Logo
image

ভালদৰে নাচালে চিনিবই নোৱাৰিব! : বগা হাফ টি-ছাৰ্ট পিন্ধি ভাৰত জোড়ো যাত্ৰাত চামিল ৰাহুল গান্ধী সদৃশ যুৱক

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে৷ প্ৰচণ্ড শীতৰ মাজতো কেৱল হাফ টি-ছাৰ্ট পৰিধান কৰি ভাৰত জোড়ো যাত্ৰা অংশ লোৱা দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীক৷ ইয়াৰ মাজতে উত্তৰ প্ৰদেশত ভাৰত জোড়ো যাত্ৰাত দেখা গ'ল ৰাহুল গান্ধী সদৃশ যুৱক৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধী সদৃশ কংগ্ৰেছ কৰ্মী ফৈজল চৌধুৰীয়ে বুধবাৰে বগা টি-ছাৰ্ট পৰিধান কৰি ভাৰত জোড়ো যাত্ৰাত অংশ লয়। ফৈজল মীৰাটৰ বাসিন্দা৷ তেওঁ পশ্চিম উত্তৰ প্ৰদেশৰ বাঘপত জিলাৰ মাভিলকাৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাত অংশ লয়। 

ফৈজলে ৰাহুল গান্ধীৰ দৰে কংগ্ৰেছৰ অন্য সদস্যসকলৰ সৈতে ঠাণ্ডাৰ মাজতো কেৱল বগা হাফ টি-ছাৰ্ট পৰিধান কৰি পদযাত্ৰাত অংশ লয়৷ ফৈজলে কয় যে ভাৰত জোড়ো যাত্ৰাই সমাজলৈ ভাল বাৰ্তা প্ৰেৰণ কৰিছে৷ ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে নিবনুৱাৰ সমস্যা, কৃষকৰ সমস্যা আদিয়ে গুৰুত্ব পাইছে৷

https://twitter.com/i/status/1610937047166124034

উল্লেখ্য যে ৩ জানুৱাৰীত ভাৰত জোড়ো যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিছিল৷ উত্তৰ প্ৰদেশত যাত্ৰাত অংশ লৈ চৰকাৰক সমালোচনা কৰাৰ লগতে ৰাহুল গান্ধীক প্ৰশংসা কৰিছিল প্ৰিয়ংকা গান্ধীয়ে৷ প্ৰিয়ংকা গান্ধীয়ে কৈছিল যে চৰকাৰে ৰাহুলৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু তেওঁ হাৰ নামানিলে আৰু যাত্ৰা অব্যাহত ৰাখিলে।