Logo
image

পিঞ্জৰাত আৱদ্ধ জীৱ-জন্তুক শীতৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ ব্যৱস্থা অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ

ডিজিটেল ডেস্ক : ৰাজ্যত প্ৰচণ্ড শীত নামিছে। শীতৰ পৰা ৰক্ষা পৰিবলৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ জীৱ জন্তুৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। প্ৰচণ্ড ঠাণ্ডাৰ পৰা চিৰিয়াখানাৰ জীৱ-জন্তুক ৰক্ষা কৰিবৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাত পিঞ্জৰাই পিঞ্জৰাই হিটাৰ  বহুৱালে কৰ্তৃপক্ষই৷

চিৰিয়াখানা কৰ্তৃপক্ষই জনোৱা অনুসৰি ৰয়েল বেংগল টাইগাৰৰ বাবে ৰুম হিটাৰ, সিংহৰ বাবে ব্ল'ৱাৰ আৰু সৰীসৃপৰ বাবে হাই ভল্টেজ বাল্বৰ ব্যৱস্থা কৰা হৈছে। চাৰিওফালে গছ-গছনিৰে আৱৰা চিৰিয়াখানা চৌহদৰ প্ৰচণ্ড ঠাণ্ডা ৰোধ কৰিবলৈ জীৱ জন্তুৰ কক্ষৰ সন্মুখত স্থাপন কৰা হৈছে হিটাৰ।

অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ অশ্বিনী কুমাৰে কয় যে জন্তুবোৰে তাপমাত্ৰা সামান্য ইফাল-সিফাল হ'লেই সহ্য কৰিব নোৱাৰ। এই জন্তুবোৰ বন্দী জন্তু সেয়ে নিশাৰ সময়ত বেষ্টনীৰ ভিতৰত থাকে। বেষ্টনীৰ ভিতৰত ঠাণ্ডা বেছি হোৱাৰ বাবে জন্তুবোৰ অসুস্থ হোৱাৰ লগতে আন জটিলতাই দেখা দিব পাৰে। সেয়েহে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে মুকলিকৈ থকা বেষ্টনীবোৰ নিশা ঢাকি ৰখা হয়। সৰু চৰাই, সৰীসৃপ আৰু কেনাইনবোৰে অতিকৈ ঠাণ্ডা অনুভৱ কৰে। সাপ আৰু কাছক গৰম কৰি ৰাখিবৰ বাবে হাই-ভল্টেজ বাল্বৰ ব্যৱহাৰ কৰা হৈছে। আনহাতে মাটিত খেৰ ৰখা হৈছে যাতে কাছবোৰে নিজকে জমা কৰিব পাৰে।