Logo
image

আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ সংৰক্ষণ প্ৰত্যাহাৰ, দিছপুৰৰ নতুন জাননী

ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰ: অসম চৰকাৰৰ চাকৰিত এতিয়াৰে পৰা আৰু বলবৎ নহ’ব আৰ্থিকভাৱে পিছপৰা শ্ৰেণী সংৰক্ষণ ব্যৱস্থা বা ‘ইডব্লিউএছ’ কোটা৷ ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগৰ সচিব তন্ময় প্ৰতীম বৰগোহাঞিয়ে যোৱা ২১ ডিচেম্বৰত এখন আনুষ্ঠানিক জাননী জাৰি কৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ‘ইডব্লিউএছ’ কোটা বাতিল কৰিছে৷ অৱশ্যে এই জাননীত কোৱা হৈছে যে ২০২২ চনৰ ২১ ডিচেম্বৰৰ পূৰ্বে প্ৰকাশিত চাকৰিৰ বিজ্ঞাপনত এই আদেশ প্ৰযোজ্য নহ’ব৷ একেদৰে শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ ক্ষেত্ৰত ‘ইডব্লিউএছ’ কোটা বাহাল থাকিব৷ উল্লেখ্য যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে সংবিধানৰ ১০৩ সংখ্যক সংশোধনী ঘটাই শিক্ষা আৰু চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত সাধাৰণ বৰ্গৰ বাবে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল৷ উচ্ছতম ন্যায়ালয়েও এই সংৰক্ষণ ব্যৱস্থা বাহাল ৰাখিছিল৷ প্ৰধানমন্ত্ৰীৰ ‘চব কা চাথ, চব কে বিকাশ’ নীতিৰ আধাৰত বছৰি ৮ লাখ টকাৰ উপাৰ্জনৰ সীমাৰ সাধাৰণ বৰ্গৰ প্ৰাৰ্থীৰ বাবে এই ই ডব্লিউ এছ সংৰক্ষণ ব্যৱস্থা বলবৎ কৰিছিল৷ এক কথাত ক’বলৈ গ’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি হ’ল ‘ইডব্লিউএছ’৷ ২০১৯ চনৰ ১২ জানুৱাৰীত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে ‘ইডব্লিউএছ’ৰ বিলত স্বাক্ষৰ কৰিছিল৷ কেন্দ্ৰত এই বিল গৃহীত হোৱাৰ পাছতে অসমতো পূৰ্বৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে তাৎক্ষণিকভাৱে ‘ইডব্লিউএছ’ ব্যৱস্থা কাৰ্যকৰী কৰিছিল৷ কিন্তু ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শৰ বিপৰীতে গৈ কিয় ‘ইডব্লিউএছ’ৰ চাকৰিৰ সংৰক্ষণ ব্যৱস্থা বাতিল কৰিলে এয়া অবুজ সাঁথৰ৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিজেপি আৰু আৰ এছ এছে দেশত সংৰক্ষণ ব্যৱস্থা উঠাই দি অৰ্থনৈতিক ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ দাবী কৰি আহিছে৷ ‘ইডব্লিউএছ’ ব্যৱস্থা হৈছে অৰ্থনৈতিক ভিত্তিক সংৰক্ষণ ব্যৱস্থা৷ এই ব্যৱস্থাৰ বিলুপ্তিকৰণে নিশ্চয় সাধাৰণ বৰ্গৰ দৰিদ্ৰ পৰিয়াল সমূহক ক্ষতি কৰিব৷ লক্ষণীয় যে কেৱল ‘ইডব্লিউএছ’ ব্যৱস্থাই নহয় ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিপৰীতে গৈ আই এ এছ বিষয়াসকলৰ বিশেষ ভাৰ্তা বাহাল ৰখা তথা পি ডি এছ হিতাধিকাৰীৰ বাবে প্ৰযোজ্য বাৰ্ষিক আয় এক লাখৰ পৰা ডেৰ লাখ টকা কৰাৰ যোজা চলোৱা বুলিও জানিব পৰা গৈছে৷