Logo
image

ৰাম মন্দিৰ অধ্যায়ত তোলপাৰ দেশৰ ৰাজনীতি

আমাৰ অসম, ৭ জানুৱাৰী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আচম্বিতে ত্ৰিপুৰাৰ এক দলীয় কাৰ্যসূচীত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ দিন-বাৰ উল্লেখ কৰাৰ ঘটনাই দেশৰ ৰাজনীতি তোলপাৰ কৰিছে৷ ৰাম মন্দিৰৰ নিৰ্মাণ যুদ্ধকালীন গতিত চলি থকাৰ বিষয়ে কেৱল ৰামভক্তই নহয় দেশৰ অধিকাংশ নাগৰিকেই অৱগত৷ কিন্তু কোনদিনা ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব আৰু কেতিয়া ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব সেই সন্দৰ্ভত ৰাম মন্দিৰ নিৰ্মাণৰত ন্যাসে এতিয়াও কোনো মন্তব্য কৰা নাই৷ উচ্ছতম ন্যায়ালয়ে গঠন কৰি দিয়া সেই ন্যাসৰ অধীনতে ৰাম মন্দিৰৰ নিৰ্মাণ আৰু সেই সম্পৰ্কীয় সকলো কতৃৰ্ত্ব আছে৷ কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ এই বিষয়ত প্ৰত্যক্ষ যোগাযোগ নাই৷ তেনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ জানুৱাৰীৰ প্ৰথমটো দিনতে ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব বুলি ঘোষণা কৰি ৰাজনৈতিক মুনাফা লোৱাৰ অভিযোগ উঠিছে৷ স্বাভাৱিকতে ৰাম মন্দিৰ অধ্যায়ৰ শেহতীয়া ‘বিজেপি সংস্কৰণে’ দেশৰ ৰাজনীতিত তুমুল আলোড়নৰ সৃষ্টি কৰিছে৷ স্বাভাৱিকতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই ঘোষণাই দেশৰ ৰাজনীতি তোলপাৰ কৰিছে৷ ইপিনে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ সচিব চম্পত ৰায়ৰ বক্তব্য অমিত শ্বাহৰ ঘোষণাৰ সৈতে পৃথক হৈছে৷  শুকুৰবাৰে তেওঁ এই প্ৰসংগত সাংবাদিকৰ আগত কয়– ৰাম মন্দিৰৰ নিৰ্মাণ নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ হ’ব৷ ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামলালাৰ মূৰ্তি অহা বছৰৰ মকৰ সংক্ৰান্তিত স্থাপন কৰা হ’ব৷ উল্লেখ্য, অহা বছৰৰ মকৰ সংক্ৰান্তি হ’ব ২০২৪ চনৰ ১৪ জানুৱাৰীত৷ যদি সচিবৰ বক্তব্য সত্য হয় তেন্তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা ঘোষণা মিছা প্ৰমাণিত হ’ব৷ এই ঘোষণা তেওঁ ৰাজনৈতিক লাভালাভৰ স্বাৰ্থতে কৰাটোও প্ৰতীয়মান হ’ব৷ ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে, ২০২৪ চনৰ এপ্ৰিল-মে’ত অনুষ্ঠিতব্য লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই অমিত শ্বাহে পুনৰ আৰম্ভ কৰি দিলে ৰাম মন্দিৰ ৰাজনীতি৷ কেইবাজনো বিৰোধী নেতায়ো কৈছে অনুৰূপ কথা৷
