Logo
image

বিধায়ক আৱাসৰ পৰাই চুৰি হৈ গ’ল অভিযন্তাৰ বলেৰ’

ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰ: ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰী সম্প্ৰতি অপৰাধীৰ ভুস্বৰ্গত পৰিণত হৈছে৷ ধাৰাবাহিকভাৱে পিষ্টল দেখুৱাই দুষ্কৃতিকাৰীয়ে মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়াৰ পাছত এইবাৰ গুৱাহাটী মহানগৰীৰ পৰা একেদিনাই ২খন গাড়ী চুৰি হোৱাত তীব্ৰ জোকাৰণিত সৃষ্টি হৈছে৷ সৰ্বসাধাৰণ নাগৰিকৰ ঘৰ বা পথৰ পৰা নহয় ৰাজ্যৰ নিৰাপত্তাৰ জন হিচাপে চিহ্নিত দিছপুৰৰ বিধায়ক আৱাসগৃহৰ পৰা এখন বলেৰ’ গাড়ী চুৰি হয়৷ এই ঘটনা সৰ্বসাধাৰণ নাগৰিকে সহজভাৱে ল’ব পৰা নাই৷ ঘটনাৰ বিৱৰণিত প্ৰকাশ যে লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা এজনে বুধবাৰে নিশা এ এছ ০১ ই বি ৬৬৯৫ নম্বৰৰ বলেৰ গাড়ী লৈ এজন বিধায়কক সাক্ষাৎ কৰিবলৈ দিছপুৰৰ বিধায়ক আবাসগৃহলৈ যায়৷ বিধায়কৰ আবাসগৃহৰ চৌহদত প্ৰৱেশ কৰি মুখ্য অভিযন্তাজনে বলেৰ গাড়ীখন পাৰ্কিং কৰি বিধায়কক সাক্ষাৎ কৰিবলৈ যায়৷ বিধায়কক সাক্ষাৎ কৰি মুখ্য অভিযন্তাজনে গাড়ী পাৰ্কিং কৰা ঠাইলৈ আহে যদিও পাৰ্কিং কৰা ঠাইত গাড়ীখন দেখা নাপাই হতভম্ব হৈ পৰে৷ গাড়ীখনৰ সন্ধানত বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি কতো সম্ভেদ নাপাই মুখ্য অভিযন্তাজনে গাড়ীখন চুৰি হোৱা বুলি নিশ্চিত হয়৷ ঘটনা সন্দৰ্ভত ফোন কৰি মুখ্য অভিযন্তাজনে দিছপুৰ থানাত খবৰ দিয়ে৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ ঘটনাস্থলীৰ আশে-পাশে থকা চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰি আৰক্ষীয়ে তদন্ত চলাই আছে যদিও গাড়ীখনৰ শুংসূত্ৰ উলিয়াব পৰা নাই৷ ইপিনে, মহানগৰীৰ ৰুক্মিনীনগৰৰ পৰা নিশা এখন অটো ভেন চুৰি হয়৷ ৰাজ্যৰ নিৰাপত্তাৰ জ’ন হিচাপে চিহ্নিত দিছপুৰৰ বিধায়ক আবাসৰ চৌহদৰ পৰা গাড়ী চুৰি হ’ব পাৰে যদি সৰ্বসাধাৰণ নাগৰিকৰ কি অৱস্থা হ’ব পাৰে বুলি ৰাইজৰ মাজত সৰ্বচৰ্চা চলি আছে৷ উল্লেখ্য যে, অসম বিধানসভাৰ অধিবেশন উপলক্ষে ৰাজধানী, দিছপুৰ আৰক্ষী, চিপাহীৰে ঠাহ খাই থকাৰ সময়তে মঙলবাৰে গণেশগুৰিৰ নাতিদূৰৰ নয়নপুৰত এইদৰে চিলনী চোৰে দিন-দুপৰতে যুৱতীক ঘুচিয়াই, পিষ্টলেৰে ভাবুকি দি ডিঙিৰ চেইন কাঢ়ি নিয়া ঘটনাই পুনৰবাৰ গুৱাহাটী মহানগৰীৰ নিৰাপত্তাহীন অৱস্থাটো প্ৰকট কৰিছে৷ ইপিনে, গুৱাহাটীৰ চানমাৰি থানাৰ অন্তৰ্গত