Logo
image

শিশু সাহিত্যিক ভূপেন চন্দ্ৰ দাসৰ 'গেলিনিউ' উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটী : শুকুৰবাৰে মহানগৰস্থিত দিছপুৰ প্ৰেছ ক্লাৱত শিশু সাহিত্যিক ভূপেন চন্দ্ৰ দাসৰ 'গেলিনিউ' শীৰ্ষক শিশু গল্পপুথি উন্মোচন কৰা হয়।  দিনৰ ১ বজাত দিছপুৰ প্ৰেছ ক্লাৱত গল্পপুথিখন উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক তথা চোতালৰ পখিলাৰ সম্পাদক যুগললোচন দাসে। গল্পপুথিখনি উন্মোচন কৰি শিশু সাহিত্যিকগৰাকীয়ে শিশুৰ বাবে শিশু সাহিত্যিক ভূপেন চন্দ্ৰ দাসৰ সুন্দৰ লেখনি আৰু বিজ্ঞানভিত্তিক সাহিত্যৰাজিৰ ওপৰত আলোকপাত কৰে। আনহাতে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক কাকতৰ সম্পাদক শশীপ্ৰভা দাসে শিশু সাহিত্যৰ ওপৰত গঠনমূলক ভাষণ প্ৰদান কৰে। 

জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি তালুকদাৰে আঁত ধৰা এই গ্ৰন্থ উন্মোচন অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই শিশু সাহিত্যৰাজি আৰু অসমীয়া লেখক পাঠকৰ মাজত ব্যতিক্ৰম সৃষ্টিৰাজিৰে লিখা গেলিনিউ পুথিখনৰ লেখক তথা শিশু সাহিত্যিক ভূপেন চন্দ্ৰ দাসৰ মহান প্ৰচেষ্টাক বিশেষ শলাগ লয়। আনহাতে এই অনুষ্ঠানত সঁফুৰা শিশু  আলোচনীৰ সম্পাদক ৰূপম বৰুৱাইও গল্পৰাজিৰ ওপৰত বহুমূলীয়া ভাষণ দিয়ে।  

উল্লেখযোগ্য যে আৰম্ভণিতে যুটীয়াভাৱে ধনশ্ৰী আৰু বনশ্ৰীয়ে পৰিৱেশন কৰা এটি বৰগীতৰ জৰিয়তে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচন অনুষ্ঠানত শিশু সাহিত্যিক তথা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী বিজয়া গগৈ, লেখকবৃন্দ, মহানগৰীৰ সাংবাদিক আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শেষত গেলিনিউ পুথিখনৰ লেখক,  শিশু সাহিত্যিক তথা ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ভূপেন চন্দ্ৰ দাসে অনুষ্ঠানত উপস্থিত থকা সকলো পাঠক সমাজলৈ শলাগৰ শৰাই আগবঢ়ায়।