Logo
image

সুভাষ চন্দ্ৰ বসু নথকা হ'লে, ভাৰতে স্বাধীনতা লাভ নকৰিলেহেঁতেন : চন্দ্ৰচূড় ঘোষ

ডিজিটেল সংবাদ, গুৱাহাটী :  “নেতাজী সুভাষ চন্দ্ৰ বসু নাথাকিলে ভাৰতে স্বাধীনতা লাভ নকৰিলেহেঁতেন৷ নেতাজীয়ে আমাক স্বাধীনতা আনি দিছিল৷ কিন্তু স্বাধীনতা আন্দোলনৰ শেষ পৰিণতিৰ প্ৰেক্ষাপটৰ পৰা আৰু স্বাধীন ভাৰতৰ জনমানসৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাম কৌশলেৰে মচি পেলোৱা হৈছিল৷ অথচ নেতাজী আছিল ৯খনকৈ দেশে স্বীকৃতি দিয়া অবিভক্ত ভাৰতৰ প্ৰথম গৰাকী আনুষ্ঠানিক প্ৰধানমন্ত্ৰী৷ আজাদ হিন্দ ফৌজৰ সামৰিক উত্থানেৰে সুভাষ বসুৱে ব্ৰিটিছৰ বুকুত আৰু ভেটিত আচল কঁপনি তুলিছিল৷ এই উত্থান দেখিয়ে ব্ৰিটিছে ভাৰত এৰাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু তেওঁৰ মৃত্যু ৰহস্যক অধিক ৰহস্যঘন কৰি ৰখা হ’ল৷ স্বাধীনোত্তৰ সময়ত তেওঁৰ অৱদানক ধুৱলী-কুঁৱলী কৰি দিয়া হৈছিল নেকি কৌশলেৰে? এয়া অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন৷”- এই মন্তব্য নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু ৰহস্যৰ বিষয়ে বিস্তৃত গৱেষণা কৰা কলকাতা নিবাসী প্ৰখ্যাত লেখক চন্দ্ৰচূড় ঘোষৰ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত আজি এনেদৰে কয় তেওঁ ৷ 

সন্ধিয়া ৬ বজাত আয়োজিত বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘোষে বিষয়ৰ প্ৰসংগৰে কয় যে নেতাজীৰ অসমৰ প্ৰতি আছিল প্ৰচুৰ আন্তৰিকতা৷ কংগ্ৰেছৰ 'ৰাষ্ট্ৰপতি' হৈ থকা সময়ত শ্বিলঙত উপস্থিত হৈ একক ভাৱেই  উদ্যোগ গ্ৰহণ কৰি নেতাজীয়ে গোপীনাথ বৰদলৈৰ নেতৃত্বত ১৯৩৮ চনত অসমৰ চৰকাৰ গঠন কৰিছিল৷ সেইবাবেই পৰৱৰ্তী সময়ত পূৰ্ব পাকিস্তানৰ অন্তৰ্ভূক্ত হোৱাৰ পৰা ৰক্ষা পৰিছিল অসম৷ তেওঁ লগতে কয়, “নেতাজীৰ মৃত্যু ৰহস্য বিশ্বৰ অন্যতম চাঞ্চল্যকৰ আৰু দীঘলীয়া ৰহস্য৷ তেওঁৰ জীৱন পৰিক্ৰমাই এক ৰহস্য৷ তেওঁক যেন ইয়াৰ আচিলাতে ৰহস্য মাত্ৰ কৰি ৰখা হ’ল৷” তেওঁ নেতাজীৰ মৃত্যু ৰহস্যৰে সম্পৰ্কিত ফৈজাবাদৰ গুমনামী বাবা নাইবা ভগৱানজীৰ বিষয়েও বিস্তাৰিত আলোচনা আগবঢ়ায়৷ দৃশ্যশ্ৰাব্য মাধ্যম ব্যৱহাৰ কৰি ঘোষে নেতাজীৰ মৃত্যু ৰহস্যৰ বহু অজানা তথ্য মুকলি কৰে৷ এই অনুষ্ঠান পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক, সঁফুৰা আলোচনীৰ সম্পাদক ৰূপম বৰুৱা আৰু কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট লেখক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে৷ 

