Logo
image

এপ্ৰিলৰ পৰা চৰকাৰী কাৰ্যালয় হ’ব কাগজবিহীন

আমাৰ অসম, ৮ জানুৱাৰী: পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়, সঞ্চালকালয়ে কাগজৰ পৰিৱৰ্তে সম্পূৰ্ণ ১০০ শতাংশ অনলাইন ই-ফাইল ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্যৰ তথ্য প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে এই সন্দৰ্ভত ৰাজ্যৰ সকলো বিভাগৰ আয়ুক্ত সচিব, বিটিচিৰ প্ৰধান সচিব, সকলো বিভাগৰ সঞ্চালক তথা সকলো মুখ্য অভিযন্তালৈ জৰুৰী জাননী জাৰি কৰিছে৷ 
এই জাননীত উল্লেখ কৰা হৈছে যে অহা ৩১ মাৰ্চৰ ভিতৰত ফিজিকেল ফাইলৰ ব্যৱস্থা বিভাগ তথা সঞ্চালকালয় সমূহে সম্পূৰ্ণ ই-ফাইল ব্যৱস্থালৈ সলনি কৰিব লাগিব৷ ইয়াৰ বাবে অহা ১২ জানুৱাৰীৰ ভিতৰত সকলো বিভাগৰ তথা সঞ্চালকালয়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ হ’ব লাগিব৷ সকলো আয়ুক্ত তথা সঞ্চালকালয়ে চৰকাৰী ই মেইল আই ডি আৰু ভি পি এন একাউণ্ট খুলিব লাগিব৷ ১৩ জানুৱাৰীত সকলো বিভাগে এন আই চিৰ সৈতে ই অফিচ একাউণ্ট সংলগ্ন কৰিব লাগিব৷ ২১ জানুৱাৰীৰ ভিতৰত সকলো বিভাগ তথা সঞ্চালকালয়ে অন্ততঃ এটা ই-ফাইল পাইলট প্ৰজেক্ট হিচাপে নিষ্পত্তি কৰিব লাগিব৷ প্ৰতিটো বিভাগৰ আয়ুক্ত তথা সঞ্চালক সকলে নিশ্চিত কৰিব লাগিব যে তেওঁলোকৰ অফিচত এন আই চি নেট সংযোগ-লেন থাকে৷ লক্ষণীয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো চৰকাৰী বিভাগ কাগজমুক্ত কৰি ই-ফাইল বা অনলাইন ব্যৱস্থাৰে সামৰি ল’বলৈ লক্ষ্য লৈছে৷ মুখ্যমন্ত্ৰীৰ সেই স্বপ্নক অহা এপ্ৰিল মাহৰ পৰাই পূৰ্ণতাৰ ৰূপ দিবলৈ উঠিপৰি লাগিছে ৰাজ্যৰ তথ্য প্ৰযুক্তি বিভাগ৷