Logo
image

অসম গ্ৰন্থমেলাত দিব্য ৰঞ্জন বৰাৰ 'সামগ্ৰী আৰু সেৱা কৰ' (জিএছটি) শীৰ্ষক গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, জানুৱাৰী: গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা 'অসম গ্ৰন্থমেলাত শনিবাৰে কেইবাখনো গ্ৰন্থ উন্মোচন কৰা। গ্ৰন্থমেলাৰ 'সুগন্ধি পখিলা'ৰ বিপনীত শনিবাৰে উন্মোচন কৰা হয় বিশিষ্ট লেখক দিব্য ৰঞ্জন বৰাৰ 'সামগ্ৰী আৰু সেৱা কৰ' (জি এছ টি) শীৰ্ষক গ্ৰন্থ। 

সাংবাদিক মিন্টু শৰ্মাই আঁতধৰা অনুষ্ঠানত বিশিষ্ট কবি বিপুল শৰ্মাই গ্ৰন্থখন উন্মোচন কৰি অসমীয়া ভাষাত এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখি উলিওৱা বাবে লেখকৰ প্ৰশংসা কৰে। লগতে পাঠকে গ্ৰন্থখনৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব বুলি কয়। উন্মোচনী সভাত সমাজকর্মী, ব্যৱসায়ী দেবাশিষ ভট্টাচাৰ্য, সাংবাদিক দীপাংকৰ দেৱশর্মা, কবি, সাংবাদিক দীপক শৰ্মা, কবি-সাংবাদিক ৰঞ্জিত পাটগিৰি, সাংবাদিক অনুপমা ডেকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।