Logo
image

ৰাজ্যজুৰি শীতৰ প্ৰকোপ : প্ৰচণ্ড শীতে প্ৰাণ কাঢ়িলে দুই মগনীয়াৰ

ডিজিটেল সংবাদ, লামডিং : বিগত প্ৰায় দহ দিনৰো অধিক দিন ধৰি প্ৰচণ্ড শীতত কঁপিছে ৰাজ্যবাসী৷ হাঁড় কঁপোৱা জাৰ অব্যাহত আছে ৰাজ্যত৷ ইয়াৰ মাজতে লামডিঙত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা৷ প্ৰচণ্ড শীত সহিব নোৱাৰি মৃত্যুক আকোৱালি ল'লে দুই মগনীয়াই৷

বৃহস্পতিবাৰে পুৱা লামডিং ৰে'লৱে জংচনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়৷ জানিব পৰা মতে, জংচনৰ প্লেট ফৰ্ম নম্বৰ ১ত জিআৰপিৰ (ৰে'ল আৰক্ষী) এটা দলে তদহল দি থকাৰ সময়তে এগৰাকী ৪৫ বছৰীয়া মহিলা আৰু এজন ৫০ বছৰীয়া উলংগ ব্যক্তি একে স্থনতে লৰচৰ নকৰাকৈ শুই থকা অৱস্থা দেখে৷ পৰৱৰ্তী সময়ত ভালদৰে দুয়োকে প্ৰত্যক্ষ কৰাত দেখা পায় যে প্ৰচণ্ড শীতৰ প্ৰকোপত নিশাৰ ভিতৰেই কৰুন মৃত্যুক আকোৱালি ল'লে মহিলাগৰাকী আৰু লোকজনে৷ 

ৰে'ল আৰক্ষীয় জনোৱা অনুসৰি, দুয়ো লামডিঙ জংচনৰ ভিতৰতে বিগত বহু দিন ধৰি মগনীয়া হিচাপে আছিলে৷ ঠাণ্ডা সহ্য কৰিব নোৱাৰি দুয়োৰে মৃত্যু হয় বুলি জনায় ৰে'লৱে আৰক্ষীয়ে৷ আনহাতে ৰে'ল আৰক্ষী দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি ডিফু অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