Logo
image

শ্বেৰশ্বাহৰ দিনৰ দুৰ্মূল্য হিলৈ হঠাৎ অন্তৰ্ধান

ডিজিটেল ডেস্ক ,৫ জানুৱাৰীঃ অসমত অন্তৰ্ধান হৈছে এটা হিলৈ৷ ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ চমুকৈ এএছ আইৰ সংৰক্ষিত সম্পদৰ তালিকাভুক্ত এই বিশেষ হিলৈটো অন্তৰ্ধান হোৱা খবৰে এতিয়া ৰাষ্ট্ৰীয় সংবাদ শিৰোনাম দখল কৰিছে৷ অসমত হেৰাই যোৱা প্ৰত্নতাত্ত্বিক সম্পদ হিচাপে স্বীকৃতিপ্ৰাপ্ত হিলৈটো হৈছে সম্ৰাট শ্বেৰ শ্বাহৰ ৰাজত্ব কালৰ৷ কেৱল শ্বেৰ শ্বাহৰ ৰাজত্ব কালৰ অসমৰ এই প্ৰাচীন হিলৈটোৱেই নহয়, দেশৰ মুঠ ৫০টা  প্ৰত্নতাত্ত্বিক সম্পদ হঠাৎ নোহোৱা হৈ পৰিছে৷ শেহতীয়াকৈ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ে সংসদত দাখিল কৰা প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে৷ সংসদীয় স্থায়ী কমিটীৰ ওচৰত দাখিল ‘অনুসন্ধান কৰিব নোৱৰা স্মৃতিশৌধ আৰু কীৰ্তিচিহ্নসমূহৰ সুৰক্ষা’ সম্পৰ্কীয় প্ৰতিবেদনত অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াত থকা সম্ৰাট শ্বেৰ শ্বাহৰ ছুৰীৰ ৰাজত্বকালৰ হিলৈটো অন্তৰ্ধান হোৱা বুলি তথ্য প্ৰকাশ কৰিছে৷ ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি শদিয়া সীমান্তত সম্ৰাট শ্বেৰ শ্বাহৰ গোলনদাৰী বাহিনীৰ পৰা আহোম সেনাই হস্তগত কৰিছিল অস্ত্ৰ ভাণ্ডাৰ৷ সম্ৰাট শ্বেৰ শ্বাহৰ ৰাজত্ব কালৰ এনে এটা হিলৈ ২০১৪ চনত শদিয়া মহকুমাৰ চপাখোৱাস্থিত আৱত্তৰ্ ভৱনত উদ্ধাৰ কৰিছিল আৰ্ক’লজী ছাৰ্ভে অৱ ইণ্ডিয়াই৷ সেই সময়ত এ এছ আই উক্ত উক্ত হিলৈটো কেইবা দশক পূৰ্বে হেৰাই যোৱা বুলি জানিবলৈ দিছিল৷ শ্বেৰ শ্বাহৰ উক্ত হিলৈটোৰ লগতে আৱৰ্ত ভৱনত  মোগল নবাবৰ আন দুবিধ অস্ত্ৰও উদ্ধাৰ কৰিছিল৷ তথ্য অনুসৰি এই প্ৰাচীন হিলৈটো ১৫৪০ চনৰ৷ উক্ত হিলৈটোত ৯৪৯ হিজৰী খোদিত থকাত বিখ্যাত সেনাপতি ছায়দি ৰুমীয়ে যুদ্ধত ব্যৱহাৰ কৰাটো নিশ্চিত কৰিছিল প্ৰত্নতাত্ত্বিক জৰীপ কৰ্তৃপক্ষই৷ কিন্তু মোগল ৰাজত্ব কালৰ প্ৰাচীন সম্পদটো হঠাৎ অন্তৰ্ধান হোৱা ঘটনাই স্বাভাৱিকতেই এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷ উল্লেখ্য, ১৫৪০ চনৰ পৰা ১৫৪৫ চনলৈ পাঁচ বছৰীয়া শাসন কালত শ্বেৰ শ্বাহ ছুৰীয়ে ১৭৮ ৰতি ওজনৰ ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল৷ আফগান বীৰ শ্বেৰ শ্বাহে সম্ৰাট বাবৰৰ সেনা বাহিনীত সাধাৰণ সৈনিক হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত সেনা নায়ক নিৰ্বাচিত হৈছিল৷ ১৫৩২ চনত শ্বেৰ শ্বাহে মোগল সম্ৰাট হুমায়ুনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি দুবাৰকৈ বংগ দখলেৰে ছুৰী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল৷ লক্ষণীয়ভাৱে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদনত অসমত থকা শ্বেৰ শ্বাহৰ হিলৈটোৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচলৰ তাম্ৰেশ্বৰী মন্দিৰৰ ধবংসাৱশেষ অস্তিত্বহীন সম্পদ হিচাপে চিহ্নিত কৰিছে৷ তদুপৰি হাৰিয়ানা, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু উত্তৰপ্ৰদেশৰো আন কেইবাবিধো প্ৰাচীন সম্পদ অন্তৰ্ধান হোৱা বুলি সংসদত সাংস্কৃতিক মন্ত্ৰণালয়ে সদৰী কৰিছে৷