্লুত হৈছে তেওঁৰেই গল্পৰ অনুৰাগী৷
বহুচৰ্চিত গল্পৰ নায়ক ‘অনাদি’ৰ স্ৰষ্টা মনোজ কুমাৰ গোস্বামীৰ গল্পশৈলী আৰু উপন্যাসৰ কথনভংগীও তেওঁৰ ব্যতিক্ৰমী সাংবাদিকতাৰ দৰেই ভিন্নসুৰী৷ অনাদি জনপ্ৰিয় নে সমীৰণ বৰুৱা– সেই লৈ পাঠকৰ মাজত আজিও বিতৰ্ক বিদ্যমান৷ পিছে তেনে প্ৰশ্নত তেওঁ সদায় নিৰ্বিকাৰ, চিৰাচৰিত ধৰণে৷ ইমান নিৰ্বিকাৰ বাবেই তেওঁ অগ্ৰাহ্য কৰিব পাৰে অসম সাহিত্য সভাই আগবঢ়োৱা ‘সাহিত্য সন্মান’ বঁটা৷ অৱশ্যে, তাৰ মাজতে তেওঁ পাঠকৰ আকৰ্ষণ বঢ়াই তুলিব পাৰে মাথোঁ এটা বাক্যৰে৷ যিদৰে তেওঁ পাঠকৰ কৌতূহল বঢ়াই তুলিছিল ৰহস্যৰ আৱৰ্তত বন্দী সৌৰভ কুমাৰ চলিহাৰ বিষয়ে– ‘পিছপিনৰ পৰা দেখা অপসৃয়মান কংকালসাৰ দেহটো দেখিবলৈ পালোঁ’ বুলি লিখি৷ ১৯৯৪ চনত সৃজনীমূলক কাহিনীৰ বাবে ‘কথা’ বঁটা লাভ কৰা আৰু ১৯৯৬ চনত সাহিত্যকৃতিৰ বাবে ‘সংস্কৃতি’ বঁটা অৰ্জন কৰাটো তেওঁৰ অলেখ কৃতিত্বৰ অন্যতম৷ এইগৰাকী প্ৰতিথযশা সাহিত্যিক-সাংবাদিকৰ লেখা ইতিমধ্যে বিভিন্ন ভাৰতীয় ভাষালৈ অনূদিত হৈছে৷ ইংৰাজী ভাষাত তেওঁৰ লেখা প্ৰকাশ কৰি উলিয়াইছে পেংগুইন আদি বিখ্যাত প্ৰকাশনে৷ অলপতে তেওঁৰ ‘মাপেট এণ্ড আদাৰ ষ্টৰীজ’ নামৰ ইংৰাজী ভাষালৈ অনুবাদ হোৱা গল্প পুথিখন প্ৰখ্যাত সাহিত্যিক ৰাস্কিন বণ্ডে উন্মোচন কৰিছিল৷

মনোজ কুমাৰ গোস্বামীৰ সাহিত্য কৃতি
গল্প পুথি: ঈশ্বৰহীনতা, সমীৰণ বৰুৱা আহি আছে, মই ৰাজেন বৰুৱাক সমৰ্থন কৰো, স্বাধীনতা, পৃথিৱীৰ শেষ ষ্টেচন, প্ৰেমহীনতা, এলুমিনিয়াৰ আঙুলি, জীৱন ডট্‌ কম, ভুল-সত্য, ভাইৰাছ আৰু অন্যান্য গল্প৷
প্ৰবন্ধ: ট্ৰেপিজিয়াম, পাঁচজন বন্ধু, ৰাজনীতিৰ অলিয়ে-গলিয়ে: অফ দ্য ৰেকৰ্ড৷
ভ্ৰমণ কাহিনী: ভল্টা এখন নদীৰ নাম৷
উপন্যাস: অনাদি আৰু অন্যান্য৷
ইংৰাজীলৈ অনুবাদ গল্প: মাপেট এণ্ড আদাৰ ষ্টৰীজ৷
বাংলালৈ অনুবাদ গল্প: মনোজ কুমাৰ গোস্বামীৰ চুটি গল্প৷
কিছুকাল শিক্ষকতাৰ দৰে তুলনামূলকভাৱে নিৰাপদ বৃত্তি গ্ৰহণ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ গোস্বামী সম্ভৱতঃ সমান্তৰাল গ্ৰাফৰ দৰে বৃত্তিৰ প্ৰতি আকৰ্ষিত নাছিল৷ সেয়ে তেওঁ সেই সুৰক্ষিত পেছা এৰি সংবাদ জগতৰ কণ্টকাকীৰ্ণ পথত ভৰি থোৱাৰ সাহস কৰিছিল৷ মনোজ গোস্বামীয়ে যে কেৱল উদ্দেশ্যহীন বিচৰণ কৰিবলৈ অসমৰ সংবাদক্ষেত্ৰত ভৰি থোৱা নাছিল সেয়া ‘নতুন দৈনিক’ত সাংবাদিকতাৰ জীৱন আৰম্ভ কৰাৰ পৰাই স্পষ্ট কৰি দিছিল৷ সেয়া ১৯৮৭ চনৰ কথা–স্বনামধন্য সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ নেতৃত্বত৷
