Logo
image

দিল্লীত ২.২ ডিগ্ৰী, উত্তৰ ভাৰতত হাড় কঁপোৱা জাৰ

ডিজিটেল ডেস্ক ,৬ জানুৱাৰীঃ প্ৰচণ্ড শীতে কঁপাইছে উত্তৰ ভাৰতক৷ ৰাজধানী নতুন দিল্লীতো অব্যাহত আছে পাৰাস্তম্ভৰ পতন৷ বৃহস্পতিবাৰে নতুন দিল্লীৰ তাপমাত্ৰা ১২ ডিগ্ৰী চেলচিয়াছৰ পৰা ঠাইবিশেষে ২.২ ডিগ্ৰী চেলচিয়াছলৈ নামে৷ পুৱাৰে পৰা সমগ্ৰ ৰাজধানী চহৰখনক ঘন কুঁৱলিৰ আচ্ছাদনে ঢাকি ৰখাত   কেইবাখনো ৰে’ল আৰু বিমানৰ যাত্ৰা বাতিল কৰা হয়৷ সমান্তৰালভাৱে হাড় কপোৱা শীতৰ বাবে নাগৰিকৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে৷ কুঁৱলিৰ বাবে বৃহস্পতিবাৰে উত্তৰ ভাৰতৰ প্ৰায় ভাগ ৰাজ্যতে দৃশ্যমানতাৰ সমস্যাই দেখা দিয়ে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা তিনিদিনৰ ভিতৰত উত্তৰ-পশ্চিম ভাৰতত শীত প্ৰৱাহ হোৱাৰ আশংকা আছে৷ তদুপৰি ৭ জানুৱাৰীৰ পৰা পশ্চিম হিমালয় অঞ্চলত বৰষুণৰ লগতে তুষাৰপাত হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সতকৰ্তা জাৰি কৰিছে৷ পঞ্জাৱ, হাৰিয়ানা, চত্তীগড়, উত্তৰ প্ৰদেশ আৰু বিহাৰত অহা ৭২ ঘণ্টা প্ৰচণ্ড কুৱলী আৰু শীতৰ আশংকা কৰা হৈছে৷ উত্তৰ প্ৰদেশৰ ২৭খন জিলা আৰু ৰাজধানী নতুন দিল্লীত কুঁৱলি আৰু জাৰৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে৷ হিমাচলৰ নাৰকান্দা, কুফৰি আৰু চাম্বাসহ বিভিন্ন অঞ্চলত তাপমাত্ৰা ক্ৰমাৎ হ্ৰাস পোৱা আৰম্ভ হৈছে৷ উক্ত অঞ্চলসমূহত ৭ জানুৱাৰীলৈকে প্ৰচণ্ড তুষাৰ পাত হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে৷ উল্লেখ্য যে হিমাচল প্ৰদেশৰ কুফৰিকে ধৰি কেইবাটাও অঞ্চলত বুধবাৰে তাপমাত্ৰা মাইনাছ ০.৩ ডিগ্ৰী চেলচিয়াছলৈ নামে৷

একেদৰে কলকাতাকে ধৰি পশ্চিমবংগৰো তাপমাত্ৰাৰ পতন ঘটিবলৈ আৰম্ভ কৰিছে৷ বৃহস্পতিবাৰে কলকাতাৰ সৰ্বনিম্ন তাপমাত্ৰা ১২.৭ ডিগ্ৰী চেলচিয়াছলৈ নামে৷ আনহাতে, বৃহস্পতিবাৰে দাৰ্জিলিং আৰু কালিংম্পুং জিলাতো তাপমাত্ৰা ব্যাপক হাৰত হ্ৰাস পাবলৈ আৰম্ভ কৰে৷ বৃহস্পতিবাৰে দাৰ্জিলিঙৰ সৰ্বনিম্ন তাপমাত্ৰা হয় ৩.৮ ডিগ্ৰী চেলছিয়াছ৷ একেদৰে ছিকিমতো ব্যাপক হাৰত তাপমাত্ৰাৰ পতন ঘটিছে৷ ছিকিমৰ প্ৰায় ভাগ অঞ্চলত এতিয়া কেৱল বৰফৰ আচ্ছাদন৷ উল্লেখ্য যে যোৱা মঙলবাৰে ছিকিমৰ ৰাজধানী গেংটকৰ তাপমাত্ৰা শূন্য ডিগ্ৰীলৈ নামে৷ তুষাৰ পাতৰ বাবে নাথুলা আৰু ছাংগুৰ পথ যোগাযোগ সম্প্ৰতি বন্ধ হৈ পৰিছে৷