ত্ৰিপুৰাত বিজেপিৰ দলীয় কাৰ্যসূচী ৰথ যাত্ৰাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ ৰ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন হ’ব বুলি কৰা ঘোষণাৰ বাবে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই অমিত শ্বাহক উভতি ধৰিছে৷ খৰ্গেই প্ৰশ্ন কৰিছে– অমিত শ্বাহ ৰাম মন্দিৰৰ পূজাৰী নেকি? এজন গৃহমন্ত্ৰীয়ে কি যুক্তিত ৰাম মন্দিৰ উদ্বোধনৰ দিন ঘোষণা কৰিব পাৰে? কিয়নো গৃহমন্ত্ৰীৰ কৰ্তব্য হৈছে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰা৷ তদুপৰি দলীয় কাৰ্যসূচীত এনে ঘোষণা কৰি নিৰ্বাচনত মুনাফা অৰ্জন কৰাটো ততোধিক আপত্তিজনক বুলি কৈ খৰ্গেই অমিত শ্বাহক কঠোৰ সমালোচনা কৰিছে৷ উল্লেখ্য, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে ত্ৰিপুৰাত বিজেপিৰ ৰাজনৈতিক কাৰ্যসূচী ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছিল৷ সম্প্ৰতি উত্তৰ-পূবৰ অন্যতম বিজেপি শাসিত ৰাজ্য ত্ৰিপুৰাত গেৰুৱা দলৰ স্থিতি থৰকবৰক৷ বিজেপিৰ একাধিক বিধায়কে বিগত সময়ত দলত্যাগ কৰি কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছত যোগদান কৰিছে৷ শাসনত থকা দলৰ পৰা এনেদৰে বিধায়ক আঁতৰি যোৱা স্বাভাৱিকতে বিজেপিৰ বাবে উদ্বেগৰ বিষয় হৈ পৰিছে৷ সেয়ে দলৰ ভেটি শক্তিশালী কৰিবলৈ স্বয়ং অমিত শ্বাহ ত্ৰিপুৰা উদ্ধাৰ অভিযানত নামিছে৷ সেই অভিযানকালতে অমিত শ্বাহে ঘোষণা কৰে যে ২০২৪ চনৰ ৰ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব৷ ঘোষণা কালত তেওঁ ৰাহুল গান্ধীকো কটাক্ষ কৰে৷ অৱশ্যে ৰাহুল গান্ধীক কটাক্ষ কৰাৰো কাৰণ আছে৷ কিয়নো ভাৰত জোড়ো যাত্ৰাত আযোধ্যত ৰাম মন্দিৰৰ পুৰোহিতে ৰাহুল গান্ধীক আশীৰ্বাদ দিয়াই নহয়, ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰৰ সচিব চম্পত ৰায়ে ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়োৰ পদযাত্ৰাতো অংশ লয়৷ উল্লেখ্য এই ন্যাসেই হৈছে ৰাম মন্দিৰ নিৰ্মাণৰ মূল কমিটী৷ সেই ন্যাসৰ মূল ব্যক্তি অৰ্থাৎ সচিব চম্পত ৰায়ে ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰাৰ ঘটনাই বিজেপি, বিশেষকৈ শীৰ্ষনেতা অমিত শ্বাহক হুলে বিন্ধাদি বিন্ধিছে৷ তাৰ পূৰ্বেই ৰাম মন্দিৰৰ মূল পুৰোহিত সত্যেন্দ্ৰ দাসে ৰাহুল গান্ধীক আশীৰ্বাদ দি দেশৰ হিতৰ বাবে কৰা কাৰ্যৰ প্ৰশংসা কৰে৷ তেওঁ ৰাহুল গান্ধীক আশীৰ্বাদ দি কয়– তুমি সুস্বাস্থ্যৰে দীৰ্ঘজীৱী হোৱা৷ তুমি দেশৰ হিতৰ বাবে যি কাম কৰিছা সেয়া সৰ্বজনৰ হিত, সৰ্বজনৰ সুখৰ বাবে৷ তোমাৰ ওপৰত প্ৰভু ৰামলালাৰ কৃপা সদায় থাকক৷ আনহাতে, চম্পক ৰায়ে কয়– ‘মই আৰ এছ এছৰ সদস্য৷ আৰ এছ এছে ৰাহুল গান্ধীৰ এই প্ৰয়াসক সমালোচনা কৰা নাই৷ এজন যুৱকে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ পদযাত্ৰা কৰিছে৷ এই অস্বাভাৱিক বতৰত তেওঁ ৩০০০ কিলোমিটাৰ খোজ কাঢ়িছে৷ তেওঁৰ উদ্দেশ্য সৎ৷ প্ৰকৃততে আমাৰ বিশাল দেশখনক উপলব্ধি কৰিবলৈ হ’লে সকলোৱে তেওঁৰ দৰে বা তেওঁৰ সৈতে পদযাত্ৰা কৰিব লাগে৷’ এনে পৰিস্থিতিত ৰাম মন্দিৰ উদ্বোধনৰ ঘোষণাৰ লগতে ৰাহুল গান্ধীক সাঙুৰি অমিত শ্বাহে কৰা কটাক্ষ বিসদৃশ হৈ পৰিছে৷