Logo
image

দীপৰ বিলত ২৭ হাজাৰ চৰাইৰ কাকলি, শিলসাঁকোত আলহী পখী

আমাৰ অসম, ৭ জানুৱাৰী: শীতৰ আগমণৰ লগে লগে উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমলৈ আহিছে দেশী-বিদেশী পৰ্যটক৷ কাজিৰঙা, মানাহ, ওৰাং ৰাষ্ট্ৰীয় উদ্যানকে ধৰি পৰ্যটনথলীসমূহত ভীৰ কৰিছে পৰ্যটকে৷ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি যোৱা ৩১ ডিচেম্বৰ পৰ্যন্ত বিগত তিনিটা মাহত কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছে প্ৰায় ১.৪০ লাখ দেশী-বিদেশী পৰ্যটক৷ ই নিশ্চিতভাৱে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবে এক ইতিবাচক দিশ৷ ক’ভিডৰ পৰিস্থিতিৰ পাছত ই নিয়োগৰ ক্ষেত্ৰখনতো প্ৰত্যক্ষ-পৰোক্ষ প্ৰভাৱ পেলাব৷ আনহাতে, পৰ্যটকৰ সমান্তৰালভাৱে শীতকাল অহাৰ লগে লগে অসমলৈ আহিছে দেশী-বিদেশী পৰিভ্ৰমী চৰাই৷ এক কথা ক’বলৈ হ’লে আলহী পক্ষীৰ কলৰবৰে মুখৰিত হৈ পৰিছে অসমৰ জলাশয় আৰু বিলসমূহ৷ গুৱাহাটীৰ মাজমজিয়াত থকা শিলসাকো বিলতো এইবাৰ আলহী পক্ষীৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ বিগত দিনত বিলাখনৰ এক বৃহৎ অংশ বেদখলমুক্ত কৰাৰ বাবে পূৰ্বৰ তুলনাত বহু পৰিভ্ৰমী চৰাই অহা পৰিলক্ষিত হৈছে৷

