Logo
image

মহানগৰীত বাঘ-হাতীৰ মুক্ত বিচৰণ, ত্ৰস্ত জনতা

আমাৰ অসম, ৭ জানুৱাৰী: ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত হাতী আৰু মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ কেৱল হাতীয়েই নহয় মহানগৰী খনত বাঘৰ মুক্ত বিছৰণে মহানগৰবাসীক আতংকিত কৰি ৰাখিছে৷ শুকুৰবাৰে সন্ধিয়া মহানগৰীৰ ৰাজপথত পুনৰ বন্যহস্তীৰ মুক্ত বিচৰণক লৈ তীব্ৰ আতংকৰ সৃষ্টি হয়৷ আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত সন্ধিয়া এটা প্ৰকাণ্ড বনৰীয়া হাতী সাতগাঁৱৰ ৰাজপথত মুক্ত বিচৰণ কৰে৷ সাতগাঁও বজাৰৰ পৰা পোনে পোনে বনৰীয়া হাতীটো পাথৰকোৱেৰী অভিমুখে গৈ থকাৰ সময়তে স্থানীয় লোকে জুই জ্বলাই, ফটকা ফুটাই হাতীটোক বনাঞ্চললৈ খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও বিফল হয়৷ 

পাছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত হাতীটো প্ৰায় দুঘণ্টা সময় চেষ্টা চলাই নাৰেংগী সেনা শিবিৰৰ মাজেৰে বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়৷ অৱশ্যে বনৰীয়া হাতীটোৱে কোনো লোকৰ বাসগৃহৰ বিশেষ ক্ষয়–ক্ষতি কৰা নাই৷ উল্লেখ্য যে আমচাং অভয়াৰণ্যৰ পৰা প্ৰায়ে বনৰীয়া হাতীৰ জাক ওলাই আহি সাতগাঁও, পাঞ্জাবাৰী, বাঘৰবড়ি নুনমাটি, নাৰেংগী আদি অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছে৷ বনৰীয়া হাতীৰ আক্ৰমণত পূৰ্বে কেইবাজনো লোক আহত হোৱাৰ লগতে আন কেইবাটাও পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি কৰে৷ ইয়াৰ পাছতো বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ইপিনে, মহানগৰীৰ মালিগাঁও কৃষ্ণ নগৰত বুধবাৰে নিশা এটা নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ কৰা হয়৷ নিশা বনাঞ্চলৰ পৰা কৃষ্ণ নগৰত আশুতোষ পাল নামৰ এজন লোকৰ ঘৰত প্ৰৱেশ কৰিছিল নাহৰফুটুকীৰ পোৱালিটোৱে৷ পিচত ঘটনাস্থলীত মালিগাঁও আৰক্ষী উপস্থিত হৈ নাহৰফুটুকীৰ পোৱালিটো উদ্ধাৰ কৰি বন বিভাগৰ লোকক গতাই দিয়ে৷ উল্লেখযোগ্য যে পূৰ্বেও অঞ্চলটোত নাহৰফুটুকীৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে৷