ইপিনে গ্ৰন্থমেলাত আয়োজিত “উন্মীলন” শীৰ্ষক যুৱ লেখকৰ আকৰ্ষণীয় অনুষ্ঠানটি উদ্বোধন কৰে মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত,কবি পাৰ্থ সাৰথি মহন্তই৷ তেওঁ কয়, “মাতৃভাষা নাজানোঁ বুলি কোৱাটো লজ্জানক৷ মাতৃভাষাত পঢ়াশুনা কৰা, লিখা, কিতাপ প্ৰকাশ কৰাটোহে গৌৰৱৰ বিষয়৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি তৰুণসকলৰ ওপৰতে নিৰ্ভৰ কৰিব৷ এয়াই নিয়ম৷ শুদ্ধকৈ আৰু দায়ৱদ্ধতাৰে অসমীয়া ভাষা ব্যৱহাৰ আৰু চৰ্চা কৰা উচিত৷ নিজৰ ভাষাক লৈ সকলোৱে গৌৰৱ কৰিব লাগে৷ ” অনুষ্ঠানটি পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক-লেখক নৱ ঠাকুৰীয়াই৷ যুৱ লেখকসকলক উদ্দেশ্যি তেওঁ কয়, “কেৱল ভাষাই জাতি গঠন নকৰে৷ ভাষাৰ লগতে সংস্কৃতিও থাকিব লাগিব৷ অসমীয়া ভাষা এটা সমৃদ্ধ ভাষা৷ সাহিত্যৰ চৰ্চাই এয়া অধিক সমৃদ্ধ কৰি ৰাখিছে৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱে ১২০ বছৰ জীয়াই আছিল৷ সকলো অসমীয়া মানুহে ১২০ বছৰ জীয়াই থকাৰ কছৰৎ কৰিব লাগে৷ ইয়াৰ ফলত সুস্থ সুশীল জীৱনশৈলী গঢ় লৈ উঠিব আৰু সমাজ-জীৱনো সুন্দৰ হ’ব৷" ইয়াত অংশগ্ৰহণ কৰে দ্বীপজ্যোতি ডেকা, মনস্বিনী মহন্ত, ইন্দ্ৰনীল গায়ন,বিজিত ৰামচিয়াৰী, বিতোপন দাও, অৰূপৰাজ কলিতা, দীপাংকৰ বৰুৱা, নীলম গগৈ, অৰ্হনা শইকীয়া, গুণোজিৎ দাস, দেৱজিৎ কলিতা, সৃঞ্জনা শৰ্মা, হৰ্ষিতা হিয়া, সঞ্জীৱনী শইকীয়া, অংকিতা ভৰদ্বাজ, নয়নজ্যোতি শৰ্মা, বিৰিঞ্চি মহন্ত, উৎপল ডেকা আদি  ভাষা-সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশত কাম কৰি থকা যুৱ লেখকসকলে৷ 

উল্লেখ্য যে চানমাৰি বাকৰিৰ গ্ৰন্থোৎসৱত আজি অষ্টম দিনাও জনস্ৰোতৰ সৃষ্টি হয় ৷ এইবেলি অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীৰ হাৰেও অভিলেখ গঢ়িব বুলি উৎসাহেৰে আশা প্ৰকাশ কৰিছে প্ৰকাশন গোষ্ঠী সমূহে৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত অসম গ্ৰন্থমেলা, গুৱাহাটীত ৩কোটি ২০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে প্ৰকাশন পৰিষদে৷ সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী৷ আজি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক আকাশ আদিত্য লামাই৷