Logo
image

আৱৰ্জনামুক্ত হ’ব ৯৫৪টা পথ : গুৱাহাটীৰ ৪২ ঠাইত উচ্ছেদৰ প্ৰস্তুতি

আমাৰ অসম, ৭ জানুৱাৰী: গুৱাহাটী মহানগৰীৰ ৪২ টা স্থানত বেদখল উচ্ছেদ কৰিব ৰাজ্য চৰকাৰে৷ অবৈধ দখলেৰে নলা বা নদীসমূহ সংকুচিত কৰি পেলোৱা এনে স্থান বেদখলমুক্ত কৰিব ৰাজ্য চৰকাৰে৷ এই কথা ঘোষণা কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহেল৷ শুকুৰবাৰে কামৰূপ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি এই কথা ঘোষণা কৰে মন্ত্ৰী সিংহলে৷ তেওঁ আৰু কয় যে ‘মিছন বানমুক্ত গুৱাহাটী’ ক্ষিপ্ৰ আৰু সফল ৰূপায়ণৰ লক্ষ্য লৈছে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে৷ মহানগৰখনৰ বিভিন্ন ঠাইত উচ্ছেদ, নলা-নৰ্দমাসমূহৰ পৰিষ্কাৰকৰণ, খনন আদি চলি থকাৰ সময়তে মন্ত্ৰীজনে তৃণমূল পৰ্যায়ৰ পৰা ৰূপায়ণলৈকে বিভিন্ন কাম-কাজৰ সূক্ষ্ম পৰ্যালোচনা কৰিবলৈ শুকুৰবাৰে আয়ুক্ত সচিব কবিতা পদ্মনাভন, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ উপস্থিতিত গুৱাহাটী উন্নয়ন কতৃৰ্পক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত নিধি দাহাল, চক্ৰ বিষয়াসকল, তথা লোক নিৰ্মাণ, জলসিঞ্চন, ৰাষ্ট্ৰীয় ঘাইপথ কতৃৰ্পক্ষ, অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ নিগম আদিৰ সংশ্লিষ্ট বিষয়া-বৰ্গৰ লগত এক বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত কৰে৷ 

বাৰিষাৰ পূৰ্বে ‘মিছন বানমুক্ত গুৱাহাটী’ৰ যাতে ফলপ্ৰসূ ৰূপায়ণ কৰিব পৰা যায়, তাৰবাবে মন্ত্ৰীজনে সভাত বিভাগ অনুযায়ী ভৱিষ্যত কাৰ্যপন্থাৰ নীতি-নিৰ্দেশনা দিয়ে৷ ইতিমধ্যে কাৰ্যসূচী সুচল ৰূপায়ণৰ বাবে লোক নিৰ্মাণ আৰু গুৱাহাটী পৌৰনিগমক পৃথককৈ পৃথককৈ নলা-নৰ্দমাসমূহৰ পৰিষ্কাৰকৰণৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ ভৰলু, বাহিনী, লক্ষ্মীজান, মৰাভৰলু আৰু বশিষ্ঠ নদীক পুনৰ্জ্জীৱীত কৰাৰ লগতে বিভিন্ন স্থানত উচ্ছেদ অভিযান জোৰদাৰ কৰি ‘মিছন বানমুক্ত গুৱাহাটী’ সফল কৰিবলৈ সভাত সংশ্লিষ্ট বিষয়াসকলক মন্ত্ৰীজনে নিৰ্দেশ দিয়ে৷  ইয়াৰ পাছতে উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত উপস্থিত থকা সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰী সিংহলে কয় ‘মিছন বানমুক্ত গুৱাহাটী’ৰ সিদ্ধান্ত অনুসৰি লোক নিৰ্মাণ বিভাগে মহানগৰীৰ ৯৫৪টা পথৰ কাষৰ নলাৰ প্ৰায় ৮৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশ আৱজৰ্নামুক্ত তথা গেদমুক্ত কৰিব৷ আনহাতে গুৱাহাটী পৌৰ নিগমে ১৪০টা নলাৰ ২৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশৰ লগতে মহানগৰীৰ বুকুৰ পাঁচখন নদী ক্ৰমে ভৰলু, বাহিনী, লখিমীজান, মৰা ভৰলু আৰু বশিষ্ঠ নদীৰ আৱৰ্জনামুক্তকৰণৰ কাম কৰিব৷ মহানগৰীৰ প্ৰায় ৪২টা স্থানত হোৱা বেদখল উচ্ছেদৰ পৰিকল্পনা কৰা হৈছে বেদখলেৰে নলা বা নদীসমূহ সংকুচিত কৰি পেলোৱা এনে স্থানসমূহ কামৰূপ মহানগৰ জিলা প্ৰশাসনে বেদখলমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷

