Logo
image

সোণোৱালৰ টুইন টাৱাৰৰ সপোন পূৰণ কৰিব খুজিছোঁ

ডিজিটেল ডেস্ক ,৬ জানুৱাৰীঃ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ মাজমজিয়াত ২৫০০ কোটি টকা ব্যয়সাপেক্ষে ৬৫ মহলাৰ টুইন টাৱাৰ নিৰ্মাণৰ সপোন দেখিছিলে৷ ইয়াৰ বাবে বশিষ্ঠত ৩২ বিঘা মাটিও আবণ্টন দিয়া হৈছিল৷ ৩০ মাহৰ ভিতৰত এই টুইন টাৱাৰ নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছিল৷ নেশ্বনেল বিল্ডিংছ কনষ্ট্ৰাকশ্বন কৰ্পোৰেশ্বন লিমিটেডক টুইন টাৱাৰ নিৰ্মাণৰ দায়িত্বও দিয়া হৈছিল৷ ২০১৮ চনৰ জানুৱাৰী মাহৰ শেষাৰ্ধত অনুষ্ঠিত কেবিনেট বৈঠকে টুইন টাৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত আনুষ্ঠানিক অনুমোদন জনায়৷ ৱল্ডৰ্ ট্ৰেড চেণ্টাৰৰ আৰ্হিত নিৰ্মাণৰ পৰিকল্পনা কৰা এই টুইন টাৱাৰ মূলতঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক কেন্দ্ৰৰূপে গঢ়ি তোলাৰ সপোন দেখিছিলে প্ৰাক্তন মুখ্য মন্ত্ৰী সোণোৱালে৷ কিন্তু সুদীৰ্ঘ সময় অতিক্ৰম কৰাৰ পাছতো কেৱল মাত্ৰ হৰ্ডিং এখন লগোৱাৰ বাহিৰে সপোনৰ টুইন টাৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এখোজো আগবাঢ়িব নোৱাৰিলে৷ যাৰ ফলত কেৱল মাত্ৰ ঘোষণা, পৰিকল্পনা আৰু সপোনৰ মাজতে সীমাবদ্ধ হৈ থাকিল টুইন টাৱাৰৰ নিৰ্মাণ৷ কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পূৰ্বসূৰী সোণোৱালৰ এই সপোন যেন দিঠকত পৰিণত কৰিবলৈ আগবাঢ়িছে৷ অৱশ্যে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ এই টুইন টাৱাৰ বাণিজ্যিক কেন্দ্ৰ হিচাপে নিৰ্মিত নহ’ব৷ বেতকুছিত সংহত সঞ্চালকালয় হিচাপে নিৰ্মিত হ’ব এই টুইন টাৱাৰ৷ ইয়াৰ বাবে চৰকাৰে ব্যয় কৰিব ৮০৮ কোটি টকা৷ এই সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– পূৰ্বৰ টুইন টাৱাৰৰ প্ৰসংগ আমি চিন্তা কৰা নাই৷ কাৰণ সেইটোত পিপিপি ব্যৱস্থাৰ আছিলে৷ চৰকাৰী ভূমি ব্যক্তিগত খণ্ডক দিয়াৰ ক্ষেত্ৰত মই বেছি পক্ষপাতী নহয়৷ সেই টাৱাৰটোত ব্যক্তিগত খণ্ডই বিনিয়োগ কৰাৰ কথা আছিলে৷ ব্যক্তিগত খণ্ডই বিনিয়োগ কৰা মানে মাটিখিনিও তেওঁলোকক দিব লাগিব৷ পিছত খেলিমেলি হ’ব৷ আজি যিটোৰ ভূমিপূজন কৰিলোঁ সেইটোও টুইন টাৱাৰে হ’ব৷ আগৰটোত ১০টা মহলাৰ পৰিকল্পনা কৰা হৈছিল৷ এইটোত ১৬টা মহলা থাকিব৷ ৬৪ মহলা বনোৱাৰ প্ৰযুক্তিয়ে নাই বৰ্তমানলৈ আমাৰ হাতত৷ টুইন টাৱাৰৰ ঠাইত আমি যদি এখন আই আই এম পাও, টুইন টাৱাৰৰ ঠাইত যদি আমি এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় পাও, সেইটো আমাৰ কাৰণে বেছি ভাল৷ আমি এইটোও টুইন টাৱাৰে কৰিছোঁ যিহেতু, ইয়াৰ দ্বাৰা সোণোৱালৰ সপোনো পূৰণ হৈ গ’ল৷ বেতকুচিতে টুইন টাৱাৰ হৈ গ’ল৷ টুইন টাৱাৰৰ মাটিডোখৰ আমি বেলেগ কামত ব্যৱহাৰ কৰিম৷ সংহত সঞ্চালকালয়ৰ আৰ্হিটোও টুইন টাৱাৰৰ দৰে হৈছে৷