Logo
image

বুলড’জাৰ চলাওঁতে আৰক্ষীৰ খুঁত থাকি গ’ল

ডিজিটেল ডেস্ক ,৬ জানুৱাৰীঃ বটদ্ৰৱাত বুলড’জাৰে অভিযুক্তৰ ঘৰ উচ্ছেদ চলোৱা কাণ্ডত অৱশেষত ভুল স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আইন বিৰুদ্ধভাৱে অসম আৰক্ষীয়ে অভিযুক্তৰ ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱা কাৰ্যত গুৱাহাটী উচ্ছ ন্যায়ালয় ক্ষুণ্ণ হৈ পৰাত বটদ্ৰৱা-কাণ্ডত বুলড’জাৰ চলোৱাৰ নিৰ্দেশ দিয়া বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে দিছপুৰে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে৷ আনকি এইক্ষেত্ৰত মুখ্য সচিবৰ নেতৃত্বত গঠিত কমিটীয়ে তদন্ত কৰি ১৫ দিনৰ   ভিতৰত দোষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’ব বুলিও অসম চৰকাৰৰ মহাধিবক্তাই গুৱাহাটী উচ্ছ ন্যায়ালয়ক ইতিমধ্যে শপতনামা দাখিল কৰিছে৷ ইফালে, ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই বিৰোধী দল-সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক বুলড’জাৰ-কাণ্ডক লৈ সমালোচনাৰ লক্ষ্য কৰি লোৱাও দেখা গৈছে৷ আনকি ন্যায়ালয়ৰ ৰায়ত বটদ্ৰৱাবাসীয়েও সন্তুষ্টি প্ৰকাশ কৰিছে৷ অসম চৰকাৰ তথা অসম আৰক্ষীৰ এই আইনবিৰুদ্ধ কাৰ্যক লৈ সৰ্বত্ৰ সমালোচনাৰ পাছতেই এইবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বটদ্ৰৱাৰ উচ্ছেদ কাৰ্যত আৰক্ষীৰ ভুল মানি লৈছে মুখ্যমন্ত্ৰীয়ে৷ বুলড’জাৰ চলাওঁতেই আৰক্ষী অধীক্ষকে আইনী খুঁত থৈ যোৱাৰ কথাও স্বীকাৰ কৰে৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে বুলড’জাৰৰ সিদ্ধান্তৰ বাবে আৰক্ষী অধীক্ষকলৈ দোষ ঠেলিলেও বটদ্ৰৱাত উচ্ছেদৰ দিনটোত ঘটনাস্থলীত উপস্থিত থাকি অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই নেতৃত্ব দিয়াহে দেখা গৈছিল৷ বটদ্ৰৱা উচ্ছেদ কাণ্ডক লৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ‘উচ্ছ ন্যায়ালয়ে কৈছে বটদ্ৰৱাত বুলড’জাৰ চলাওঁতে অলপ আইনী খুঁত থাকি গৈছিল৷ যিহেতু আইনী খুঁত ৰৈ গৈছিল, সেয়া আমি সংশোধন কৰিব লাগিব৷ বে-আইনীভাবে কিবা কাম হ’লে তাক সংশোধন কৰা হ’ব৷ বাকীবিলাক উচ্ছেদ আইনৰ প্ৰক্ৰিয়াৰে কৰা হৈছিল, কিন্তু বটদ্ৰৱা-কাণ্ডত এছপিৰ প্ৰতিবেদনত খুঁত ৰৈ গৈছিল৷ এছপিয়ে গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পৰা নাছিল৷ যিসকল বিষয়াই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব নোৱাৰিলে, তেওঁলোকক আমি সুধিম কিয় এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নোৱাৰিলে?’ ইফালে পাভৈ বনাঞ্চলত উচ্ছেদ চলিব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– বুলড’জাৰ শব্দ বুলি একো নাই৷ কিন্তু উচ্ছেদ চলিবই৷ য’ত য’ত উচ্ছেদ চলিব লাগে, সেই অঞ্চলত উচ্ছেদ চলিব৷ ১২-১৩ জানুৱাৰীত পাভৈ বনাঞ্চলত উচ্ছেদ চলিব৷ আমি ৰখিবলৈ অহা নাই৷ বছৰৰ ৩৬৫ দিন আৰু ৫ বছৰেই কাম চলিব৷ এই চৰকাৰৰ শুৱাৰ সময়েই নাই৷ এই চৰকাৰৰ দিনত উচ্ছেদ চলিবই৷