গান্ধীবস্তিত পৰহি বিয়লি এগৰাকী শিক্ষয়িত্ৰীক পিষ্টল টোৱাই ডিঙিৰ পৰা চেইন কাঢ়ি নিয়া ঘটনাৰ তদন্তত এইপৰ্যন্ত আৰক্ষীয়ে কোনো সফলতাৰ মুখ দেখা নাই৷ এগৰাকী অট চালকে এই ঘটনা প্ৰত্যক্ষ কৰি চিলনী চোৰ দুটাক ধৰিবলৈ আগবাঢ়ি আহিছিল যদিও পিষ্টল দেখি তেৱোঁ পিচহুকিবলৈ বাধ্য হৈছিল৷ কিন্তু অট' চালকজনে চিলনী চোৰ দুটাই ব্যৱহাৰ কৰা মটৰ চাইকেলখনৰ পিচৰ নম্বৰ লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল৷ পিচে মটৰ চাইকেলখনৰ এই পঞ্জীয়ন নম্বৰৰ পৰাও আৰক্ষীয়ে কোনো ক্লু নাপালে৷ কাৰণ মটৰ চাইকেলত ব্যৱহাৰ কৰা নম্বৰটো মাৰুতি গাড়ী এখনৰ বুলিহে তথ্য পোৱা গৈছে৷ অৰ্থাৎ মহিলাৰ ডিঙিৰ চেইন থপিয়াই নিয়া এনে অপৰাধীৰ দলে ব্যৱহাৰ কৰা মটৰ চাইকেলসমূহত ভুৱা নম্বৰপ্লেট ব্যৱহাৰ কৰি গুৱাহাটীৰ আলি- পদূলিত পিয়াপি দিয়াটো গান্ধীবস্তিৰ ঘটনাই প্ৰমাণ কৰিছে৷ উল্লেখযোগ্য যে নিউ গুৱাহাটী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী গুলতাজ বেগমে সোমবাৰে স্কুলৰ পৰা গান্ধীবস্তিৰ ৰনং বাইলেনত থকা ঘৰলৈ ওভতাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল৷ চানমাৰিৰ পৰা গান্ধীবস্তিৰ ঘৰলৈ খোজকাঢ়ি গৈ থাকোঁতে মটৰ চাইকেলত অহা দুটা অপৰাধীয়ে তেওঁক অনুসৰণ কৰিছিল৷ ফুলমাস্ক হেলমেট পৰিধান কৰা চিলনী চোৰ দুটাক শিক্ষয়িত্ৰী গুলতাজ বেগমে প্ৰথমে কিবা কোম্পানীৰ কৰ্মচাৰী বুলি ভাবিছিল৷ তেওঁ ধাৰণা কৰিছিল হয়তো তেওঁলোকে সেই এলেকাটোত কাৰোবাৰ ঘৰৰ সন্ধান কৰিছে৷ কিন্তু কাষ চাপি আহি তেওঁক পিষ্টল দেখুৱাই নিমিষতে ডিঙিত থকা সোণৰ চেইনডাল কাঢ়ি লৈ উধাও হয়৷ ঘটনাৰ পিচতে আৰক্ষীয়ে উক্ত এলেকাটোৰ চিচি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি অপৰাধী দুটাৰ অৱস্থান আৰু গতি-বিধিৰ দৃশ্যাংশ লাভ কৰিছে৷ কিন্তু ইয়াতকৈ বেছি একো তথ্য পোৱা নাই আৰক্ষীয়ে৷ ৰাজধানী চহৰখনত প্ৰতিনিয়ত সংঘটিত এনে অপৰাধে নাগৰিকসকলক বাৰুকৈয়ে আতংকিত কৰি তুলিছে৷ চিলনী চোৰ, দিন ডকাইতক শীঘ্ৰে মহানগৰ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ৰাজধানী চহৰখনৰ পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা প্ৰকট হৈছে৷ উল্লেখযোগ্য যে পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক পাঞ্জাবাৰীৰ ৰাজপথত দিন দুপৰতে ডকাইতে গুলীয়াই হত্যা কৰা ঘটনাৰ এমাহ অতিক্ৰম কৰাৰ পিচতো মহানগৰ আৰক্ষীয়ে অপৰাধীৰ সন্ধান উলিয়াব পৰা নাই৷