উল্লেখ্য গুৱাহাটীৰ পূব অংশৰ এক গুৰুত্বপূৰ্ণ জলাশয় শিলসাকোঁ বিলৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কতৃৰ্পক্ষৰ জৰিয়তে ৰাজ্য চৰকাৰে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে৷ চৌপাশৰ জনবসতিপূৰ্ণ এলেকাৰ পৰা অহা অপৰিশোধিত বৰ্জ্য পানীৰ বাবে জলাশয়টো অতিকৈ প্ৰদূষিত হৈ পৰাৰ লগতে নগৰীয়া বেদখলৰ কবলত পৰি বিলখন যথেষ্ট সংকুচিত পৰিছিল তথা ইয়াৰ পানীৰ গুণাগুণ যথেষ্ট হ্ৰাস পাইছিল৷ এই সমস্যাৰ পৰা বিলখনক উদ্ধাৰ কৰাৰ বাবে চৰকাৰৰ তৎপৰতাত বিলৰ পূব দিশৰ অঞ্চলটোত খনন আৰম্ভ কৰা হয়৷ ৰাজহ বিভাগৰ তথ্যমতে প্ৰায় ১০০০ বিঘা ভূমি আগুৰি থকা এই জলাশয় বেদখলৰ কবলত পৰি প্ৰায় ১৫০ বিঘালৈ সংকুচিত হৈছিল৷ মন্ত্ৰী সিংহলৰ নিৰ্দেশত প্ৰশাসনে কঠোৰ পদক্ষেপেৰে বিগত সময়ছোৱাত প্ৰায় ১০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে৷ আনহাতে অহা সময়ছোৱাত শিলসাকোঁ বিলৰ আন ৪০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ নগৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰদূষিত বৰ্জ্য জলেৰে বিলৰ এটা অংশ ভৰি পৰাৰ পৰিপ্ৰেক্ষিতত এই পানী এটা পৃথক চেনেলেৰে একাষৰীয়া কৰাৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰি এই পানী পৰিশোধনৰ পাছত ব্ৰহ্মপুত্ৰত পেলোৱাৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে চুবুৰীয়া মেঘালয়ৰ পাহাৰৰ পৰা বৈ অহা বোকা-বালিয়ে বিলৰ বুকু ভৰি পৰাৰ ফলত ইয়াৰ পানী  ধৰি ৰখা ক্ষমতা হ্ৰাস পাইছে আৰু কৃত্ৰিম বানৰ সৃষ্টি হৈছে৷ ইয়াৰ উপশমৰ বাবে বিলখনৰ প্ৰায় ৩ লাখ বৰ্গমিটাৰ এলেকাত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে খনন কাৰ্য আৰম্ভ কৰিছে৷ এই পদক্ষেপৰ সুফল বিগত বাৰিষাকালত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে৷ 

আনহাতে শিলসাকোঁ বিলৰ পুনৰুজ্জ্বীৱীতকৰণ, জৈৱ-সংশোধন আৰু বহনক্ষম সংৰক্ষণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰায় আঢ়ৈশ কোটি টকা ব্যয়সাপেক্ষ এক অভিলাষী প্ৰকল্পৰ বাবে এক বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছে৷ বিলৰ বুকু খননৰ জৰিয়তে ইয়াৰ পানী ধৰি ৰখা ক্ষমতা কমেও ৩৫ লাখ ঘনমিটাৰলৈ বৃদ্ধি কৰা, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ অনুসৰি ব্ৰক্ষ্মপুত্ৰলৈ মানসন্মত পানীৰ নিষ্কাশন নিশ্চিত কৰিবলৈ বৰ্জ্য পানীৰ প্ৰবাহ পৰিশোধন কৰা, খনন কৰা অঞ্চলটোত বছৰৰ সকলো সময়তে পানী থকাটো সুনিশ্চিত কৰা তথা ভূগৰ্ভলৈ পানীৰ প্ৰবাহৰ ক্ষেত্ৰত অন্যতম আধাৰ হিচাপে চিহ্নিত কৰা, বিলৰ জৈৱ বিচিত্ৰতাৰ উপাদানসমূহ ধৰি ৰখা, বিলৰ কাষৰ বেদখলকৃত ভূমি উদ্ধাৰ কৰা আদিয়েই হ’ল এই প্ৰকল্পৰ মূল লক্ষ্য৷ এই প্ৰকল্প বাস্তৱায়িত হ’লে শিলসাকোঁ বিলে সম্পূৰ্ণৰূপে নৱজীৱন লাভ কৰাৰ লগতে ই পৰ্যটকসকলৰ বাবেও এক আকৰ্ষণস্থলী হিচাপে পৰিগণিত হ’ব বুলি আশা কৰিব পাৰি৷