প্ৰাক্তন অধ্যাপক, সত্ৰাধিকাৰ প্ৰয়াত কমল চন্দ্ৰ গোস্বামী আৰু লখিমী গোস্বামীৰ পুত্ৰ মনোজ কুমাৰ গোস্বামীয়ে বিগত প্ৰায় ১২ বছৰ ধৰি ৰাজ্যৰ ছেটেলাইট চেনেলৰ মুখ্য সম্পাদকৰ দায়িত্বত আছিল৷ এতিয়াও তেওঁ ‘আমাৰ অসম’ৰ লগতে ৰাজ্যৰ আন এটা টেলিভিছন চেনেল এন কে টিভিৰো মুখ্য সম্পাদক৷ সাংবাদিক আৰু সাহিত্য ক্ষেত্ৰৰ ব্যস্ততাৰ মাজতে মনোজ গোস্বামীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ‘কনফ্লিক্ট ৰিজলিউছন’ত সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে মস্কোত ‘ৰাছিয়ান টেলিভিছন নেটৱৰ্ক’[RT]তো এটা পাঠ্যক্ৰম সম্পূৰ্ণ কৰে৷ বহু জনপ্ৰিয় টেলিভিছন অনুষ্ঠানৰ নেপথ্যৰ স্ৰষ্টা মনোজ কুমাৰ গোস্বামী৷ সাংবাদিকতাৰ সূত্ৰে মনোজ গোস্বামীয়ে বিশ্বৰ প্ৰায় ৬৫খন দেশ ভ্ৰমণ কৰিছে৷ মনোজ গোস্বামীয়ে নিৰ্মাণ কৰা ‘আন্‌ছু– এভাৰেষ্ট কলিং’ নামৰ তথ্যচিত্ৰ ইতিমধ্যে একাধিক আন্তৰ্জাতিক ছবি মহোৎসৱত সমাদৃত হৈছে৷
এই মুহূৰ্তত বৃহত্তৰ ‘আমাৰ অসম’ পৰিয়াল তথা ‘আমাৰ অসম’ৰ প্ৰকাশন গোষ্ঠী জি এল পাব্লিকেশ্বনছৰ পৰিচালন কতৃৰ্পক্ষৰ লগতে সমূহ কৰ্মচাৰী, সৰ্বোপৰি ‘আমাৰ অসম’ৰ পঢ়ুৱৈসকলৰ বাবে ইয়াতকৈ ভাল আৰু ইতিবাচক খবৰ কি থাকিব পাৰে! ‘আমাৰ অসম’ৰ পৰিচালন কতৃৰ্পক্ষ, সমূহ সাংবাদিক-সংবাদকৰ্মীয়ে বৃহস্পতিবাৰে ‘আমাৰ অসম’ৰ কাৰ্যালয়ত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰি মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীক তেওঁৰ বিশেষ কৃতিত্বৰ বাবে সম্বদ্ধৰ্না জ্ঞাপন কৰে৷ ‘আমাৰ অসম’ৰ যোৰহাট কাৰ্যালয়ৰ সতীৰ্থসকলেও মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীক অভিনন্দন জনায়৷ কোৱা বাহুল্য মাথোঁ, অপ্ৰতিৰোধ্য যাত্ৰাৰ ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা ‘আমাৰ অসম’ৰ প্ৰতিটো শব্দই পঢ়ুৱৈৰ মনত ক্ৰিয়া কৰে, প্ৰতিটো বাক্যই পঢ়ুৱৈৰ মগজুত আলোড়ন তোলে আৰু প্ৰতিটো বাতৰি-নিবন্ধই অভাৱনীয়ভাৱে পতিয়নযোগ্য এক পৰিৱেশৰ সৃষ্টি কৰে– মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ নেতৃত্বত৷ মনোজ গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰাৰ খবৰ পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যকে ধৰি অজস্ৰ লোকে মনোজ গোস্বামীক অভিনন্দন জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰী শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে টুইটযোগেও মনোজ গোস্বামীক অভিনন্দন জ্ঞাপন কৰে৷