Logo
image

ক্ষুব্ধ উচ্ছতম ন্যায়ালয়ৰ প্ৰশ্ন : নিশাটোৰ ভিতৰতে উচ্ছেদ কিয়?

আমাৰ অসম, ৭ জানুৱাৰী: উত্তৰাখণ্ডৰ হলদিৱানীত ৰে’লৰ ভূমিৰ পৰা বহু হাজাৰ বাসিন্দাক উচ্ছেদ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগক বাধা প্ৰদান কৰিলে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত উত্তৰাখণ্ড উচ্ছ ন্যায়ালয়ৰ এক নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰি উচ্ছতম ন্যায়ালয়ৰ মন্তব্য–‘ইমান মানুহক একেলগে নিশাটোৰ ভিতৰত উচ্ছেদ কৰিব নোৱাৰে৷’ উল্লেখ্য যে হলদিৱানী ৰে’ল ষ্টেচনৰ কাষৰ প্ৰায় দুই কিলোমিটাৰ জোৰা গফুৰ বস্তি, ঢোলক বস্তি, ইন্দিৰা নগৰ আৰু বনভুলপুৰা অঞ্চলৰ ৰে’লৰ ভূমিত কেবা দশক ধৰি ৪ হাজাৰৰো অধিক পৰিয়াল বসবাস কৰি আছে৷ এই অঞ্চলটোত ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, মন্দিৰ, মছজিদ, বেংক, পৌৰ সভাৰ পানীৰ টেংকী আদি আছে৷ কিন্তু ৰাজ্যখনৰ বিজেপি চৰকাৰে অঞ্চলটো বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত বদ্ধ পৰিকল্প হৈ পৰিছে৷ যোৱা ২০ ডিচেম্বৰত উত্তৰাখণ্ড উচ্ছ ন্যায়ালয়ে ৭ দিনৰ ভিতৰত এই ভূমিখণ্ড বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিলে৷ কিন্তু বৃহস্পতিবাৰে উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ পি এল নৰসিমহা আৰু ন্যায়াধীশ এছ এ নাজিৰৰ বিচাৰপীঠে উত্তৰাখণ্ড উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰে৷ 

উত্তৰাখণ্ড উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে বুধবাৰে ৰে’ল আৰু আৰক্ষীৰ উচ্ছ পদস্থ বিষয়া সকলে হলদিৱানী পৰিদৰ্শন কৰিবলৈ যোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ দিল্লীৰ স্বাহিনবাগৰ আৰ্হিত স্থানীয় বাসিন্দাসকলে ইয়াৰ পিছতে উচ্ছেদৰ প্ৰতিবাদত অৱস্থান কাৰ্যসূচী আৰম্ভ কৰে৷ উচ্ছ ন্যায়ালয়ত ৰে’ল কতৃৰ্পক্ষই দাবী কৰিছিলে যে অঞ্চলটোৰ বাসিন্দা সকলে মাটিৰ মালিকীস্বত্বৰ বৈধ নথিপত্ৰ প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছে৷ উল্লেখ্য যে বেদখলকাৰী সকলৰ ভিতৰত অধিকাংশই সংখ্যালঘু লোক হোৱাৰ বাবে উত্তৰাখণ্ডৰ বিজেপি চৰকাৰে এই উচ্ছেদৰ ক্ষেত্ৰত হঠাৎ অতি সক্ৰিয় হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ আনহাতে উচ্ছতম ন্যায়ালয়ে নিজৰ নিৰ্দেশটোত স্পষ্টভাৱে কয়– ৭ দিনৰ ভিতৰত ৫০ হাজাৰ লোকক গৃহহীন কৰিব নোৱাৰে৷ সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত দুটা দিশ পোহৰলৈ আহিছে৷ উচ্ছেদৰ জাননী লাভ কৰা লোক সকলে দাবী কৰিছে যে তেওঁলোকে লীজত এই মাটি লৈ তাত দশকৰ পিছত দশক ধৰি বসবাস কৰি আছে৷ এই লোকসকল ১৯৪৭ চনৰ পিছত প্ৰব্ৰজনকাৰী আৰু নিলাম যোগে তেওঁলোকে এই ভূমি লাভ কৰা বুলি দাবী কৰিছে৷ তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব৷ ইয়াৰ অন্যথা সাত দিনৰ সময়সীমা দি তেওঁলোকক আঁতৰি যাবলৈ কেনেকৈ ক’ব পাৰে? সমগ্ৰ বিষয়টোৰ সৈতে মানবতাৰ দিশটোত জড়িত হৈ আছে৷ সমস্যাটোৰ সমাধান সূত্ৰ বিচাৰি উলিওৱাক৷ দশকৰ পিছত দশক ধৰি বসবাস কৰি থকা লোকক উচ্ছেদ কৰিবলৈ অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰাটো সঠিক নহয়৷ ভুক্তভোগী পক্ষৰ কথা নুশুনাকৈয়ে উচ্ছ ন্যায়ালয়ে নিজৰ নিৰ্দেশটো দিছে৷ উল্লেখ্য যে এই অঞ্চলটোত দেশ স্বাধীন হোৱাৰ আগৰে পৰা বহু লোক বসবাস কৰি আছে আৰু মাটিৰ মালিকী স্বত্বৰ নথিও তেওঁলোকৰ ওচৰত আছে৷ উচ্ছেদৰ জাননী লাভ কৰা বহু লোক স্থানীয় পৌৰ সভাত গৃহ কৰো বহু বছৰ ধৰি আদায় দি আহিছে৷ অঞ্চলটোত পাঁচখনকৈ চৰকাৰী বিদ্যালয় ১১ খন বেচৰকাৰী বিদ্যালয়, ১০ টা মছজিদ, ৪ টা মন্দিৰ আৰু এখন চৰকাৰী চিকিৎসালয়ো আছে৷ সমস্যাটোৰ কাৰ্যকৰী সমাধান সূত্ৰ বিচাৰি উলিয়াবলৈ উত্তৰাখণ্ড চৰকাৰক নিৰ্দেশ দি ৭ ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য কৰে উচ্ছতম ন্যায়ালয়ে৷