ইফালে, অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ ফালৰ পৰা যোৱা ৪ জানুৱাৰীত দীপৰ বিলত চলোৱা এক চৰাই গণনা কাৰ্যত ৯৭ টা  প্ৰজাতিৰ প্ৰায় ২৭ হাজাৰ দেশী-বিদেশী চৰাইৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে৷ গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী জয়শ্ৰী নাইডিঙে সদৰি  কৰা অনুসৰি চৰাই গণনা কাৰ্যত কেবাটাও প্ৰকৃতি সংৰক্ষণ বিষয়ক এন জি অ’ ক্ৰমে– আৰণ্যক, হেল্প আৰ্থ, ৰংমন, দ্যা মিডচে জাৰ্ণিৰ প্ৰায় ৩৪ জন স্বেচ্ছাসেৱকে সহযোগিতা আগবঢ়ায়৷  আন্তৰ্জাতিক ৰামচাৰ ক্ষেত্ৰ হিচাপে পৰিচিত আৰু দেশৰ পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান পোৱা দীপৰ বিলত চৰাই গণনা কাৰ্যত বন বিভাগৰ বহু বনকৰ্মী, প্ৰকৃতিপ্ৰেমী তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ড॰ আনোৱাৰউদ্দিন চৌধুৰীয়ো উপস্থিত আছিল৷ ইয়াৰ পূৰ্বে ২০২১ চনত চলোৱা চৰাই গণনাত ৬৬ টা বিভিন্ন প্ৰজাতিৰ ১০,২৮৯ টা দেশী-বিদেশী চৰাইৰ উপস্থিতি পোৱা হৈছিল৷ ইফালে দীপৰ বিলৰ সংৰক্ষণ, সংবৰ্ধন আৰু পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নতিকৰণৰ হকে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিদ টেৰণ, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে বিগত দুটা দশকত দীপৰ বিলৰ পানী প্ৰদূষিত হোৱা বাবে চৰাইৰ আগমণ হ্ৰাস পাইছে৷ ২০০২ চনত দীপৰ বিলক ৰামচাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ সময়ত কৰা চৰাই গণনাত ২১৯ বিধ দেশী-বিদেশী চৰাইৰ প্ৰজাতিৰ চৰাই পোৱা গৈছিল৷ চৰাইৰ সংখ্যা বৰ্তমানতকৈ প্ৰায় দুগুণ  আছিল৷ কিন্তু ২০০৫-০৬ চনত দীপৰ বিলৰ গাতে লগা পশ্চিম বৰাগাঁৱত আৰু ২০২১ চনৰ আগষ্ট মাহত বেলৰতলত  গুৱাহাটী পৌৰ নিগমে ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰণৰ নিৰ্দেশ উলংঘা কৰি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা বাবে দীপৰ বিলৰ পানী ভয়াৱহভাৱে প্ৰদীষিত হৈ পৰিছে৷ যাৰ বাবে ২০০২ চনত ২১৯ টা প্ৰজাতিৰ চৰাইৰ উপস্থিতিৰ বিপৰীতে দুটা দশকৰ পাছত ৯৭ টা প্ৰজাতিৰ চৰাইৰ উপস্থিতিৰহে তথ্য পোৱা গৈছে৷
কাজিৰঙাত প্ৰথম তিনি মাহতে ১.৩৮ লাখ পৰ্যটক
বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ এইবাৰ অৰ্থাৎ ২০২২-২৩ পৰ্যটন বৰ্ষত দেশ-বিদেশৰ পৰ্যটকৰ আগমনে এক অভিলেখ সৃষ্টি কৰাৰ দিশে আগুৱাইছে৷ মাত্ৰ তিনিমাহতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে ১ লাখ ৩৮ হাজাৰ ১৯জন দেশী-বিদেশী পৰ্যটকে৷ ইয়াৰে ৩,২২৬জন বিদেশী পৰ্যটক৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ পৰা মুঠ ৩ কোটি ৪৪ লাখ ৬৬ হাজাৰ ৯৩৪ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় বুলি সদৰি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই৷ সঞ্চালকে জানিবলৈ দিয়া মতে, ২০২২ বৰ্ষৰ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা ২৭,১১৫জন দেশী আৰু ২৭৮জন বিদেশী পৰ্যটকৰ পৰা ৫৬,৭০,৩২০ টকাৰ ৰাজহ, নৱেম্বৰ মাহত ৩৯,১৩০জন দেশী আৰু ১৩৪০জন বিদেশী পৰ্যটকৰ পৰা ১,১১,০১,০০২ টকাৰ ৰাজহ তথা ডিচেম্বৰ মাহত ৬৮,৫৪৬জন দেশী আৰু ১৬০৮জন বিদেশী পৰ্যটকৰ পৰা ১৭,৬,৯৬,৬১২ টকাৰ ৰাজহ সংগ্ৰহ কৰে৷  উল্লেখ্য, বিগত বৰ্ষৰ ২৪ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰ্যটনমন্ত্ৰী আদিৰ উপস্থিতিত কাজিৰঙাৰ চিন্তন শিবিৰত অংশগ্ৰহণ কৰিবলৈ অহা সদগুৰুৱে আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ পাছত বিগত বৰ্ষৰ ২ অক্টোবৰত আৰম্ভ কৰা হৈছিল ২০২২-২৩ পৰ্যটন বৰ্ষ৷ আনহাতে, কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত নগাঁও ৱাইল্ড লাইফ ডিভিজনত পৰ্যটকৰ সঁহাৰি লাভ কৰাৰ লগতে ভোমোৰাগুৰিৰ নদী পৰ্যটনত ৩ হাজাৰৰো অধিক পৰ্যটকে নৌকা বিহাৰৰ যোগেদি ডলফিনৰ লুকা-ভাকু উপভোগ কৰিছে৷ উল্লেখ্য, বিগত বৰ্ষত মহামাৰী ক’ভিডৰ বাবে বিশেষকৈ বিদেশী পৰ্যটকৰ আগমন কিছু হ্ৰাস পাইছে যদিও দেশীয় পৰ্যটকৰ আগমন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আনহাতে, সঞ্চালকে জানিবলৈ দিয়া মতে, জাহাজত ব্ৰহ্মপুত্ৰৰ মাজেৰে অহা বিদেশী পৰ্যটকক লৈ আশাবাদী উদ্যান কতৃৰ্পক্ষ৷ ১০ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া ‘গংগা বিলাস’ নামৰ বিশেষ জাহাজখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া শিলঘাট পাবহি ১০ ফেব্ৰুবাৰীত৷ তাত অহা বিদেশী পৰ্যটকক আদৰিবৰ বাবে সাজু হৈছে উদ্যান কতৃৰ্পক্ষ৷ ইফালে বিশ্বনাথ বন সংমণ্ডলৰ অধীনত পানপুৰত কাইলৈৰ পৰা পৰ্যটকে হাতী আৰু জীপ ছাফাৰী কৰাৰ লগতে নাও বিহাৰ কৰাৰ সুবিধা লাভ কৰিব বুলিও মন্তব্য কৰে সঞ্চালকজনে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ নিৰাপত্তা বাবে নিৰাপত্তাৰক্ষী যথেষ্ট নাথকাত বিভিন্ন সময়ত উদ্যান দৰ্শন কৰিবলৈ যোৱা পৰ্যটকৰ বাহনত হাতী, গঁড় আদি বন্যপ্ৰাণীয়ে আক্ৰমণ কৰিবলৈ উদ্যত্ত হয়৷ ফলত পৰ্যটকৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে৷ অলপতে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীপ ছাফাৰী কৰিবলৈ যোৱা এখন পৰ্যটকৰ জীপছী গাড়ী খঙাল গঁড়ে আক্ৰমণো কৰিছিল৷ পৰ্যটকসকলৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে৷ এনেবোৰ সমস্যাৰ বুজ ল’বলৈ ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ কালি কাজিৰঙাত উপস্থিত হৈ উদ্যান কতৃৰ্পক্ষৰ সৈতে আলোচনাত মিলিত হৈছিল৷ উল্লেখ্য, কাজিৰঙাত বৰ্তমান অতি সীমিতসংখ্যক টুৰিষ্ট গাইড আৰু বনকৰ্মীয়ে সেৱা আগবঢ়াই আছে যদিও অতি সোনকালে পৰ্যটকৰ নিৰাপত্তাৰ কথা চিন্তা কৰি উদ্যান কতৃৰ্পক্ষই অতিৰিক্ত ৫০জন গৃহৰক্ষী জোৱানক নিয়োগ কৰিবলৈ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে নিৰ্দেশ দিছে বুলি সাংবাদিকক জানিবলৈ দিয়ে৷