Logo
image

ৰাহুল গান্ধীক শিৱমূৰ্তি, দৰগাহত নড্ডাৰ দোৱা

আমাৰ অসম, ৭ জানুৱাৰী: যি সময়ত বিভিন্ন ৰাজনৈতিক দলৰ মাজত ধৰ্মক লৈ চলি আছে ৰাজনীতি সেই সময়ত জাতি-ধৰ্মৰ উদ্ধৰ্ত থাকি সমন্বয়ৰ বাৰ্তা দি আছে দেশৰ সাধাৰণ জনতাই৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক শিৱৰ মূৰ্তি উপহাৰ দিলে এগৰাকী মুছলমান মহিলাই৷ ভাৰত জোড়ো কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে মহিলাগৰাকীয়ে ‘ঈশ্বৰ আল্লা তেৰে নাম’ লিখি ৰাহুল গান্ধীক উপহাৰ ৰূপে আগবঢ়াইছে ভগবান শিৱৰ মূৰ্তি৷ 

ইয়াৰ বিপৰীতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ মহানগৰৰ দৰগাহলৈ গৈ দোৱা মাগে৷ তদুপৰি নাড্ডাই দৰগাহৰ সমীপত এখন ৰাজহুৱা সভাতো অংশ লয়৷ ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যবেক্ষণ কৰিবলৈ গৈ নড্ডাই মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলৰ উক্ত দৰগাহটো দৰ্শন কৰে৷ সোমবাৰে লোকসভা প্ৰৱাহ যোজনা উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে মহাৰাষ্ট্ৰত উপস্থিত হৈছিল নড্ডা৷ পুৱা মহাৰাষ্ট্ৰত চন্দ্ৰপুৰত এটা কালী মন্দিৰ দৰ্শন কৰি নড্ডাই সিদিনাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল৷ কোনো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অবিহনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জনে চৈয়দ বেহাবতুল্লাহ শ্বাহ দৰগাহ দৰ্শন কৰাৰ উপৰি তাত এখন চাদৰ উচৰ্গা কৰে৷ ইয়াৰ পাছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে ঔৰংগবাদলৈ গৈ গৃষ্ণেশ্বৰ জ্যোৰ্তিলিংগ মন্দিৰ দৰ্শন কৰে৷