Logo
image

তেলেগু ছবিত নায়িকাৰ চৰিত্ৰত অসমৰ যুৱতী

ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰ: কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ স্মৃতাৰাণী বৰা সম্প্ৰতি দক্ষিণ ভাৰতৰ তেলেগু ছবিত জিলিকিছিল৷ জানুৱাৰী মাহত তেলেগু, তামিল, কানাড়ী, মালায়ালম আৰু হিন্দী ভাষাত প্ৰকাশ পাবলগীয়া ‘গ্ৰন্থলায়ম’ নামৰ বৃহৎ বাজেটৰ ছবিখনৰ Teaser Launch হয় হায়দৰাবাদৰ বিখ্যাত ছবি Studios RAMANAIDU STUDIO অ’ত৷ বিখ্যাত পৰিচালক ছায়েজীৱনৰ পৰিচালনাত ছবিখনত মুখ্য অভিনেত্ৰীৰ ভাও দিয়ে বকলীয়াঘাটৰ স্মৃতাৰাণী বৰাই৷ মুখ্য অভিনেতাৰ ৰূপ দিয়ে দক্ষিণৰ প্ৰসিদ্ধ অভিনেতা বিন্নু মাধীপতিয়ে৷ Teaser Launchৰ সময়ত দক্ষিণ ভাৰতৰ বিখ্যাত পৰিচালক আৰু অভিনেতাসকল উপস্থিত আছিল৷ ১৮ ডিচেম্বৰত (২০২২) অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানত পিতৃ অতুল বৰা আৰু মাতৃ অৰ্চনা দাস বৰাও উপস্থিত আছিল৷ উল্লেখ্য যে, স্মৃতাৰাণী বৰাই অসমৰ ‘বাঃ অমৰাৱতী বাঃ’ নামৰ মেগা চিৰিয়েলখনৰ জৰিয়তে অভিনয় জগতৰ পাতনি মেলি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল৷ সম্প্ৰতি মোহময়ী অভিনেত্ৰীগৰাকী বকলীয়াঘাটৰ বাসগৃহলৈ আহি কাৰ্বি ছবিত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে বুলি জানিবলৈ দিয়ে৷ দক্ষিণৰ বোলছবিজগতৰ কেইবাখনো মেগা ছবিত অভিনয়ৰ বাবে স্মৃতাই অচিৰেই চুক্তিবদ্ধ হ’ব বুলি জনাইছে৷ মুম্বাইত থাকি বিগত তিনিবছৰে বলিউড আৰু হলিউডৰ বাবে অভিনয়ৰ সংগ্ৰামখনত অনৰ্গল প্ৰচেষ্টা চলোৱাৰ পাছত প্ৰথমবাৰলৈ গ্ৰন্থলায়মত হিৰ’ইনৰূপত দেখাৰ সাফল্য লাভ কৰিছে স্মৃতাই৷ প্ৰচাৰ মাধ্যমৰ জৰিয়তে ছবি জগতত আগুৱাই যাবলৈ মোহময়ী অভিনেত্ৰীগৰাকীয়ে কাৰ্বি আংলংবাসী ৰাইজ আৰু অসমৰ সকলো শ্ৰেণীৰ শুভাকাংক্ষী ৰাইজৰ পৰা আশীৰ্বাদ কামনা কৰিছে৷